অক্ষয় কুমাৰে তৰিলে ২৫ কোটি টকাৰ ক্ষতিপূৰণৰ গোচৰ

হেৰি-ফেৰিৰ পৰা ওলাল পৰেশ ৰাৱল
বাবুভায়াৰ অভিনয় নকৰে পৰেশ ৰাৱলে
কিন্তু হঠাতে পৰেশ ৰাৱলৰ বিৰুদ্ধে অক্ষয় কুমাৰ ২৫ কোটিটকীয়া মানহানি কেছ
হেৰা ফেৰি ছিৰিজৰ তৃতীয়খন চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে৷ প্ৰথমে চিনেমাখনৰ শ্বুটিঙত আছিল বাবুভায়াখ্যাত পৰেশ ৰাৱলো৷ কিন্তু হঠাতে তেওঁ হেৰা ফেৰিৰ পৰা প্ৰস্থানৰ ঘোষণা কৰিলে৷ অজ্ঞাত কাৰণত চিনেমাখনত অভিনয় নকৰাৰ ঘোষণা কৰিলে ৰাৱলে৷
প্ৰথমে পৰেশ ৰাৱলৰ ঘোষণাক ধেমালি বুলি ভাবিছিল অনুৰাগীয়ে৷ কিন্তু পিছলৈ স্পষ্ট হয়- পৰেশ ৰাৱলে বাবুভাষা হিচাপে হেৰা ফেৰি ছিৰিজৰ তৃতীয়খন চিনেমাত অভিনয় নকৰে৷ কিন্তু তেওঁ কিয় এনেদৰে প্ৰস্থান কৰিছে তাৰহে উমান পোৱা নাই সহ: অভিনেতা অক্ষয় কুমাৰ আৰু সুনীল ছেট্টীয়ে৷
পিছে পৰেশ ৰাৱলৰ বিৰুদ্ধে গোচৰ তৰিছে অক্ষয় কুমাৰে৷ শ্বুটিঙৰ দৃশ্য বিকৃত কৰাৰ অভিযোগত অক্ষয়ে পৰেশ ৰাৱলৰ পৰা ২৫ কোটি টকা ক্ষতিপূৰণ দাবী কৰিছে৷ পৰেশ ৰাৱলে শ্বুটিঙৰ গোপন দৃশ্য ৰাজহুৱা কৰাৰ অভিযোগ তুলিছে অক্ষয়ে৷
এই চিনেমাখনত অভিনয়ৰ বাবে পৰেশ ৰাৱলক প্ৰযোজকে দিছিল ২৫ কোটি টকা মাননী৷ যি তেওঁৰ সাধাৰণ পাৰিশ্ৰমিকৰ তুলনাত তিনিগুণ বেছি৷ তথাপি পৰেশ ৰাৱলে হেৰা-ফেৰি-৩ত অভিনয় নকৰিলে৷ হেৰা ফেৰি ছিৰিজৰ প্ৰথম দুখন চিনেমাত ৰাজুৰূপী অক্ষয় আৰু ঘনশ্যামৰূপী সুনীল ছেট্টীৰ সৈতে পৰেশ ৰাৱলে কৰিছিল বাবুৰাও গণপতৰাও আপ্তেৰ অভিনয়৷
কিন্তু সেইটো পৰিচয়েৰে সুখী হোৱা নাছিল পৰেশ ৰাৱল৷ তেওঁ কেৱল বাবুভায়া হিচাপে অনুৰাগীয়ে চিনি পোৱাৰ বাবে অসন্তুষ্ট হৈ পৰিছিল৷ সেয়ে হঠাতে হেৰা ফেৰি-৩ৰ পৰা প্ৰস্থান কৰিলে পৰেশ ৰাৱলে৷ এতিয়া তেওঁ অক্ষয় কুমাৰকো দিবলগীয়া হ’ব পাৰে ২৫ কোটি টকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial