হওক তেওঁ, আজিৰ পৰাহে ইনষ্টাগ্ৰাম চাই ভাল লগা হ’ব
আকৌ নাচিব যৌৱনমতী চুমিয়ে
চিনি পাই গ’লো মানুহ
কোন নিজৰ গম পাই গ’লো
এইদৰে জে’লতে গৰজি আছিল চুমি
হ’লেও চুমি জে’লৰ পৰা ওলাল৷ অতদিনে জে’লত লুকাই থকা চুমিয়ে কাইলৈৰ পৰা কিজানি আকৌ নাচিব৷ উঠন বুকু-নিপোটল দেহবল্লৰীৰ অপূৰ্ব প্ৰদৰ্শনেৰে চুমিয়ে ইনষ্টাগ্ৰামত তুলিব যৌৱনৰ প্লাৱন৷ এতিয়াও ইনষ্টাগ্ৰামৰ ৬ লাখ ৬২ হাজাৰ ফল’ৱাৰ্ছে বুঢ়া আঙুলিত ধাৰ দিয়েই থৈছে৷ চুমিয়ে নাচিলেই টিপি দিব ইনষ্টাগ্ৰামৰ লাভ বুটাম৷
ব’হাগ বিহু পণ্ড হ’ল, মাঘ বিহুতো চুমি জে’লত থাকিল৷ কিন্তু এতিয়াৰ পৰা উচ্ছল যৌৱনা চুমিয়ে আকৌ নাচিব পাৰিব৷ CBIয়ে নিজৰ কাম কৰি থাকিব, চুমিয়ে কিন্তু নাচি থাকিব৷
কিন্তু এটা কথা
ঠিক সময়তে চুমিয়ে জামিন পাইছে৷ আচলতে চুমিয়ে গৰম সহিবই নোৱাৰে৷ চুমিৰ ছাল একেবাৰেই ছেনছিটিভ৷ আগতে এটা ভিডিঅ’ত চুমিয়ে কৈছিল- অলপ গৰমতে মোৰ স্কীন বেয়া হৈ যা৷ সেয়ে চুমিয়ে ঠিক সময়তে মুক্ত হৈছে৷ জে’লৰ গেলেপা লগা গৰম চুমিয়ে আৰু সহিব নালাগে৷ সোণৰ কম’ডত বহি থাকোতেও ACৰ হাৱা খাব পাৰিব৷
৯ আগষ্টৰ জন্মদিন থাইলেণ্ডত পাতিছিল চুমিয়ে৷ মাজনিশা কৈছিল-
এভ্ৰীৱান, ইটছ মাই বাৰ্থডে’ (বজাই দিব)
এইবাৰো চুমিয়ে জে’লৰ পৰা ওলাই পাতিব পাৰিব জন্মদিন৷ আকৌ উদ্দাম যৌৱনেৰে জোকাৰি পেলাব পাৰিব বহু প্ৰেমিকৰ অন্তৰ৷
বিহুত নাচিব নোৱাৰিলেও চুমিয়ে আকৌ নাচিব বুলি ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছ ৰৈ আছে৷ কিন্তু আৰু এটা কথাও শুনক- বৰ হৈচৈ লগা ট্ৰেডিং কেলেংকাৰিতো চুমি দোষী প্ৰমাণিত নহয়৷ আদালতত ইতিমধ্যে চুমিয়ে সকলো অভিযোগৰ পৰা আধা-আধি পৰিত্ৰাণ পাইছেই৷ অনাগত সময়ত চুমি সম্পূৰ্ণ নিৰ্দোষ প্ৰমাণিত হোৱাটোও নিশ্চিত৷
কিন্তু জে’লত লগ কৰিবলৈ যোৱা বান্ধৱীৰ ওচৰত চুমি গৰজি উঠিছিল৷ জে’লৰ পৰা ওলাই কাকো শুদাই নেৰোঁ বুলি হুলস্থুল কৰিছিল চুমিয়ে৷ গতিকে জে’লৰ পৰা ওলায়েই চুমিয়ে কি ৰূপ লয় একো ঠিক নাই৷
চুমি বৰাৰ মুক্তিৰ বাবে ইনষ্টাগ্ৰামত হাঁহিৰ খলকনি
