মাৰ্ঘেৰিটাৰ লেখাপানীত শ্বহীদ বেদীক অপমান কৰি কৰিলে বিহাৰী পৰিয়ালে৷ জাতীয় দল-সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদত ক্ষমা খুজি ছহিদ বেদী ধুই পৰিষ্কাৰ কৰি সেৱা কৰিলে বিহাৰী বেপাৰী অশোক দাস নামৰ ব্যৱসায়ী আৰু পত্নীয়ে৷
১৯৮৫ চনত লেখাপানীত অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল এটা ছহিদ বেদী৷ এদেও দুদেও লোটা নিয়া চেওঁ কৰি বেদীৰ কাষতে সৰু বাঁহৰ দোকান দি পেট পোহপাল দিয়া অশোক দাস আৰু তেওঁৰ পত্নীয়ে লাহে লাহে ছহিদ বেদীৰ ভূমি দখল কৰিলে৷ লগতে সাজিলে বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান৷
এই সন্দৰ্ভত গোচৰ তৰা হৈছিল হ’ল ছুপ্ৰিম ক’ৰ্টত৷ ন্যায়ালয়ৰ স্থগিতাদেশৰ মাজতে ছহিদ বেদীৰ কাষতে লেট্ৰিনৰ নিৰ্মাণ অব্যাহত ৰখাৰ লগতে শেহতীয়াকৈ টেংকী সাজিবলৈ চেষ্টা কৰিছিল৷
শৌচাগাৰৰ টেংকীৰ গাঁত খন্দা প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিল স্থানীয় সচেতন লোক৷ কিন্তু নাচোৰবান্দা পৰিয়ালটোৱে কালি অপমান কৰিলে প্ৰতিবাদকাৰীক৷ গতিকে আছুৰ তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদকে ধৰি একাধিক সংগঠনৰ নেতৃত্বত শতাধিক ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
আছুৰ জিলা সভাপতি প্ৰতিম নেওগ আৰু সাধাৰণ সম্পাদক কনচেং গগৈয়ে অসম আৰু অসমীয়াৰ স্বাভিমান শ্বহীদ বেদীত লগাকৈ অশোক দাস নামৰ ব্যক্তিজনে অসম বিৰোধী, অসমীয়া বিৰোধী কাৰ্য কৰি শ্বহীদ বেদীৰ কাষত শৌচালয় নিৰ্মাণক জাতীয় অপমান হিচাপে অভিহিত কৰিলে৷
অসমীয়া জাতিক লজ্জানত কৰা ঘটনা বুলি অভিহিত কৰি সৰলতাক দুৰ্বলতা বুলি নাভাবিলৈ সকীয়াই দিয়ে৷ আগন্তুক এসপ্তাহৰ ভিতৰত শ্বহীদ বেদীৰ অবৈধ বেদখল মুক্ত নকৰিলে আছুৱে লেখাপানীৰ জাতীয়তাবাদী ৰাইজৰ সহযোগত বলপূৰ্বক বেদখলমুক্ত কৰিব বুলি স্পষ্ট কৰি দিয়ে৷
ছাত্ৰ সন্থাই প্ৰশাসনক এখনি স্মাৰক-পত্ৰ প্ৰদান কৰি শ্বহীদ বেদীৰ মাটি দখলমুক্ত কৰিবলৈ দাবী জনায়৷ ১৯৮৫ চনতে স্থানীয় ৰাইজে নিৰ্মাণ কৰা এই শ্বহীদ বেদীৰ কাষৰ ভূমি এতিয়া অসম-অসমীয়া বিদ্বেষী লোকে বেদখল কৰাক লৈ সৰৱ হৈ পৰে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ৷
অৱশেষত প্ৰশাসনৰ সন্মুখত অশোক দাস আৰু তেখেতৰ পত্নীয়ে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে৷ আজি পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান পাই মাৰ্ঘেৰিটা সম-জিলাৰ উপ-আয়ুক্ত প্ৰতীম গগৈসহ আৰক্ষী লোক ঘটনাস্থলীত পুৱাতে উপস্থিত হৈ অবৈধ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ শান্তি-শৃংখলাৰে পৰিস্থিতি শাম কটায়৷
জাতীয় ছহিদৰ সমাধিত বহিৰাগতৰ পায়খানা
