নিমাতী-মাজুলী দলঙৰ নিৰ্মাণৰ কাম নমাহে বন্ধ হৈ আছে৷ ফলত ছেগ বুজি অসাধু লোকে চলাই আহিছে দুষ্কাৰ্য৷ দলংখনৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ মাজৰ খুঁটাৰ লোহা চোৰে কাটি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছিল ৰাইজে৷
কেইবাটাও খুঁটাৰ ওলাই থকা ৰড গুৰিতে কাটি নিয়া স্পষ্ট হৈ আছিল৷ পুনৰ আজি দুই-এদিনত ব্ৰহ্মপুত্ৰৰ মাজৰ খুঁটাৰ লোহ চোৰে কটাৰ সন্দেহ প্ৰকাশ কৰিছে৷ অফলামুখ নিমাতীৰ মাজত চলাচল কৰা ফেৰী যাত্ৰীয়ে কেমেৰাত বন্দী কৰিছে দলঙৰ খুঁটাৰ কাষত হাত নাও লৈ ঘূৰি থকা ব্যক্তিৰ সমগ্ৰ দৃশ্য৷
এই লৈ এতিয়া সামাজিক মাধ্যমত তুমুল চৰ্চা চলিছে৷ কিয়নো পূৰ্বতে খুঁটাৰ ৰড কাটি চুৰি কৰি নিয়াৰ ঘটনা পোহৰলৈ আহিছিল৷ পুনৰ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি খুঁটাৰ কাষত সন্দেহজনক লোকৰ বিচৰণে মাজুলীত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷
এই অৰ্ধনিৰ্মিত খুঁটাসমূহ চোৱা-চিতা কৰিবৰ বাবে পহৰাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে৷ উল্লেখ্য যে ২০২৪ৰ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ থকা দলংখনৰ পুনৰ নিবিদা প্ৰকাশ কৰা হ’ব বুলি বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকাৰ পিছতো মাহৰ পিছত মাহ বাগৰিল কিন্তু এই নমাহেও পুনৰ নিবিদা দিব নোৱাৰিলে দলংখনৰ৷
দলং নিৰ্মাণকাৰী মূল ঠিকাদাৰী সংস্থা লক্ষ্ণৌৰ ইউপি ষ্টেট ব্ৰীজ ক’ৰ্পৰেশ্যনক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু বিভাগৰ মাজত আলোচনা অনুসৰি দলঙৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল৷ অব্যাহতি দিয়া আজি পাঁচটা মাহ পাৰ হৈ যোৱাৰ পিছতো ওলমি ৰৈছে দলঙৰ নিৰ্মাণৰ কাম৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখনৰ পুনৰ নিবিদা কাম জানুৱাৰীত আৰম্ভ হ’ব আৰু এপ্ৰিল মাহৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছিল৷
কিন্তু জানুৱাৰী মাহ পাৰ হৈ এতিয়া মে’ মাহ চলি আছে নাই কোনো নিবিদা যাক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মাজুলীত৷ যোৱা লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ঘোষণা কৰিছিল ২০২৬ চনত যোৰহাট-মাজুলী সংযোগী দলঙৰ ওপৰেৰে আহি ধুনাগুৰি হৈ লখিমপুৰ যাব কিন্তু ২০২৬ লৈ মাজত সাতটা মাহ বাকী৷ মাজুলীত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জানিবলৈ দিছে ২০২৬ চনলৈ মাজত মাথোঁ সাতমাহ বাকী আছে আজিও নোলাল মাজুলী-যোৰহাট সংযোগী দলঙৰ পুনৰ নিৰ্মাণৰ নিবিদা, তেনেস্থলত মুখ্যমন্ত্ৰীয়ে মাজুলীবাসীক দিয়া প্ৰতিশ্ৰুতি অসাৰ হৈছে৷
দলং নালাগে নেকি মাজুলীৰ জনতাক
