ছলনাময়ী অনুৰাধাৰ ফুলশয্যাৰ ৰাতিয়েই পলায়ন

নাৰী ছলনাময়ী
কথাষাৰ নেত্ৰকায়ে এনেয়ে কোৱা নাছিল
অনুৰাধা পাছোৱান নামৰ মহিলাগৰাকীটো আৰু ছলনাময়ী৷ সেয়ে অনুৰাধাই ৭ মাহৰ ভিতৰত ২৫ পুৰুষলৈ বিয়া হৈ কটালে ফুলশয্যাৰ ৰাতি৷
নতুন পৰিচয়েৰে নতুন চহৰলৈ গৈ ২৫ জন পুৰুষক প্ৰলোভনৰ জালত অনুৰাধাই বন্দী কৰিলে৷ সকলো স্বামীৰ পৰা তেওঁ লুট কৰিলে অলংকাৰ আৰু ধন৷ লুটেৰী দুলহন বুলিয়েই জনাজাত হৈ পৰা অনুৰাধা আকৌ এখন বিয়াৰ বাবে সাজুৱেই হৈছিল৷ তেতিয়াহে হঠাতে জালত পৰিল৷
অনুৰাধাই অকলে অৱশ্যে এই কামটো নকৰে৷ তেওঁৰ আছে এদল সহযোগী৷ যি অনুৰাধাৰ ফটো ব্যৱহাৰ কৰি বিবাহৰ বাবে সাজু হোৱা যুৱকক লক্ষ্য কৰি লয়৷ তেওঁলোকে ফে’চবুকত অনুৰাধাৰ ফটোৰে একাউণ্ট খোলে৷ সেই একাউণ্টৰ পৰা মেছেজ কৰে কইনা বিচাৰি ফুৰা যুৱকক৷
মেছেজত অনুৰাধাই নিজকে দৰিদ্ৰ পৰিয়ালৰ যুৱতী বুলি পৰিচয় দিয়ে৷ বিবাহৰ বাবে আগ্ৰহী বুলি চিনাকি দিয়া অনুৰাধাই নিজৰ বুলিবলৈ কেৱল এজন ভায়েক থকা বুলি জনায়৷
৩২ বছৰীয়া অনুৰাধাই দৰা বিচাৰি দিয়া সহযোগীক ২ লাখ টকা দিয়ে৷ তাৰ পিছতে সম্ভাৱ্য দৰাৰ সৈতে চিনাকি হৈ কৰে ডেটিং৷ লাহে লাহে দৰাৰ পৰিয়ালৰ সৈতেও চিনাকি হয়৷ শেষত হয় বিয়া৷ যুৱতীগৰাকীয়ে এই কৌশলেৰে ৭ মাহৰ ভিতৰত ২৫ জন পুৰুষৰ সৈতে বিবাহত আবদ্ধ হ’ল৷
কিন্তু বিয়াৰ পিছদিনাই অলংকাৰ আৰু ধন কাঢ়ি লৈ পলায়ন কৰে অনুৰাধাই৷ ফুলশয্যাৰ ৰাতি পাৰ কৰাৰ পিছত ছেগ বুজি তেওঁ দৰাৰ ঘৰৰ পৰা ওলায় যায়৷
অনুৰাধাৰ এই কৌশলটো ধৰা পেলালে বিষ্ণু শৰ্মা নামৰ প্ৰতাৰিত যুৱকজনে৷ ঋণ লৈ বিয়া পতা বিষ্ণুৰ ঘৰৰ পৰাও অনুৰাধা নামৰ ছলনাময়ী যুৱতী পলাই গৈছিল৷ কিন্তু শেষত অনুৰাধী গ্ৰেপ্তাৰ হ’ল৷
মূলত: ৰাজস্থানত কইনা হৈ প্ৰতাৰণাৰ জাল পতা অনুৰাধাই ২৫ পুৰুষৰ সৈতেই কৰিছে কামলীলা৷ তাৰ পিছতে কৰিছে পলায়ন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial