ঢকুৱাখনাত সাংঘাতিক ঘটনা হৈছে

আহু খেতিত আহুকাল মুগা খেতিত কপাল ভাল৷’– এই আপ্তবাক্য সাৰোগত কৰিয়ে ঢকুৱাখনাৰ কেইবাসহস্ৰাধিক পৰিয়ালে যুগ যুগ ধৰি মুগাখেতি কৰি জীৱন জীৱিকা চলাই আহিছে৷
পিছে মুগাখেতিলৈ সংকট নামি আহিছে৷ মুগাখেতিৰ বাবে বিখ্যাত সোণালী সূতাৰ দেশ ঢকুৱাখনাত এতিয়া সংকটৰ সন্মুখীন হৈছে মুগাপালক৷ ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ চোমনিত পকা ওলোৱা অৱস্থাতে ভেকুৰজনিত এক ৰোগত আক্ৰান্ত হৈ হজাৰ হাজাৰ মুগা মৰি গৈছে৷ গতিকে মুগা পালকসকলৰ মাজত হাহাকাৰ লাগিছে৷
বিশেষকৈ উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ ভগামুখ গাঁৱৰ কেইবাজনো মুগাপালকৰ পকা ওলোৱা হাজাৰ হাজাৰ মুগা জালিত দিয়াৰ পিছতেই বাহ নাবান্ধি মৰি গৈছে৷ ঢকুৱাখনাৰ ভগামুখৰ বীৰেন শইকীয়া, ইন্দিবৰ শইকীয়া আৰু ললিতা শইকীয়া ইত্যাদি কেবাগৰাকী মুগাপালকৰ পক ধৰা সহস্ৰাধিক মুগা চোমনিৰ পৰা আনি জালিত দিয়াৰ পিছৰ পৰাই কোচ খাই মৰি জহি গৈছে৷
এই ঘটনাৰ পিছতেই এতিয়া মুগাপালকসকলৰ মাজত হাহাকাৰ লাগিছে৷ বহু আশা কৰি আৰম্ভ কৰা মুগাখেতি চপোৱাৰ বতৰত পকা মুগাৰ এই বিপৰ্যয়ে মাধমাৰ দিছে ঢকুৱাখনাৰ মুগাপালকসকলক৷ এইদৰে হাজাৰ হাজাৰ মুগাৰ মৃত্যুৰ বিষয়টো ঢকুৱাখনাত থকা ৰেচম গৱেষণা কেন্দ্ৰক অৱগত কৰা হৈছিল৷
তেওঁলোকৰ প্ৰচেষ্টাত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ দুগৰাকী বিজ্ঞানীয়ে চোমনি পৰিদৰ্শন কৰাৰ লগতে পৰীক্ষাৰ বাবে মৃত্যু হোৱাৰ মুগাৰ নমুনা সংগ্ৰহ কৰি নিছে৷ পৰীক্ষাৰ পিছত কি ফলাফল ওলায় আৰু মুগাৰ এই বেমাৰৰ চিকিৎসাৰ কি সমাধান আগবঢ়ায় তালৈ অপেক্ষা কৰিছে ঢকুৱাখনাৰ মুগাপালকে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial