ক্লাবত পানীৰ দামত পায় পতিতা

অসমীয়া বেশ্যা ৬ হাজাৰ
মিঞা বেশ্যা ৪ হাজাৰ
নাগামিজ ভাষাত দক্ষ দেহ ব্যৱসায়ীয়ে খাপ পিটি ৰৈ থাকিব৷ তেওঁলোকৰ মাজৰ পৰা গ্ৰাহকে বিচাৰি লৈ যায় পছন্দৰ পতিতা৷ ডিমাপুৰৰ ক্লাবতো বেশ্যাৰ বজাৰ আছে৷ তাত সোমালেই আগবাঢ়ি আহে দেহ ব্যৱসায়ী৷ অসমীয়া যুৱতীয়ে ডিমাপুৰত শৰীৰৰ খেলাৰ বাবে দাবী কৰে অধিক ধন৷
ডিমাপুৰত দেহ ব্যৱসায় কৰা যুৱতীৰ সৈতে আমি কথা পাতিছিলোঁ৷ নাম গোপনে ৰখাৰ চৰ্তত তেওঁলোকে প্ৰকাশ কৰিছে ডিমাপুৰৰ বেশ্যালয়ৰ কথা৷ যুৱতীগৰাকীয়ে ডিমাপুৰৰ বেশ্যাবৃত্তি কৰি মাহিলী কমেও ডেৰলাখ টকা উপাৰ্জন কৰে৷
গোলাঘাটৰ গ্ৰামাঞ্চলৰ যুৱতীগৰাকীৰ জৰিয়তে আৰু বহু গাভৰু ডিমাপুৰলৈ গৈছে৷ তেওঁলোকে তাত বৰ্হিৰাজ্যৰ ব্যৱসায়ীৰ কামনা পূৰণ কৰি সহজে লাখপতি হৈছে৷ ডিমাপুৰৰ ভিতৰুৱা এলেকাত থকা এটা বিশেষ ক্লাবত যুৱতীসকল প্ৰায় বিয়লি সময়ত একগোট হয়৷ তেওঁলোকে তাতে পায় গ্ৰাহকৰ সন্ধান৷ হোটেলৰ এজেণ্টেও মাতি পঠিয়ায় অসমীযা বেশ্যাক৷
নাগা যুৱতীৰ তুলনাত ডিমাপুৰত অসমীয়া যুৱতীৰ শৰীৰ দামো বেছি৷ নগা আৰু মিঞাৰ সংমিশ্ৰণেৰে তাত সৃষ্টি হোৱা চেমা নগা যুৱতীয়ে সৰ্বাধিক চাৰি হাজাৰ টকাত শৰীৰ বিক্ৰী কৰে৷ অসমৰ পতিতাই তাত ৬ হাজাৰ টকা পায় বুলি বিশেষ যুৱতীগৰাকীয়ে প্ৰকাশ কৰিছে৷
নামনি অসমৰ মিঞা যুৱতীয়েও ডিমাপুৰত দেহ ব্যৱসায় কৰি আছে৷ প্ৰথমে নাগামীজ ভাষা শিকি তেওঁলোকে ডিমাপুৰৰ হোটেলত পৰিচিত হৈ পৰিছে৷ কিন্তু বেশ্যাৰ পৰাও নগা উগ্ৰপন্থীয়ে লৈছে ধন৷ উপাৰ্জনৰ ১০ শতাংশ অসমীয়া বেশ্যাই নগা উগ্ৰপন্থীক দিবলগীয়া হৈছে৷
ডিমাপুৰত কৰা বেশ্যাবৃত্তিৰ ধনেৰে ঘৰ চলাইছে প্ৰায় ৩৩ গৰাকী অসমীয়া যুৱতীয়ে৷ তেওঁলোকে স্থানীয় ভাষা কৈ নাগালেণ্ডত থকাৰ সুবিধা লাভ কৰিছে৷ উগ্ৰপন্থীক ধন দিয়ো লাভৰ ঘৰতে আছে বেশ্যা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial