প্ৰেমানন্দ মহাৰাজৰ স্পৰ্শ সুখ লাভ কৰাৰ আশা

এই দৃশ্যটো প্ৰথমে চাই লওক
এদল হিন্দুৱে চেলেকি আছে লেতেৰা মজিয়া
ঘটনাটো এনেধৰণৰ
বৃন্দাবনত ভক্তসকলক সম্বোধন কৰিছিল প্ৰেমানন্দ মহাৰাজে৷ হালধীয়া বস্ত্ৰ পৰিধান কৰি প্ৰেমানন্দই ভক্তসকলক উপদেশ দিছিল৷ নিৰ্দিষ্ট সময়ৰ পিছত মহাৰাজে প্ৰস্থান কৰিলে৷ তেতিয়াই আৰম্ভ হৈ গ’ল হিন্দুধৰ্মী ভক্তসকলৰ উন্মাদনা৷
হিন্দুৰ নামত এচাম লোক কেনেকৈ উন্মাদ হৈ পৰিছে সেয়া প্ৰতিপন্ন কৰি তেওঁলোকে প্ৰেমানন্দ মহাৰাজ বহা মজিয়াখন স্পৰ্শ কৰিলে৷ প্ৰেমানন্দৰ স্পৰ্শ পোৱা বুলি ভাবি তেওঁলোকে জিভা উলিয়াই চেলেকিবলৈ ধৰিলে লেতেৰা মজিয়াখন৷ সহস্ৰাধিক লোকে লেতেৰা কৰা পকী মজিয়া জিভাৰে চেলেকি তেওঁলোকে চাফা কৰি পেলালে৷
ভক্তসকলৰ মতে মজিয়াখন চেলেকি তেওঁলোকে প্ৰেমানন্দ মহাৰাজক স্পৰ্শৰ দৰে অনুভূতি লাভ কৰিছে৷ ধৰ্মীয় গুৰুজনক চুই চাবলৈ নোপোৱাৰ বাবে তেওঁলোকে মজিয়াখনেই চেলেকিছে৷ বৃন্দাবনৰ লেতেৰা মজিয়া চেলেকিও মিঠা সোৱাদ পোৱা বুলিহে দাবী কৰিছে ভক্তসকলে৷
এই ঘটনাটোৱে প্ৰতিপন্ন কৰিছে ধৰ্মৰ নামত চলি থকা উন্মাদনা৷ হিন্দু ধৰ্মাৱলম্বী যে ধৰ্মীয় আচৰণৰ বাবে উন্মাদ হৈ পৰিছে সেয়াই ঘটনাটোৱে প্ৰদৰ্শন কৰিছে৷
এই ঘটনাৰ পিছতে বৃন্দাবনৰ চৰকাৰী হস্পিতেলত ভিৰ বাঢ়িছে৷ লেতেৰা মজিয়া চেলেকি অসুস্থ হৈ পৰা লোকে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চিকিৎসা৷ প্ৰেমানন্দ মহাৰাজৰ স্পৰ্শৰ অনুভূতি পোৱাৰ বাবে মজিয়াখনত জিভা লগোৱা লোকসকলৰ বেছিভাগেই পেটৰ অসুখত আক্ৰান্ত হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial