নৈশ ভ্ৰমণ কৰিলে বাইহাটা চাৰিআলিত ভুলতো নৰ’ব
বাইহাটা চাৰিআলিত নিশা ৰৈ থাকে এদল ডকাইত৷ যি বাছৰ পৰা চুৰি কৰিছিল যাত্ৰীৰ সামগ্ৰী৷ এতিয়া সেইসকলে গাড়ী ৰখায়ো তাণ্ডৱৰ সৃষ্টি কৰিছে৷ নিজা গাড়ীৰে নিশা যাত্ৰা কৰা লোকসকল বাইহাটাৰ ডকাইতৰ লক্ষ্য হৈ পৰিছে৷ ঘাইপথতে অস্ত্ৰ লৈ ৰৈ থকা ডকাইত বাইহাটাৰে যুৱক বুলি আমি খবৰ লাভ কৰিছোঁ৷ যি সদায় লুট কৰিছে যাত্ৰীক৷
ডকাইতৰ দলটোৰ লক্ষ্য হৈছে নামনি অসমৰ পৰা উজনিমুখী বাছ৷ সন্মুখত ৰৈ বাছ ৰাখিবলৈ বাধ্য কৰায় ডকাইতে ধনদাবী কৰে৷ পিষ্টল দেখুৱাই কণ্ডাক্টৰৰ পৰা কাঢ়ি লয় পইচা৷
যোৱা কিছুদিনত ডকাইতিৰ ধৰণ সলনি হৈছে৷ ডকাইতি গেংটোৱে লক্ষ্য কৰি লৈছে ব্যক্তিগত বাহনৰ যাত্ৰীক৷ বাইহাটা চাৰিআলিৰ প্ৰায় কেন্দ্ৰস্থলতে হাতে হাতে দা-কুঠাৰ, তৰোৱাল আৰু বন্দুক লৈ ৰৈ থকা যুৱকৰ দলে সৰু গাড়ী ৰখাই মোবাইলৰ পৰা ধনপৰ্যন্ত সকলো কাঢ়ি লৈছে৷ ডকাইতি হৈ পৰিছে বাইহাটা চাৰিআলিৰ প্ৰতিনিশাৰ ঘটনা৷
ৰহস্যজনকভাৱে এই ঘটনাৰ স্থানৰ পৰা থানালৈয়ো বেছিদূৰ নহয়৷ তথাপি ডকাইতৰ দলটোৱে নিশা পথতে লুট-পাট চলাবলৈ সাহস কৰিছে৷ আমি কৌশলেৰে কেমেৰাত বন্দী কৰিছোঁ বাইহাটাৰ ডকাইতিৰ দৃশ্য৷ ডকাইতৰ কথোপকথনে আটাইকেইটা দুৰ্বৃত্ত যে বাইহাটা চাৰিআলিৰে সেয়াও প্ৰমাণিত কৰিছে৷
নিশা ধন নিদিয়া যাত্ৰীক মূৰ ফালি দিছে বাইহাটাৰ অসমীয়া ডকাইতে৷ এই দলটোক ধৰিবলৈ একো চেষ্টাই কৰা নাই আৰক্ষীয়ে৷ গুৱাহাটীৰ পৰা নাতিদূৰৰ স্থানত দিনটো আৰক্ষী উপস্থিত থাকে৷ কিন্তু বাছ ডকাইতি ৰোধ কৰিবলৈ ৰাতি কোনো সেই স্থানত নাথাকে৷ গতিকে আকৌ অসমত ঘটিবলৈ লৈছে বাছ ডকাইতি৷ বাইহাটাত কোনোবা যাত্ৰীয়েও শীঘ্ৰে প্ৰাণ হেৰুৱাব সেয়াও খাটাং৷
অসমীয়া ডকাইতে সদায় ৰখাইছে গাড়ী
