ভাৰত চৰকাৰে শুনা নাছিল ট্ৰাম্পৰ অনুৰোধ

ড’নাল্ড ড’নাল্ড ট্ৰাম্পে গোকাট মিছা কথা কৈছে৷ যুদ্ধবিৰতিত তেওঁৰ ভূমিকা শূন্য৷ অপাৰেশ্যন সিন্দূৰত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে একো দায়িত্বই পালন কৰা নাছিল৷ ভাৰত চৰকাৰেও ট্ৰাম্পক মধ্যস্থতাৰ বাবে অনুৰোধ কৰা নাছিল৷ সাংসদসকলক এই কথা জনাই দিছে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে৷
পৰমাণু অস্ত্ৰ নিক্ষেপ কৰাৰ ভাবুকিৰেও যে পাকিস্তানে তৎপৰতা প্ৰদৰ্শন কৰা নাছিল সেয়াও তেওঁ সদৰী কৰিছে৷ বৰ্হি পৰিক্ৰমা বিষয়ক সংসদীয় কমিটীৰ সৈতে অনুষ্ঠিত বৈঠকত বিদেশ সচিবে অপাৰেশ্যন সিন্দূৰৰ পৰিক্ৰমাৰ বিষয়ে তন্ন তন্নকৈ বৰ্ণনা কৰে৷
তেওঁ কৰা ব্যাখ্যা অনুযায়ী আকস্মিক যুদ্ধবিৰতিৰ কাৰণ কোনো পাৰমাণৱিক ভাবুকি নাছিল৷ ছ’চিয়েল মিডিয়াৰ গুজব বাস্তৱ নহয় বুলি বিদেশ সচিব মিশ্ৰীয়ে প্ৰকাশ কৰিছে৷ কংগ্ৰেছী শশী থাৰুৰৰ নেতৃত্বাধীন সংসদীয় কমিটীৰ সভাত তেওঁ কয় যে দুয়োখন দেশ পৰম্পৰাগত অস্ত্ৰৰ জৰিয়তেই যুদ্ধত লিপ্ত হৈছিল৷
এই যুদ্ধত পৰমাণু অস্ত্ৰ ব্যৱহাৰৰ কোনো আশংকা নাছিল৷ আছাদুদ্দিন অৱেইছি, দীপেন্দৰ হুদাকে ধৰি সংসদীয় কমিটীৰ সদস্যসকলৰ সন্মুখত বিক্ৰম মিশ্ৰীয়ে ব্যাখ্যা কৰে যে যুদ্ধবিৰতিত ড’নাল্ড ট্ৰাম্পে কোনো ভূমিকা পালন কৰা নাছিল৷ ভাৰত হঠাতে যুদ্ধ সমাপ্ত কৰিবলৈয়ো আগ্ৰহী নাছিল৷
আনহাতে মৌনম সন্মতি লক্ষণম বুলি অভিহিত কৰিছে ৰাহুল গান্ধীয়ে! সেয়ে বিদেশ মন্ত্ৰীৰ নীৰৱতাক সন্মতিৰ আভাস বুলি গণ্য কৰিছে ৰাহুল গান্ধীয়ে৷ আক্ৰমণৰ পূৰ্বে পাকিস্তানক তথ্য প্ৰদান কৰাটো সত্য বুলি নিশ্চিত হৈছে কংগ্ৰেছ নেতাজন৷ এছ জয়শংকৰক পাকেপ্ৰকাৰে বিশ্বাসঘাতক হিচাপে অভিহিত কৰিবলৈ তৎপৰ ৰাহুলে আকৌ উত্থাপন কৰিছে একেটা প্ৰসংগ৷
তেওঁ কয় যে অপাৰেশ্যন সিন্দূৰৰ পূৰ্বে বিদেশ মন্ত্ৰীয়ে পাকিস্তানক ভাৰতৰ আক্ৰমণৰ বিষয়ে খবৰ দিয়াটো ধ্ৰুৱসত্য৷ যাৰ বাবে পাকিস্তানীয়ে প্ৰত্যাক্ৰমণৰ সুবিধা লাভ কৰিলে৷ পৰিপ্ৰেক্ষিতত ভাৰতে হেৰুৱালে ৰাফেল৷
জয়শংকৰে ভুলৰ পৰিৱৰ্তে অপৰাধ কৰিছে বুলি অভিহিত কৰি তেওঁ দেশৰ ক্ষতিৰ বিষয়ে জনাবলৈয়ো দাবী তুলিছে৷ ভাৰতীয় বায়ুসেনাৰ কেইখন যুদ্ধবিমান ধ্বংস হৈছে সেয়া প্ৰকাশ কৰিবলৈ পুনৰ আহ্বান জনাইছে ৰাহুলে৷ অন্যহাতে গোলকীয় মঞ্চত পাকিস্তানৰ ভণ্ডামী প্ৰচাৰৰ বাবে গঠন কৰা সৰ্বদলীয় প্ৰতিনিধিক লৈ বিতৰ্ক শেষ হোৱা নাই৷
বৰ্তমান শিৱসেনা-ইউ বি টিৰ নেতা সঞ্জয় ৰাউটে এই কাৰ্যক্ৰম বৰ্জনৰ বাবে বিৰোধী পক্ষক আহ্বান জনাইছিল৷ কিন্তু গোলকীয় মঞ্চতো স্থানীয় ৰাজনীতি নকৰিবলৈ ৰাউটক সকীয়াই দিছে মিত্ৰ শাৰদ পাৱাৰে৷ পিছে তৃণমূল কংগ্ৰেছৰ ইউছুফ পাঠানে সতীৰ্থ সাংসদৰ সৈতে বিদেশ ভ্ৰমণ নকৰাৰ বাবে লৈছে সিদ্ধান্ত৷
ইতিমধ্যে দলটোৰ সুদীপ বন্দোপাধ্যায়ে স্বাস্থ্যজনিত কাৰণত চৰকাৰৰ প্ৰস্তাৱ খাৰিজ কৰিছিল৷ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে আকৌ দলৰ অনুমতি নোলোৱাৰ বাবে ভ্ৰমণ নকৰে বুলি সদৰী কৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial