লাহে লাহে উন্মোচিত হৈছে পাকিস্তানৰ মিথ্যাচাৰ৷ ভাৰতৰ বিৰুদ্ধে বিজয়ৰ ঘোষণা কৰা প্ৰধানমন্ত্ৰীৰ মুখেৰেই ওলাইছে সত্য কথাবোৰ৷ ১০ মে’ৰ নিশা সেনাধ্যক্ষ আছিম মুনীৰে ভাৰতীয় মিছাইলে নূৰ খান ছাউনী ধ্বংস কৰা বুলি জনোৱাৰ কথা স্বীকাৰ কৰিছে শ্বেহবাজ শ্বৰীফে৷ য়ুম-ই-তাছাকুৰ অনুষ্ঠানত পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰিলে- ৯ মে’ৰ নিশা ২.৩০ বজাত তেওঁলৈ ফোন কৰিছিল সেনাধ্যক্ষ আছিম মুনীৰে৷
তেতিয়া ৰাৱালপিণ্ডিৰ নূৰ খানস্থিত বায়ুসেনা ছাউনীত ভাৰতে আক্ৰমণ কৰা বুলি জেনেৰেলে স্বীকাৰ কৰিছিল৷ পৰিস্থিতি যে বিপজ্জনক সেই কথাটো সেনাধ্যক্ষ মুনীৰে প্ৰধানমন্ত্ৰীক জনাই দিছিল৷ অৰ্থাৎ সামৰিক ছাউনীৰ কাষতে থকা শিবিৰত যে ভাৰতে আক্ৰমণ কৰিছিল সেই কথাটো শ্বেহবাজ শ্বৰীফেই স্বীকাৰ কৰিলে৷ আনহাতে নূৰ খান ঘাটী মেৰামতিৰ অৰ্থে বাতৰি কাকতত নিবিদা আহ্বান কৰিছে চৰকাৰে৷ ধ্বংস হোৱা নাই বুলি ফোপজহী মাৰি থকা দেশখনৰ চৰকাৰে পুন:নিৰ্মাণৰ অৰ্থে বিচাৰিছে ঠিকাদাৰ৷
আনহাতে ডাবল এজেণ্ট মাতাহাৰীৰ দৰে দুবাৰ পাকিস্তান ভ্ৰমণ কৰা ভাৰতীয় ভ্লগাৰে পাকিস্তানৰ হৈ কৰিছে চোৰাংচোৱাগিৰি৷ জ্যোতি মালহোট্ৰা নামৰ ইউটিউবাৰগৰাকীক শত্ৰুৰ এজেণ্ট বুলি সন্দেহ কৰা হৈছে৷ তেওঁক হাৰিয়ানাৰ হিছাৰৰ পৰা তাৎক্ষণিকভাৱে আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ৷ জ্যোতি ৰাণী বুলিও ছ’চিয়েল মিডিয়াত পৰিচিত ভ্লগাৰগৰাকী ইউটিউব আৰু ফে’চবুকত সক্ৰিয়৷ তেওঁ প্ৰধানত: পৰ্যটনস্থলীৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে৷ নিজা চেনেলত ভিডিঅ’ আপলোড কৰা জ্যোতিয়ে পূৰ্বে দুবাৰ পাকিস্তান ভ্ৰমণ কৰিছে৷
তেতিয়াৰ পৰাই তেওঁ শত্ৰুদেশৰ হৈ চোৰাংচোৱাগিৰি কৰা বুলি অভিযোগ তুলিছে আৰক্ষীয়ে৷ হিচাৰ নিৱাসী জ্যোতিৰ লগতে ধৰা পৰিছে ৫ জন লোক৷ ট্ৰেভেল উইথ জ’ নামৰ চেনেল চলোৱা মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে পঞ্জাব আৰু হাৰিয়ানাৰ বিষয়ে স্পৰ্শকাতৰ তথ্য পাকিস্তানলৈ প্ৰেৰণৰ অভিযোগ৷ তদানুসৰি মহিলাগৰাকীয়ে দেশত সেনা সঞ্চালন, অৰ্থনৈতিক স্থিতিকে ধৰি গোপন খবৰ শত্ৰুলৈ পঠিয়াই আছিল৷ তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে ২৫ বছৰীয়া ছাত্ৰ আরু ২৪ বছৰীয়া ছিকিউৰিটী গাৰ্ড৷ খবৰ মতে ন’মাডিক লিঅ’ গাৰ্ল ৱাণ্ডাৰাৰ নামৰ চেনেলটোও চলোৱা জ্যোতিৰ এহছান উৰ-ৰহমান ওৰফে ডেনিছ নামৰ লোকৰ সৈতে চিনাকি হৈছিল৷ উক্ত লোকজনে পাকিস্তানী দূতাৱাসতে বাহৰ পাতিছিল৷
পহলগামৰ নৰমেধৰ পিছত ভাৰতে পাৰ্ছনা নন গ্ৰাটা হিচাপে ঘোষণা কৰি বহিষ্কাৰ কৰা লোকজনেই আছিল এহছান উৰ-ৰহমান৷ আনহাতে দোষৰ কথা স্বীকাৰো কৰিছে জ্যোতিয়ে৷ আৰক্ষীৰ খবৰ অনুযায়ী ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা পাবলৈ তেওঁ দূতাৱাসলৈ গৈছিল৷ তেতিয়াই এহছানৰ সৈতে চিনাকি হৈছিল জ্যোতিৰ৷ এহছানৰ জৰিয়তে পাকিস্তানৰ ৰহিম নামৰ লোকজনৰেও তেওঁৰ ঘনিষ্ঠতা হৈছিল৷
সেই ৰহিমৰ সূত্ৰৰ আঁত ধৰি জ্যোতিৰ সৈতে চিনাকি হৈছিল আলি আহৱান নামৰ পাকিস্তানী৷ যি জ্যোতিৰ ভ্ৰমণৰ সময়ত পাকিস্তানত বৈঠকৰ আয়োজন কৰিছিল৷ উক্ত সভাত উপস্থিত আছিল আই এছ আইৰ বিষয়া৷ বৈঠকত ছাকিৰ আৰু ৰাণা শ্বেহবাজৰ সৈতে জ্যোতিয়ে কথা পাতিছিল৷ পিছলৈ সন্দেহৰ পৰা হাত সাৰিবলৈ সেই ছাকিৰৰ ফোন নম্বৰ জাট ৰন্ধৱা বুলি ছে’ভ কৰিছিল জ্যোতিয়ে৷ পাকিস্তানী লোকজনক জ্যোতিয়ে দিছিল দেশৰ গোপন খবৰ৷
আনহাতে অপাৰেশ্যন সিন্দূৰত নিহত হৈছিল লস্কৰ ই-তৈবাৰ সন্ত্ৰাসবাদী৷ পাকিস্তানে সেই জেহাদীৰ জানাজা সন্মানসহকাৰে সম্পন্ন কৰিলে৷ জেহাদৰ জয়ধ্বনি দি সন্ত্ৰাসবাদীৰ পিতৃকো সন্মান জনালে পাকিস্তানীয়ে৷ পলমকৈ হ’লেও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে সেই ভিডিঅ’৷ য’ত ভাৰতীয় সেনাই হত্যা কৰা সন্ত্ৰাসবাদীৰ পিতৃয়ে উপস্থিত জনতাক সম্বোধন কৰিছে৷ তেওঁ কৈছে- জেহাদৰ বাবে মই দুই পুত্ৰক হেৰুৱালোঁ৷ কিন্তু মোৰ আৰু পুত্ৰ থকা হ’লে মই পুনৰ জেহাদলৈ প্ৰেৰণ কৰিলোঁহেঁতেন৷
তেওঁ ভাষণ দিয়াৰ সময়ত আকৌ কাষতে ৰৈ আছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাফিজ আব্দুল ৰৌফ৷ পাকিস্তানী সেনাই স্থানীয় মৌলানা হিচাপে অভিহিত কৰা সেই আব্দুল ৰৌফ হৈছে ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সন্ত্ৰাসবাদী৷ আনহাতে পাকিস্তানী সেনাৰ মুখপাত্ৰ আহমেদ শ্বৰীফ চৌধুৰীৰ বিষয়েও প্ৰকাশিত হৈছে এটা বিস্ফোৰক তথ্য৷ সেই অনুসৰি শ্বৰীফৰ পিতৃ হৈছে বছিৰুদ্দিন মেহমুদ৷ যি গোলকীয সন্ত্ৰাসবাদী হিচাপে ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত৷ আনহাতে ৮৫ বছৰীয়া বছিৰুদ্দিন কাবুলত থকা বুলি প্ৰকাশ পাই আহিছে৷ কিন্তু বছিৰুদ্দিনক যে পাকিস্তানেই প্ৰতিপালন কৰিছে সেয়াও হৈ পৰিছে নিশ্চিত৷
আনহাতে যুদ্ধৰ আৰম্ভণিতে পাকিস্তানক খবৰ দিছিল ভাৰত চৰকাৰে৷ আক্ৰমণ কৰিব বুলি শত্ৰুক বাৰ্তা দিয়া হৈছিল৷ সেয়ে পাকিস্তানে প্ৰত্যাক্ৰমণৰ সুযোগ লাভ কৰিলে৷ অপাৰেশ্যন সিন্দূৰত ভাৰতৰ যি লোকচান হ’ল তাৰ কাৰণ হৈছে চৰকাৰৰ ভুল৷ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্যৰ আঁত ধৰি এই অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে৷ তেওঁৰ অভিযোগ অনুযায়ী অভিযানৰ পূৰ্বেই ভাৰতীয় সেনাই আক্ৰমণ কৰিব বুলি পাকিস্তানক জনাই দিয়া হৈছিল৷ এই কথাটো অৱশ্যে স্বীকাৰো কৰিছে এছ জয়শংকৰে৷
বিদেশ মন্ত্ৰীয়ে এটা অনুষ্ঠানত প্ৰকাশ কৰা মতে আক্ৰমণৰ পূৰ্বে সাজু হ’বলৈ পাকিস্তানক সকীয়াই দিয়া হৈছিল৷ ভাৰতে যে সামৰিক ঘাটীৰ সলনি পাকিস্তানৰ সন্ত্ৰাসবাদী আন্ত:গাঁথনিক লক্ষ্য কৰি ল’ব সেই কথাটো নতুন দিল্লীয়ে জনাই দিছিল৷ গতিকে ইছলামাবাদক সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছিল৷ এই যুক্তিৰ আধাৰত কেন্দ্ৰক আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছ নেতাজনে স্পষ্টভাষাত সুধিছে দুটা প্ৰশ্ন৷ তেওঁ সুধিছে- পাকিস্তানক আগতীয়াকৈ তথ্য প্ৰদানৰ বাবে কোনে বিদেশ মন্ত্ৰীক কৰ্তৃত্ব দিছিল? লগতে অপাৰেশ্যন সিন্দূৰত ভাৰতৰ কেইখন ফাইটাৰ জেট ধ্বংস হ’ল বুলি প্ৰশ্ন তুলিছে ৰাহুলে৷ বিদেশ মন্ত্ৰীয়ে অপৰাধ কৰিছে বুলি অভিযোগ তুলি তেওঁ বিচাৰিছে স্পষ্ট উত্তৰ৷ পিছে বৰ্তমান সেই ভিডিঅ’টোৰ বক্তব্য নাকচ কৰিছে এছ জয়শংকৰে৷ তেওঁ কথাখিনি সাৰাংশগতভাৱেহে শুদ্ধ বুলি অভিহিত কৰিছে৷
কিন্তু এটা কথা নিশ্চিত যে দুৰ্নীতিৰ বাবে উত্তেজনাৰ সময়ত প্ৰাণ হেৰুৱালে কাশ্মীৰৰ অসামৰিক নাগৰিকে৷ কেন্দ্ৰীয় পুঁজি ব্যৱহাৰত হোৱা লুণ্ঠনৰ ফল ভুগিলে সাধাৰণ জনতাই৷ উত্তেজনাৰ সময়ত প্ৰয়োজন হোৱাকৈ ২০১৮ চনতে কাশ্মীৰত বাংকাৰ নিৰ্মাণৰ বাবে দিল্লীয়ে ধন আবণ্টন দিছিল৷ ভূ-গৰ্ভস্থ সুৰংগত সোমাই সাধাৰণ জনতাই যাতে প্ৰাণৰক্ষা কৰিব পাৰে তাৰ বাবে পুঁজি দিছিল কেন্দ্ৰই৷ কিন্তু ৭ বছৰে বাংকাৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল৷ ফলত সীমান্তত পাকিস্তানৰ গুলীৰ পৰা বাছিবলৈ সুবিধা নাপালে সাধাৰণ নাগৰিকে৷
শত্ৰুৰ দ্বিচাৰিতা প্ৰচাৰৰ কূটনীতিকো ৰাজনীতিৰ নাগপাশে মেৰিয়াই ধৰিছে৷ প্ৰধানত: শশী থাৰুৰৰ নেতৃত্বক কেন্দ্ৰ কৰি কংগ্ৰেছ হৈ পৰিছে ক্ষুণ্ণ৷ পিছে এই প্ৰসংগটোৱেই দলটোক ৰাজনৈতিকভাৱে বেকফুটলৈ ঠেলি দিছে৷ চৰকাৰে বিদেশমুখী সৰ্বদলীয় সাংসদৰ দলৰ নেতৃত্ব থাৰুৰক প্ৰদানৰ বাঞ্জা কৰিছে৷ কংগ্ৰেছে কিন্তু বিদেশলৈ পঠিয়াব বিচৰা নাই তিৰুৱনন্তপুৰমৰ বিদ্বান সাংসদজনক৷
ৰাহুল গান্ধীয়ে সৰ্বদলীয় সাংসদৰ দলৰ প্ৰতিনিধি হিচাপে চাৰিজন সতীৰ্থৰ তালিকা দাখিল কৰিছিল৷ য’ত নাছিল থাৰুৰৰ নাম৷ দলটোৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সদৰী কৰা মতে গণতান্ত্ৰিক প্ৰণালীত সাংসদে বিদেশলৈ ৰাষ্ট্ৰীয় ভ্ৰমণসূচী নিৰ্ধাৰণ কৰাৰ পূৰ্বে দলৰ অনুমতি লোৱাটো বাধ্যতামূলক৷ সেইসূত্ৰে কংগ্ৰেছ নেতৃত্বই নিৰ্ধাৰণ কৰা চাৰিজন নেতাইহে দেশৰ স্থিতি গোলকীয় স্তৰত প্ৰচাৰ কৰিবলৈ সৰ্বদলীয় দলৰ সৈতে যাত্ৰাৰ অনুমতি লাভ কৰিব৷ ৰাহুল গান্ধীয়ে আজি মন্ত্ৰী কিৰেন ৰিজিজুৰ হাতত প্ৰদান কৰা চাৰিজনীয় তালিকাখনত নাম আছে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী আনন্দ শৰ্মা, ৰাজ্যসভাৰ সাংসদ ড: ছঈদ নাছেৰ হুছেইন আৰু লোকসভাৰ সদস্য ৰাজা ব্ৰাৰ৷
কিন্তু ইতিপূৰ্বে কেন্দ্ৰই শশী থাৰুৰক সৰ্বদলীয় প্ৰতিনিধি দলৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে৷ বিদেশ পৰিক্ৰমাৰ অগাধ জ্ঞান আৰু সংসদীয় বৰ্হি পৰিক্ৰমা কোষৰ মুৰব্বী হিচাপে তেওঁক এই দায়িত্ব দিয়া হৈছিল৷ তথাপি বিষয়টোত আউল লগাইছে কংগ্ৰেছে৷ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা গান্ধী পৰিয়ালৰ অপ্ৰিয় হৈ পৰা থাৰুৰেও চৰকাৰৰ আহ্বানৰ প্ৰতি জনাইছিল সঁহাৰি৷ পিছে কেৰালাৰ নেতাজনৰ সৈতে নেতৃত্বৰ দূৰত্ব বাঢ়িছে৷ সেয়ে তেওঁক চৰকাৰী প্ৰতিনিধি দলৰ দায়িত্ব দিবলৈ বিচৰা নাই কংগ্ৰেছে৷ এই প্ৰসংগটোক মুখ পাতি ধৰিছে বিজেপিয়ে৷ ঈৰ্ষান্বিত হৈ কংগ্ৰেছ নেতৃত্বই থাৰুৰক আঁতৰাবলৈ বিচৰা বুলি শাসকীয় পক্ষই দাবী কৰিছে৷ পিছে শেহতীয়া খবৰ অনুসৰি দলে বিৰোধিতা কৰিলে সৰ্বদলীয় সাংসদক নেতৃত্ব প্ৰদান কৰিব শশী থাৰুৰে৷ কূটনৈতিকভাৱে বিদেশত চৰকাৰৰ পক্ষে প্ৰচাৰ চলাবলৈ যাব ৭ জনপ্ৰতিনিধি৷ তেওঁলোক হৈছে ক্ৰমে কংগ্ৰেছৰ শশী থাৰুৰ, বিজেপিৰ ৰবিশংকৰ প্ৰসাদ, জনতা দল ইউনাইটেডৰ সঞ্জয় ঝা, ডি এম কেৰ কানিমোঝি, এন চি পি-শাৰদ পাৱাৰৰ সুপ্ৰিয়া ছুলে আৰু শিৱসেনা-সিন্দেৰ শ্ৰীকান্ত একনাথ সিন্দে৷ এই বিষয়টোতো চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছে৷ পিছে কাৰো কথালৈ কেন্দ্ৰই কৰা নাই কৰ্ণপাত৷
দলে অনুমতি নিদিলেও সৰ্বদলীয় প্ৰতিনিধিৰ নেতৃত্ব বহন কৰিব শশী থাৰুৰে৷ কংগ্ৰেছ নেতৃত্বই তেওঁক পাকিস্তানৰ বিৰুদ্ধে প্ৰচাৰৰ বাবে গঠিত সাংসদৰ দলৰ সৈতে যোৱাৰ আজ্ঞা দিয়া নাই, কিন্তু থাৰুৰে যাবলৈ মন বান্ধিছে৷ চৰকাৰে ন্যস্ত কৰা দায়িত্ব তেওঁ পালন কৰিব৷ পাকিস্তানৰ নাক-কাণ কাটিবলৈ গঠন কৰা ৭ জনীয়া সাংসদৰ দলটোৰ নেতৃত্ব বহন কৰিব বুলি প্ৰকাশ কৰিছে থাৰুৰে৷ এয়া ৰাষ্ট্ৰীয় দায়িত্ব বুলিয়েই তিৰুৱনন্তপুৰমৰ সাংসদজনে অভিহিত কৰিছে৷
গতিকে বিদেশ ভ্ৰমণৰ সমাপ্তিৰ পিছতে যে থাৰুৰ কংগ্ৰেছৰ পৰা নিলম্বিত হ’ব সেয়াও হৈ পৰিছে খাটাং৷ কিন্তু তেওঁৰ সৈতে গান্ধী পৰিয়ালৰ সংঘাতে কংগ্ৰেছকো নিৰ্ঘাত বিপদত পেলাব৷ কাৰণ বিজেপিৰ অস্তিত্বহীন ৰাজ্য কেৰালাত এইবছৰেই অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ বাওঁমৰ্চা শাসনত থকা ৰাজ্যখনত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি ৯০ শতাংশ সমীক্ষকে দাবী কৰিছে৷ কিন্তু সেইখন ৰাজ্যৰে প্ৰতিনিধি থাৰুৰৰ সৈতে নিৰ্ণায়ক সময়ত কংগ্ৰেছ নেতৃত্বই কৰিছে যুদ্ধ৷ গতিকে কংগ্ৰেছ যে আন এক বিপদৰ দিশে আগবাঢ়িছে সেয়াও নিশ্চিত৷
সঁচা কথা কৈ ফচিল পাকিস্তান
