১০ ছেপ্টেম্বৰ
তাৰিখটো মনত ৰাখি থওক
সেইদিনাই সলনি হ’ব পাৰে অসমৰ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰৰ ১০ তাৰিখে অৰ্থাৎ পূজাৰ আগতে পদত্যাগ কৰিবলৈ বাধ্য হৈ যাব পাৰে৷
যদি সেইটো নহয় তেন্তে হেণ্ডকাফ লাগিব গৌৰৱ গগৈৰ হাতত৷ যোৰহাটৰ সাংসদক অসম পুলিচে হাতকেৰেয়া লগাই টানি নি লক-আপত ভৰাই থৈ দিব৷
এই কথাবোৰ কেৱল ৰাজনৈতিক অনুমান নহয়, বাস্তৱ সত্যহে৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কৈছে- ১০ ছেপ্টেম্বৰত তেওঁ গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ বিষয়ে ব্যাখ্যা কৰিব৷ অৰ্থাৎ গৌৰৱ যে ISIৰ এজেণ্ট সেয়া তেওঁ বিশেষ দিনটোত প্ৰমাণ কৰি দিব৷
যদি মুখ্যমন্ত্ৰীয়ে কথাটো প্ৰমাণ কৰি দিব পাৰে তেন্তে গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পৰিব৷ কাৰণ ISIৰ এজেণ্ট বুলি প্ৰমাণিত হোৱাৰ পিছতে তেওঁক কৰা হ’ব গ্ৰেপ্তাৰ৷
যদি সেইটো নহয়গৈ তেন্তে হিমন্ত বিশ্ব শৰ্মাই এৰি দিব মুখ্যমন্ত্ৰীৰ চকী৷ অহৈ বিধানসভা নিৰ্বাচনলৈ সম্ভৱত: পীয়ূষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ পৰিচালনা কৰিব৷ মুঠতে ১০ ছেপ্টেম্বৰতে কিবা এটা হ’ব৷ সেইদিনা এজন জে’ললৈ যাব আৰু আনজনে হয়তো পদত্যাগ কৰিব৷
ভীষ্ম প্ৰতিজ্ঞা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱৰ পাকিস্তানী লিংক প্ৰমাণ কৰি দেখুৱাম বুলি শপতেই খাইছে৷ সেই হিচাপে যোৰহাটত হ’ব উপ-নিৰ্বাচন৷
এই সময়তে আকৌ গৌৰৱৰ সন্তানে ভাৰতীয় নাগৰিকত্ব নোলোৱাটো বেয়া কথা বুলি ভাবিছে অখিল গগৈয়ে৷ অখিলে অৱশ্যে কি বিচাৰিছে সেয়াও এইপৰ্যন্ত অজ্ঞাত৷
ছেপ্টেম্বৰতে যোৰহাটত হ’ব উপ-নিৰ্বাচন
