আলুৰ বস্তাত আছিল চোৰাং গৰু

বঙাইগাঁৱৰ মাজেৰে সদায় চলি আছে চোৰাং গৰুৰ সৰবৰাহ৷ জিলাখনৰ অভয়াপুৰীত চোৰাং গৰু কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাত পতিত তিনিটাকৈ গৰুৰ থিতাতে নিহত হৈছে৷
পশ্চিমবংগৰ পৰা অহা এছ-১৭-চি-৫৮০২ নম্বৰৰ ট্ৰাকখন বঙাইগাঁও জিলাৰ মাজেৰে গোৱালপাৰা জিলাৰ দুধনৈ অভিমুখে গৈ আছিল৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত পুৱা প্ৰায় ৫.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈছিল ট্ৰাকখন৷
ট্ৰাকখন বাগৰি পৰাৰ শব্দ শুনাৰ লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়৷ ট্ৰাকখনত আলু আৰু ২০টা গৰু আছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰে ৩টা গৰু দুৰ্ঘটনাত থিতাতে মৃত্যু হয়৷
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ট্ৰাকৰ চাৰিওপিনে আবৃত কৰি মাজত ঠেং বান্ধি ২০ টাকৈ গৰু কঢ়িয়াই লৈ আহিছিল৷ বঙাইগাঁও জিলাৰ বিভিন্ন গ্ৰাম্য পথ, জলপথ বিশেষকৈ ব্ৰহ্মপুত্ৰৰে চোৰাং গৰুৰ সৰবৰাহ দীৰ্ঘদিন ধৰি চলি আহিছে৷
ৰাজ্য চৰকাৰে গৰুৰ ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ বিধি ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও ইয়াৰ মাজতো চোৰাং ব্যৱসায়ীয়ে বিনা বাধাই চলাই নিছে ব্যৱসায়৷ জানিব পৰা মতে কিছুসংখ্যক চোৰাং গৰু গ্ৰাম্যপথেৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়া হয়৷
তাৰ পিছত ভটভটী নাৱেৰে বৰপেটা জিলাৰ বাঘবৰ আদি বজাৰলৈ নিয়াৰ পিছত মেঘালয় আনকি বাংলাদেশলৈ নিয়া বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ জানিব পৰা মতে বুধবৰীয়া আৰু দেওবৰীয়া বজাৰক লক্ষ্য কৰি উক্ত দিনবোৰৰ পুৱাৰ ভাগতে সৰু সৰু বাহনত সৰবৰাহ হৈ আহিছে গো-ধনৰো৷
তেনেদৰে বইটামাৰী অঞ্চলৰ পৰাও কিছুসংখ্যক গো-ধন ঔডুবী অঞ্চললৈ অনাৰ পিছত ব্ৰহ্মপুত্ৰ নৈৰে জলেশ্বৰ চুনাৰী অঞ্চললৈ চোৰাংকৈ গো-ধন সৰবৰাহ বুলিও জানিব পৰা গৈছে৷ ইপিনে গৰু চোৰাং ব্যৱসায়ৰ সমান্তৰালকৈ জিলাখনত গৰু চুৰিচক্ৰ সক্ৰিয় হোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial