অসমত বিয়পিছে ফুলেৰাৰ দৰে প্ৰধানপতিৰ ব্যৱস্থা

ফুলেৰা গাঁও পঞ্চায়তৰ দৰেই হৈছে অসমৰ অৱস্থা
অসমতো আছে কেবাজনো ব্ৰীজভূষণ ডুবে
পঞ্চায়ত নামৰ ৱেব ছিৰিজ আপোনালোকে নিশ্চয় চাইছেই
মহিলাৰ বাবে সংৰক্ষিত পঞ্চায়তত মঞ্জু দেৱী প্ৰধান হিচাপে নিৰ্বাচিত হৈছিল৷ তথাপি প্ৰধানপতি হিচাপে পঞ্চায়ত চলাইছিল ব্ৰীজভূষণ ডুবেই৷ সেইবাবেই জিলা আয়ুক্তই অফিচৰ পৰা গঁতিয়াই উলিয়াই দিছিল প্ৰধানপতি ব্ৰীজভূষণ ডুবেক৷
কিন্তু অসমতো আছে ব্ৰীজভূষণ ডুবে৷ মহিলাৰ বাবে পঞ্চায়ত আসন সংৰক্ষিত হোৱা বাবে পত্নীকে ইলেকশ্যনত উঠাই দিছে৷ নিৰ্বাচনত বিজয়ৰ পিছত মূল কাৰ্যপালিকা হৈ পৰিছে স্বামী৷
এনে সৰ্বাধিক প্ৰতিনিধি আছে শোণিতপুৰৰ চতিয়া সমষ্টিত৷ পদ্ম হাজৰিকাৰ সমষ্টিত মহিলাৰ বাবে সংৰক্ষিত বেছিভাগ সমষ্টিতে আছে মঞ্জু দেৱীৰ দৰে ডেমী প্ৰাৰ্থী৷ যি ৰাজনীতিৰ আওভাও বুজিয়েই নাপায়৷ স্বামীৰ বিকল্প হিচাপে তেওঁলোকে পঞ্চায়তৰ কাগজত চহী মাৰি আছে৷
লখিমপুৰতো ফুলেৰা গাঁও পঞ্চায়তৰ প্ৰধানপতিৰ নাটকখনেই হৈ আছে৷ নিৰ্বাচনত বিজয়ী হোৱা বেছিভাগ মহিলাৰে ৰাজনীতিৰ বিষয়ে জ্ঞান নাই৷
তেওঁলোকো বিহাৰৰ ৰাবৰী দেৱীৰ দৰেই পাকঘৰ চম্ভালি থকা গৃহিনীহে৷ কিন্তু স্বামীৰ ক্ষমতা বাহাল ৰাখিবলৈ সেইসকল পঞ্চায়ত অফিচলৈ যাবলগীয়া হৈছে৷ ৰাজনীতিৰ আওভাও বুজি নাপাই কাৰণে পত্নীৰ হৈ পঞ্চায়ত পৰিচালনা কৰিবলৈ স্বামীয়েই সুযোগ লাভ কৰিছে৷
এইদৰেই চলি আছে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ ব্যৱস্থা৷ মহিলাক ৰাজনীতিত নামিবলৈ সুবিধা কৰি দিয়া আইনখন চৰম প্ৰহসনত পৰিণত হৈছে৷ এই আইন হৈ পৰিছে একাংশ পুৰুষৰ বাবে ক্ষমতা কুক্ষিগত কৰি ৰখাৰ অস্ত্ৰ৷ তেওঁলোকে পাকঘৰৰ পৰা উলিয়াই পত্নীক পঞ্চায়ত অফিচত সুমুৱাইছে৷
অসমকো প্ৰধানপতি অপসংস্কৃতিয়ে ছানি ধৰাত কেবাজনো বিধায়কে হাত উজান দিছে৷ ডিব্ৰুগড়, যোৰহাট আৰু শিৱসাগৰতো একেই ধৰণেৰে চলি আছে ৰাজনীতি৷ শতাধিক ডেমী পঞ্চায়ত সদস্যৰ নাম আমি শীঘ্ৰে প্ৰকাশ কৰিম৷ পত্নীৰ হৈ ক্ষমতা বাহাল ৰখাৰ স্বামীৰ বিষয়ে আপোনালোকক জনাম বিশদ তথ্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial