কোহলিক খেদি দিয়াৰ ফল ভুগিছে নিৰ্বাচকে

ৰবীন্দ্ৰ জাদেজাৰ বাহিৰে এতিয়া ভাৰতীয় দলত নাই কোনো জ্যেষ্ঠ খেলুৱৈ৷ ৰোহিত আৰু কোহিলৰ পিছত ৰবীন্দ্ৰ জাদেজা টেষ্ট দলত বাকী থকা একমাত্ৰ ছিনিয়ৰ খেলুৱৈ৷ যাৰ কেৰিয়াৰ ১২ বছৰতকৈও অধিক৷
যদিহে জাদেজাই অৱসৰ নলয় তেন্তে তেৱোঁ চেতেশ্বৰ পূজাৰা আৰু অজিংক্য ৰাহানেৰ দৰে একাষৰীয়া হ’ব৷ কাৰণ যুৱ খেলুৱৈকে গুৰুত্ব দিয়াৰ ফৰ্মুলা গ্ৰহণ কৰিছে BCCIয়ে৷
বৰ্তমান জাদেজাৰ লগতে টেষ্ট দলত অভিজ্ঞ হিচাপে আছে কেৱল যশপ্ৰীত বুমৰাহ আৰু কে এল ৰাহুলৰ৷ দুয়োজনে ৪৫ খনতকৈ অধিক টেষ্ট খেলিছে৷ বুমৰাহৰ বয়স ৩১ আৰু ৰাহুলৰ বয়স ৩৩ বছৰ৷
আঘাতৰ দিশলৈ লক্ষ্য কৰিলে বুমৰাহৰ কেৰিয়াৰ কিমান দীঘলীয়া হ’ব সেয়া অনিশ্চিত৷ কিন্তু ডাঙৰ প্ৰশ্ন হ’ল প্লেয়িং ইলেভেনত ৰোহিত আৰু বিৰাটৰ ঠাই কোনে ল’ব? কাৰণ বিৰাট আছিল ভাৰতৰ বেটিং ইউনিটৰ মূল অস্ত্ৰ৷
চতুৰ্থ স্থানত ভাৰতৰ বাবে বিৰাটৰ অৱদান অনস্বীকাৰ্য৷ এতিয়া বিৰাটৰ বিদায়ৰ লগে লগে অভিজ্ঞ আৰু শক্তিশালী মিডল অৰ্ডাৰ বেট্‌ছমেনৰ অভাৱ হোৱাটো নিশ্চিত৷ এই পদ পূৰণৰ বাবে এতিয়া ভাৰতীয় দলত আছে ৭ গৰাকী প্ৰতিদ্বন্দ্ব্বী৷ ইয়াৰে আটাইতকৈ শক্তিশালী হৈছে শ্ৰেয়স আয়াৰ৷
ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে খেল শ্ৰেয়স কোহলিৰ ঠাইত টেষ্টত প্ৰথম পছন্দ৷ এদিনীয়া দলত নিজৰ স্থান নিশ্চিত কৰিছে যদিও টেষ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে সম্প্ৰতি বাহিৰত আছে৷ বৰ্তমানলৈকে খেলা ১৪খন টেষ্টত এটা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰিছিল আয়াৰে৷
ইংলেণ্ডৰ বিৰুদ্ধে বিগত টেষ্ট শৃংখলাত কোহলিৰ ঠাইত খেলিছিল ৰজত পাটিদাৰে৷ ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শন বিবেচনা কৰিলে পুনৰবাৰ ইংলেণ্ডৰ শৃংখলাৰ বাবে দলত স্থান লাভ কৰিব পাৰে তেওঁ৷
যোৱা বছৰ ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটোৱা ছাৰফৰাজ খানো টেষ্ট ক্ৰিকেটত এটা শতকেৰে দৌৰত আছে৷
বিৰাটৰ স্থান পূৰাবলৈ সাজু হৈ থকা আন এগৰাকী খেলুৱৈ হৈছে ধ্ৰুৱ জুৰেল৷ ২৪ বছৰীয়া জুৰেলে ভাৰতৰ হৈ টেষ্ট খেলিছে৷ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁ নিজৰ কৌশলেৰে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ইয়াৰ বিপৰীতে কৰুণ নায়াৰ হৈছে আন এগৰাকী দাবীদাৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial