শীঘ্ৰে বিজেপিলৈ যাব গৌৰৱ গগৈ
বৰ্তমান তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে৷ পিছে দেৰিকৈ হ’লেও গৌৰৱৰ কংগ্ৰেছত্যাগ নিশ্চিত৷ কিয়নো পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বুলি বিজেপিয়ে পূৰ্বে আক্ৰমণ কৰা কেবাজনো নেতাই পিছলৈ কংগ্ৰেছ ত্যাগ কৰিছিল৷ যাৰ শেহতীয়া উদাহৰণ হৈছে শশী থাৰুৰ৷
প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু হৈ পৰা শশী থাৰুৰৰ প্ৰেয়সী সুনন্দা পুষ্কৰৰ ২০১৪ চনত মৃত্যু হৈছিল৷ তাৰ পূৰ্বে থাৰুৰে সুনন্দা নামত ক্ৰয় কৰিছিল কোচি টাস্কাৰ্ছ নামৰ IPL দলৰ ৫ শতাংশ অংশীদাৰিত্ব৷ সেয়ে সুনন্দাক থাৰুৰৰ ৫০ কোটিটকীয়া গাৰ্লফ্ৰে’ণ্ড বুলি ইতিকিং কৰিছিল মোদীয়ে৷
তেতিয়া সুনন্দা পুষ্কৰৰ হত্যাৰ গোচৰতো অভিযুক্ত হৈছিল থাৰুৰ৷ সেইসময়তে তেওঁ পাকিস্তানী সাংবাদিক মেহেৰ তাৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰিছে বুলিও খবৰ ওলাইছিল৷ গতিকে ভাৰতীয় সংবাদ মাধ্যমত থাৰুৰ হৈ পৰিছিল পাকিস্তানী এজেণ্ট৷
ড: মনমোহন সিঙৰ আমোলত থাৰুৰক তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আক্ৰমণ কৰিছিল৷ থাৰুৰেও প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মোদীক থেকেচি আছিল৷ ভাৰত ভ্ৰমণলৈ অহা নৱাজ শ্বৰীফক বিৰিয়ানী খুৱাবলৈয়ো মোদীক উপদেশ দিছিল থাৰুৰে৷ কিন্তু সময় সলনি হৈ গ’ল৷
সেই থাৰুৰেই কংগ্ৰেছ নেতৃত্বৰ নিৰ্দেশ উপেক্ষা কৰি চৰকাৰক সমৰ্থন কৰিছে৷ অপাৰেশ্যন সিন্দূৰ আৰু মোদী চৰকাৰৰ বিদেশ নীতিৰ প্ৰশংসক হৈ পৰিছে থাৰুৰ৷ ৰাহুল গান্ধীৰ কথা নুশুনি থাৰুৰে এদল সাংসদক বিদেশ যাত্ৰাৰ বাবে নেতৃত্ব দিবলৈ সাজু হৈছে৷ হয়তো বিদেশৰ পৰা প্ৰত্যাৱৰ্তনৰ পিছতে থাৰুৰে বিজেপিত যোগদান কৰিব৷ তেওঁ ত্যাগ কৰিব কংগ্ৰেছ৷
গতিকে গৌৰৱেও একেটা পথেই সম্ভৱত: ভৱিষ্যতে অনুসৰণ কৰিব৷ থাৰুৰো একালত গৌৰৱৰ দৰেই আছিল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ৷ কিন্তু সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ নিজৰ বিপদ চপাই ল’লে৷ সেয়ে উচ্চাকাংক্ষী গৌৰৱো একেখন জালতে যে আবদ্ধ হ’ব সেয়া অৱধাৰিত৷
উচ্চাকাংক্ষাৰ বাবেই গান্ধী পৰিয়ালৰ শত্ৰু হ’ব গৌৰৱ
