পাকিস্তানী দূতাৱাসেই হৈছে চোৰাংচোৱাগিৰিৰ কেন্দ্ৰস্থল৷ তাৰ পৰাই আই এছ আয়ে ভাৰতত গুপ্তচৰ নিয়োগ কৰিছে৷ এই সত্য প্ৰমাণিত হোৱাৰ পিছতে ততালিকে দূতাৱাসৰ পৰা আন এজন পাকিস্তানী বিষয়াক উভতিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ বিশেষ বিষয়াজনক পাৰ্ছনা নন গ্ৰাটা অৰ্থাৎ অবৈধ হিচাপে কৰা হৈছে ঘোষণা৷
২৪ ঘণ্টা পিছত দিল্লীস্থিত দূতাৱাসত তেওঁৰ উপস্থিতি অনৈতিক হিচাপে গণ্য কৰা হ’ব৷ তেওঁক এই সময়ছোৱাৰ ভিতৰতে প্ৰত্যাৱৰ্তন কৰিবলৈ বিদেশ বিভাগে নিৰ্দেশ দিছে৷ বৰ্হি পৰিক্ৰমা দপ্তৰে ততালিকে প্ৰকাশ কৰা মতে পাকিস্তানী কনছুলেটৰ বিশেষ বিষয়াজন চোৰাংচোৱাগিৰিৰ সৈতে জড়িত৷ সেয়ে তেওঁ শীঘ্ৰে উভতি যাব লাগিব৷
১৩ মে’ত বিদেশ বিভাগে একেদৰে ডেনিছ ওৰফে এহছান উৰ-ৰহমান নামৰ বিষয়াজনক দিল্লীস্থিত দূতাৱাসৰ পৰা খেদি দিছিল৷ সেইজন লোকেই জ্যোতি মালহোট্ৰা নামৰ ইউটিউবাৰক আই এছ আইৰ এজেণ্ট হিচাপে নিয়োগ কৰাটো সম্প্ৰতি প্ৰমাণিত হৈছে৷ কূটনৈতিক কাৰণত ভাৰতে দূতাৱাসৰ বিষয়াক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো শত্ৰু দেশখনৰ বাবে হৈ পৰিছে সুবিধাজনক৷ এইটো কাৰণতে আই এছ আয়ে দূতাৱাসৰ পৰা চলাইছে গুপ্তচৰগিৰি৷
আনহাতে বৰ্তমান প্ৰকাশিত হৈছে বহু বিস্ফোৰক তথ্য৷ সেই অনুসৰি পহলগামৰ নৰমেধৰ দুদিন পিছতে অৰ্থাৎ দিল্লীত থকা পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়লৈ এজন ব্যক্তিয়ে নিছিল এটা কেক৷ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা দেশত সংঘটিত জঘন্য কাণ্ডৰ পিছত উৎসৱ উদযাপন কৰা হৈছিল৷ হাতত কেকটো লৈ যোৱা লোকজনক সেয়ে খেদি খেদি সাংবাদিকে সুধিছিল- ২৮ জনকৈ মানুহ পহলগামত মাৰিলে, আপোনাৰ দুখ লগা নাইনে? লোকজনে কিন্তু উত্তৰ নিদিলে৷
সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদি কেৱল কাৰ্যালয়ৰ ফালে বেগাই খোজ ল’লে৷ পহলগামৰ হিন্দু হত্যাক সাফল্য হিচাপে গণ্য কৰি আনন্দ উদযাপন কৰা লোকজন আছিল পাকিস্তানী উচ্চায়ুক্তৰ কৰ্মচাৰী। নাম ডেনিছ ওৰফে এহছান উৰ ৰহিম। এই ডেনিছৰ সৈতেই ঘনিষ্ঠ সম্পৰ্ক আছিল ভাৰতত থাকি পাকিস্তানৰ চোৰাংচোৱা হিচাপে কাম কৰি থকা হাৰিয়ানাৰ ইউটিউবাৰ তথা ট্ৰেভেল ভ্লগাৰ জ্যোতি মালহোট্ৰা। বহু ভিডিঅ’ত ডেনিছৰ সৈতে একেলগে দেখা গৈছে জ্যোতিক।
২০২৩ চনৰ নৱেম্বৰত পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়লৈ যোৱাৰ সময়তে ডেনিছৰ সৈতে পৰিচয় হৈছিল জ্যোতিৰ। জ্যোতিৰ ঘৰত উদ্ধাৰ হৈছে এখন ডায়েৰীত থকা কেইটামান ৰহস্যময় পৃষ্ঠা। এই পৃষ্ঠাৰ পৰা তদন্তকাৰী সংস্থাই উদ্ধাৰ কৰিছে সংকেতিক চিহ্ন। যিবোৰ জ্যোতিয়ে ব্যৱহাৰ কৰিছিল তেওঁক নিয়ন্ত্ৰণ কৰি থকা পাকিস্তানী বিষয়াসকলৰ সৈতে। ডেনিছৰ সৈতে ২০২৩ চনৰ নৱেম্বৰৰ পৰা মাৰ্চলৈ জ্যোতিৰ আছিল সঘন যোগাযোগ। সেই তথ্য জ্যোতিৰ ডায়েৰীৰ পৃষ্ঠাৰ পৰাই উদ্ধাৰ হৈছে। আনকি খোদ জ্যোতিয়েই তদন্তকাৰী বিষয়াৰ ওচৰত ডেনিছৰ সৈতে তেওঁৰ সঘন যোগাযোগ থকাৰ কথা স্বীকাৰ কৰিছে। জ্যোতিৰ বিৰুদ্ধে উদ্ধাৰ হোৱা আন এক বিশেষ তথ্য হৈছে পেহেলগামত সংঘটিত ঘটনাৰ পূৰ্বে তেওঁ নিৰ্দিষ্ট ঠাইলৈ গৈছিল৷
পেহেলগামৰ পৰ্যটন স্থানৰ পৰিৱেশবোৰৰ সন্দৰ্ভত পাকিস্তানক তথ্য যোগান ধৰিছিল জ্যোতিয়ে। বহু ইউটিউবাৰৰ সৈতেও জ্যোতিয়ে সঘন যোগাযোগ ৰখাৰ তথ্য পোহৰলৈ অহাৰ লগতে কেবাটাও বেংক একাউণ্টৰ জৰিয়তে ধন লেনদেনৰ তথ্যও পোহৰলৈ আহিছে। ট্ৰেভেল ব্লগাৰ হিচাপে বিদেশৰ বহু ঠাইলৈ গৈছিল জ্যোতি। বাংলাদেশ, ডুবাই, থাইলেণ্ড, চীন, ভূটান, নেপালৰ উপৰি ১০ দিনীয়া ভ্ৰমণসূচীৰে জ্যোতি গৈছিল পাকিস্তানলৈও। ডায়েৰীত মুঠ ১১ টা পৃষ্ঠাত উল্লেখ আছে তেওঁৰ ১০ দিনীয়া পাকিস্তান ভ্ৰমণৰ কথা। ইয়ৰে ৮ টা পৃষ্ঠাত ইংৰাজীত লিখা আছে পাকিস্তান ভ্ৰমণৰ সাধাৰণ কথাবোৰ।
কিন্তু বাকী ৩ টা পৃষ্ঠাত হিন্দীত লিখা আছে পাকিস্তান সম্পৰ্কীয় কিছু বিতৰ্কিত তথ্য। ২২ এপ্ৰিলত পহলগামত সংঘটিত নাৰকীয় কাণ্ডৰ পূৰ্বে দেশৰ তিনি স্থানলৈ গৈছিল জ্যোতি। ঘটনাৰ তিনিমাহ পূৰ্বে জ্যোতি প্ৰথমে গৈছিল জম্মু-কাশ্মীৰলৈ। চাৰিটা স্থানলৈ গৈছিল জ্যোতি। গুলমাগ, সোণামাৰ্গ আৰু পহলগাম পৰিভ্ৰমণ কৰিছিল জ্যোতিয়ে। তাৰ পিছত জ্যোতি গৈছিল কেৰালালৈ। কেৰালাৰ পিছতেই জ্যোতি গৈছিল মহা কুম্ভমেলালৈ। কিন্তু জ্যোতিৰ কেৰালা ভ্ৰমণক কেন্দ্ৰ কৰি আচৰিত হৈ পৰিছে তদন্তকাৰী সংস্থা। সাধাৰণতে পৰ্যটকসকলে কেৰালালৈ গ’লে কোচি বা তিৰুৱনন্তপুৰমলৈ যায়।
কিন্তু জ্যোতি গৈছিল কন্নুৰলৈ। আশ্বৰ্যজনকভাবে নিজৰ ভ্লগত জ্যোতিয়ে কন্নুৰৰ সলনি কোচি বুলি উল্লেখ কৰিছিল। প্ৰকৃততে জ্যোতি যি স্থানলৈ গৈছিল তাৰ পৰা ভাৰতীয় নৌ সেনাৰ ঘাটিলৈ বেছি দূৰত্ব নহয়। সেয়ে ঘটনাটোৱে তাৎপৰ্য বহন কৰিছে। বৰ্তমান জ্যোতিকে ধৰি এতিয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাকিস্তানৰ চোৰাংচোৱা হিচাপে কাম কৰি থকা ১২ জনক গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ মৰ্মে জ্যোতি এতিয়ালৈ তিনিবাৰ পাকিস্তান গৈছিল।
২০২৩ চনত প্ৰথমবাৰ যাওঁতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম নৱাজৰ সাক্ষাৎকাৰ লৈছিল। দ্বিতীয়বাৰ জ্যোতি পাকিস্তানলৈ গৈছিল পাকিস্তান উচ্চায়ুক্তৰ দ্বাৰা আয়োজিত এক ইফতাৰ পাৰ্টিত অংশ ল’বলৈ। এইবছৰৰ মাৰ্চ মাহত পাকিস্তানলৈ গৈছিল জ্যোতি। এই যাত্ৰাতেই আই এছ আইৰ বিষয়াৰ সৈতে সাক্ষাৎ হৈছিল জ্যোতিৰ।
হোৱাটছএপতো জ্যোতিয়ে প্ৰায়ে আই এছ আইৰ হেণ্ডলাৰ আলি হাছানৰ সৈতে কথা পাতিছিল৷ তেতিয়া পাকিস্তানতে তেওঁৰ বাবে দৰা চাবলৈ আলিক অনুৰোধ কৰিছিল জ্যোতিয়ে৷ পাকিস্তানৰ প্ৰতি থকা আৱেগৰ কথা প্ৰায়ে তেওঁ বৰ্ণনা কৰিছিল৷ যুদ্ধৰ প্ৰস্তুতিৰে দেশত হোৱা ব্লেক আউট আৰু অনুশীলনৰ তথ্যও পাকিস্তানক দিছিল জ্যোতিয়ে৷ সমগ্ৰ দেশে যুদ্ধাভ্যাস কৰাৰ সময়ত পাকিস্তানৰ স্পাই হিচাপে তেওঁ কাম কৰি আছিল৷
অন্যহাতে য’তে ত’তে ভাৰতৰ ভূত দেখিবলৈ লৈছে পাকিস্তানে৷ বেলুচ লিবাৰেশ্যন আৰ্মীয়ে সংঘটিত কৰা কূটাঘাতৰ বাবেও দেশখনে ভাৰতক জগৰীয়া কৰিছে৷ আজি বেলুচিস্তানৰ খুজদাৰ এলেকাত সংগঠনটোৱে বোমাৰে উৰুৱাই দিছে স্কুলবাছ৷ য’ত চাৰি শিশু আৰু দুজন লোকে প্ৰাণ হেৰুৱাইছে৷ কিন্তু পাকিস্তানৰ অভিযোগ তাৎক্ষণিকভাৱে মিছা বুলি অভিহিত কৰিছে ভাৰতীয় বিদেশ দপ্তৰে৷
বৰ্হি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি এই দাবী ভিত্তিহীন বুলি প্ৰকাশ কৰিছে৷ তেওঁ কয় যে মিথ্যাচাৰৰে ভাৰতৰ প্ৰতি আঙুলি টোঁওৱাটো পাকিস্তানৰ অভ্যাসৰ দৰে৷ অভ্যন্তৰীণ বিষয়ত আনক জগৰীয়া কৰি পাকিস্তানে দায় সাৰিবলৈ বিচাৰে৷ আনহাতে আজি স্থিতি সলনি কৰিছে তালিবান চৰকাৰে৷ আফগানিস্তানৰ বিদেশ মন্ত্ৰী হঠাতে পাকিস্তান আৰু চীনৰ সৈতে আলোচনাত মিলিত হৈছে৷
বেইজিঙত তিনিওখন দেশৰ বিদেশ মন্ত্ৰী ক্ৰমে ৱাং য়ি, মহম্মদ ইছাক ডাৰ আফগানিস্তানৰ বৰ্হি পৰিক্ৰমা মন্ত্ৰী আমীৰ খান মুত্তাকিৰ সৈতে মিলিত হৈছে৷ তেওঁলোকে একত্ৰিতভাৱে কাম কৰিবলৈ গ্ৰহণ কৰিছে প্ৰস্তাৱ৷ ত্ৰিদেশীয় আলোচনাৰ সময়ত প্ৰধানত বেল্ট এণ্ড ব্লক পদক্ষেপ আৰু চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰৰ বিষয়ে আলোচনাৰ কথা জানিব পৰা গৈছে৷ অৰ্থাৎ এই দুয়োটা প্ৰকল্পত চীন-পাকিস্তানক সহায়ৰ প্ৰতিশ্ৰুতি দিছে আফগানিস্তানে৷ বিগত সময়ত কিন্তু আফগানিস্তানৰ তালিবান চৰকাৰৰ একেজন মন্ত্ৰীয়েই ভাৰতৰ সৈতে মিত্ৰতাৰ সংকেত দিছিল৷ তেওঁৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপো কৰিছিল বিদেশ মন্ত্ৰী এছ জয়শংকৰে৷
পৰিস্থিতিৰ বিষয়ে অৱগত হৈ বিদেশত উপস্থিত হ’ল দেশৰ দুটা সৰ্বদলীয় প্ৰতিনিধি দল৷ দলীয় ৰাজনীতিৰ বাদানুবাদ চলি থাকোতেই সঞ্জয় ঝা নেতৃত্বাধীন দলটো জাপানত উপস্থিত হ’ল৷ শ্ৰীকান্ত সিন্দেৰ নেতৃত্বত আন এটা দলে সংযুক্ত আৰব আমীৰশ্বাহী পালেগৈ৷ ইয়াৰে এটা দলত আছে ধেমাজিৰ সাংসদ প্ৰদান বৰুৱা৷
দেশত প্ৰসংগটোক লৈ বিচাৰ-বিশ্লেষণ চলি আছে যদিও তেওঁলোকৰ কান্ধত চৰকাৰে দিছে গধুৰ দায়িত্ব৷ নিশা ন বজাত যাত্ৰাৰম্ভ কৰা সাংসদসকলে আন্ত:ৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্বৃত্তায়নৰ বিষয়ে প্ৰচাৰ কৰিব লাগিব৷ বিশ্ব সমুদায়ক ফাঁকি দি পাকিস্তানে কেনেদৰে সন্ত্ৰাসবাদক প্ৰতিপালন কৰিছে সেই বিষয়ে সবল বক্তব্য উপস্থাপন কৰিব লাগিব ভাৰতীয় প্ৰতিনিধিয়ে৷
সেয়ে যাত্ৰাৰ পূৰ্বে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে সাংসদসকলৰ ওচৰত সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিশ্লেষণ কৰিলে৷ অপাৰেশ্যন সিন্দূৰৰ আৰম্ভণিৰ পৰা পহলগামৰ নৰমেধলৈ সকলো বিষয়ে তেওঁ পুনৰাই কৰিলে ব্যাখ্যা৷ তদানুসৰি ভাৰতীয় প্ৰতিনিধিসকলে পাকিস্তানৰ দ্বিচাৰিতা আৰু অনৈতিক কাৰ্যাৱলীৰ বিষয়ে বিদেশত প্ৰচাৰ কৰিব৷
সেই দেশৰ ৰাষ্ট্ৰীয় নেতৃত্বক সৈমান কৰিবলৈ চেষ্টা কৰিব ভাৰতীয় প্ৰতিনিধিয়ে৷ সীমাৰ সিপাৰৰ পোহনীয় সন্ত্ৰাসবাদীয়ে যে ভাৰতৰ উপৰি সমগ্ৰ বিশ্বৰে হানি কৰিছে সেয়া প্ৰমাণিত কৰাৰো দায়িত্ব দিয়া হৈছে প্ৰতিনিধি দলটোক৷ তদুপৰি পাকিস্তানৰ প্ৰসংগত দেশৰ ৰাজনৈতিক আৰু সামাজিক ঐক্যৰ তেওঁলোকে আলোকপাত কৰিব৷ এতেকে এই কাৰ্যসূচী কূটনৈতিক পৰিক্ৰমাৰ দিশৰ পৰা হৈ পৰিছে লক্ষণীয়৷
পহলগামৰ নৰমেধৰ পিছত কেক কাটি উৎসৱ পালন
