জে’লতো ওস্তাদি কমা নাই ইছমাইলৰ

চুমি বৰাহে ওলাল
ইছমাইল হোছেইন জে’লতে আছে
মহিলাসকলক পতিতা বুলিয়েই ভবা ইছমাইল ওলাবই পৰা নাই৷ ৰঙা টুপী পিন্ধি জে’ললৈ যোৱা ইছমাইলে জে’লত কৰিছে অদ্ভুত আচৰণ৷ কোনোবা সময়ত জেইলাৰক কাগজ বিচাৰিছে, কিন্তু কেতিয়ালৈ ওলাব পাৰিব বুলি সুধি সুধি অতিষ্ঠ কৰিছে ইছমাইলে৷
অসমীয়া মহিলাক পতিতালয়ৰ কৰ্মী বুলি ঠাট্টা কৰা ইছমাইলৰ অৱশ্যে জে’লত থকাৰ অভ্যাস আছে৷ ১৪ বছৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে উঠিছিল ছাত্ৰীক আতিশয্যৰ অভিযোগ৷ তেতিয়া এতিয়াৰ দৰে চেলিব্ৰিটী নাছিল ইছমাইল হোছেইন৷ বৰ্তমান অৱশ্যে নিজকে অসমীয়া সমাজ জীৱনৰ পুৰোধা বুলি ইছমাইলে গণ্য কৰে, শংকৰী সংস্কৃতিৰ সাধক বুলিও ভাবে ইছমাইল হোছেইনে৷
সেয়ে এইবাৰৰ জে’ল যাত্ৰা সহজে মানি ল’ব পৰা নাই ইছমাইল হোছেইনে৷ তেওঁ নিলিখাকৈ থাকিব নোৱাৰে বুলি জনাই দিছে জে’ল কৰ্তৃপক্ষক৷ সেয়ে বিচাৰিছে বগা কাগজ আৰু কলম৷ মানসিকভাৱে অস্থিৰ হৈ পৰিলেও অৱশ্যে ইছমাইলে সময়মতে নামাজ আদায় কৰি আছে৷
তেওঁক খাদ্যও খুৱাব পৰা নাই জে’ল কৰ্তৃপক্ষই৷ ইছমাইলে জে’লৰ ভাত খাবলৈ অস্বীকাৰ কৰিছে৷ তেওঁ সতীৰ্থ কাৰাবন্দীকো জনাই দিছে
মই সাধাৰণ মানুহ নহয়
মই বিখ্যাত লেখক
বৰ্তমান ঘৰৰ পৰাও ইছমাইললৈ গৈছে খাদ্য৷ তেওঁৰ বাবে কিন্তু আকৌ ৰৈ আছে বিপদ৷ কাৰণ ইছমাইলৰ বিৰুদ্ধে আকৌ কেবাটাও গোচৰ তৰিবলৈ চলোৱা হৈছে প্ৰস্তুতি৷ পূৰ্বে ইছমাইলে বেশ্যা বুলি কোৱা মহিলা তিনিগৰাকীয়ে গোচৰ তৰিব বুলি জানিব পৰা গৈছে৷
সেইবুলি ৰঙা টুপীটো খোলাই নাই ইছমাইলে৷ মাজে মাজে তেওঁ কান্দিছে৷ উচুপি উঠিলেও আনক দেখুৱাই হাঁহি থাকিবলৈ ইছমাইল হোছেইনে চেষ্টা কৰিছে৷ হ’লে কি হ’ব, হাঁহিবও পৰা নাই ইছমাইলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial