লাইভ টিভিতে কান্দিলে সাংবাদিকে

আইজনী শুনাচোন, এইফালে চোৱা
নাৰীকণ্ঠ শুনি প্ৰথমে অবাক হৈ পৰিছিল সাংবাদিকগৰাকী৷ তেওঁ বানৰ ফিল্ড ৰিপ’ৰ্টিং কৰাত ব্যস্ত হৈ আছিল৷ ম্যানমাৰত হোৱা প্ৰলয়ংকৰী বানৰ বিষয়ে টিভি চেনেলৰ দৰ্শকক জনাই আছিল সাংবাদিকে৷
পিছে বানে বুৰাই পেলোৱা ঘৰৰ ভিতৰৰ পৰা এগৰাকী মহিলাই সাংবাদিকক মাতিলে৷ উভতি চায়েই কিন্তু হতবাক হৈ পৰিল সাংবাদিক৷ কাৰণ বিধ্বস্ত ঘৰৰ পৰা এগৰাকী মহিলাই উলিয়াই আনিছিল কেইটামান কল৷ কাৰণ তেওঁলোকৰ ঘৰলৈ আলহী আহিছে৷ সেয়ে নিজে খাবলৈ একো নাথাকিলেও আলহীক খুৱাবই লাগিব৷
বানে বুৰাই পেলোৱা ঘৰত সাঁচি থোৱা যৎকিঞ্চিৎ সম্পত্তি মহিলাগৰাকীয়ে ইতিমধ্যে হেৰুৱাইছে৷ কিন্তু বিপৰ্যয়ৰ সময়তো পাহৰি যোৱা নাই অতিথি সৎকাৰৰ কথা৷ ঘৰলৈ অহা আলহীক একো নুখুৱাকৈ ঘূৰাই পঠিওৱাটো তেওঁলোকৰ নিয়ম নহয়৷ সেয়ে বিপদৰ সময়ত ঘৰত থকা কলকেইটাকে সাংবাদিকক যাচিছে মহিলাগৰাকীয়ে৷ এই দৃশ্য দেখি কিন্তু ৰিপ’ৰ্টাৰগৰাকী ৰৈ থাকিব নোৱাৰিলে৷
বানৰ বিষয়ে চেনেলৰ দৰ্শকক জনাই থকা মাজতে আৱেগিক হৈ পৰিল সাংবাদিক৷ এগৰাকী বান বিধ্বস্ত মহিলাৰ উদাৰতাই তেওঁক আৱেগিক কৰি তুলিলে৷ সৰ্বস্ব হেৰুৱায়ো আলহীক কল যাচি মহিলাগৰাকীয়ে যি মহানতা প্ৰদৰ্শন কৰিলে সেই কথাটোৱে দৰ্শককো আপ্লুত কৰিলে৷
বাৰ্মিজ মহিলাগৰাকীৰ মতে আলহীক একো নিদিয়াকৈ যাবলৈ দিয়াটো কুসংস্কাৰ৷ সেয়ে তেওঁৰ ঘৰত বানৰ ৰিপ’ৰ্টিং কৰা অচিনাকী যুৱতীক মহিলাগৰাকীয়ে দিছে কল৷ নিজে খাবলৈয়েই তেওঁৰ একোৱেই নাই৷ ঘৰত শেষ সম্বল হিচাপে আছে সামান্য কলকেইটা৷
সেয়াও নিজে নাখাই আনক দিছে মহিলাগৰাকীয়ে৷ এই উদাৰতাৰ উমান পাই লাভ টিভিতে হুকহুকাই কান্দিলে সাংবাদিকে৷ এগৰাকী সাধাৰণ মহিলাই তেওঁক শিকালে মানৱতাৰ অৰ্থ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial