মদৰ বটলে ভৰি কটাৰ ফলত হস্পিতেলত খেতিয়ক

এইবেলি অসমৰ পথাৰত ধান খেতি কৰিব নোৱাৰিব৷ মদাহীৰ বাবে অসমৰ পথাৰত কৰিব লাগিব কোৱাৰ্টাৰ বটলৰ৷ খেতিৰ বতৰত পথাৰত মদৰ বটলৰ টুকুৰাই ভৰি কটা খেতিয়ক হস্পিতেলত ভৰ্তি হ’বলগীয়া হৈছে৷ মাটি চহ কৰাৰ সময়ত সৃষ্টি হৈছে কোৱাৰ্টাৰ বটলৰ সন্ত্ৰাস৷
বৰষুণৰ সময়ত খেতিয়কে পথাৰত ট্ৰেক্টৰ নমাইছে৷ বেছিভাগ পথাৰতে ট্ৰেক্টৰে ভাঙিছে মদৰ খালী বটল৷ মদাহীয়ে পথাৰত পেলোৱা বটলৰ টুকুৰাই ডিব্ৰুগড়ৰ টেঙাখাট আৰু লাহোৱালত ১৯ জনৰ লোকৰ ভৰি কাটিছে৷ তাৰে ছজন বৰ্তমান AMCHত ভৰ্তি হৈ আছে৷
যোৰহাটৰ তৰাজানতো মদৰ ভঙা বটলে ভৰি কটাৰ ভয়ত পথাৰত নামিবলৈ ভয় কৰা হৈছে খেতিয়কে৷ তাত যোৱা এসপ্তাহৰ ভিতৰত বটলৰ টুকুৰাই তলুৱা বখলিয়াই পেলাইছে ১৬ কৃষকৰ৷ ট্ৰেক্টৰে ভাঙি পেলোৱা মদৰ বটলে পংগু কৰিছে খেতিয়কক৷ তেওঁলোক এইবাৰলৈ পথাৰত নামিব নোৱাৰে৷
তেজপুৰ মেডিকেল কলেজতো ভৰ্তি হৈ আছে ৯ জন ভৰি কটা কৃষক৷ এইসকল তেজপুৰৰ ডিপোটা বিহগুৰি আৰু ঢেকিয়াজুলিৰ৷ সকলোৰে ভৰি পথাৰত পৰি থকা কাঁচৰ বটলে বখলিয়াই পেলাইছে৷ কোৱাৰ্টাৰ বটলৰ ধাৰাল চিচা খেতিয়কৰ তলুৱাৰে সোমাই গৈছে৷
গতিকে মদৰ বটল যদি প্লাষ্টিকৰ নকৰে তেন্তে খেতি কৰাটো অসম্ভৱ হৈ পৰিব৷ হাল বোৱাৰ পূৰ্বে মদৰ বটল বুটলিবলৈ পথাৰত হাজিৰা লগাবলগীয়া হৈছে খেতিয়কে৷ সেইফালেও হৈছে অতিৰিক্ত খৰচ৷ বিশেষকৈ পথৰ কাষৰ পথাৰত মদৰ বটল বুটলিও শেষ কৰিব পৰা নাই৷
কিন্তু মিঞাপ্ৰধান এলেকাত এইটো সমস্যা নাই৷ মদৰ বটল পথৰ দাঁতিত পেলোৱাৰ দৰে সমস্যাৰ পৰা মিঞা খেতিয়ক মুক্ত হৈ আছে৷ পিছে অসমীয়া খেতিয়কৰ পথাৰত মদাহীয়ে কৰিছে কোৱাৰ্টাৰৰ খেতি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial