মই এতিয়া কি কৰিম…
কেন্সাৰৰ চিকিৎসাত সকলো শেষ কৰিলোঁ
কান্দোন চেঁপা মাৰি ৰাখি হাঁহিবলৈ বিচাৰিছে জয়শ্ৰীয়ে
নমস্কাৰটো দেখুৱাই দিব
তেওঁ জীয়াই থাকিবলৈ বিচাৰে
নিয়তিৰ সৈতে এঘড়ী যুঁজ দিবলৈ বিচাৰে জয়শ্ৰীয়ে
মেধাৱী ছাত্ৰীগৰাকীয়ে কেন্সাৰক হৰুৱাবলৈ বিচাৰে৷ জয়শ্ৰীৰ দেহত পোখা মেলা বৃশ্চিক নিৰ্মূল কৰিবলৈ কিন্তু ৩৬ লাখ টকা প্ৰয়োজন৷ ছাত্ৰীগৰাকী গুৱাহাটীৰ জয়শ্ৰী ভৰালী৷ তেওঁ প্ৰায় ১০ বছৰ পূৰ্বে কেন্সাৰত আক্ৰান্ত হৈছিল৷ তেতিয়া পৰিয়ালৰ সকলো সম্পত্তি বিক্ৰী কৰি জয়শ্ৰীৰ চিকিৎসা কৰা হ’ল৷ সকলো ঠিকেই আছিল৷ কিন্তু এইবাৰ আকৌ জয়শ্ৰীৰ দেহত ধৰা পৰিল পেন্নিকুলাইটিছ টি-চেল লিম্ফ’মা নামৰ কেন্সাৰ৷ তেজৰ কেন্সাৰৰ চিকিৎসা কৰিবলৈ জয়শ্ৰীৰ পৰিয়ালৰ সম্বল নাই৷ চানমাৰীনিৱাসী জয়শ্ৰীৰ কিন্তু জীয়াই থাকিবলৈ ইচ্ছা আছে৷ এতিয়া তেওঁৰ চিকিৎসাৰ একমাত্ৰ উপায় হৈছে কেম’থেৰাপী আৰু বনমেৰু সংৰোপণ৷ অস্থিমজ্জা সংৰোপণৰ বাবে জয়শ্ৰীক লাগে ৩৬ লাখ টকা৷ সেই ধন গোটাবলৈ পৰিয়ালৰ সামৰ্থ্য নাই৷ সেয়ে জয়শ্ৰীয়ে সহায় বিচাৰিছে৷ আমিও বিচাৰোঁ- মেধাৱী জয়শ্ৰীক নৱজীৱন দানৰ অংশীদাৰ হওকচোন ৰাইজ৷ আহকচোন ৰাইজ, আমি জয়শ্ৰীক আকৌ জীয়াই তোলোঁ৷ সামৰ্থ্যৰ ভিতৰত পৰা কিবা এটা জয়শ্ৰীৰ বাবে দিওঁ আহক৷ ছোৱালীজনী জীয়াই থাকক৷ জয়শ্ৰীৰ বেংক একাউণ্টৰ তথ্য এয়া৷ STATE BANK OF INDIA
A/C- NO- 34389786939
IFSC CODE- SBIN0000221
UPI –JAYASHREE BHARALI120-1@OKSBI
PHONE NO- 7896527135
ফোন নম্বৰো আমি উল্লেখ কৰিছোঁ৷ আহক ৰাইজ, জয়শ্ৰীক জিকাই হৰুৱাও কেন্সাৰক৷