ভবা নাছিল তমন্না ভাটিয়াই
অনুৰাগীয়ে যে সুবিধা বুজি বুকুত হাত দিব সেয়া তেওঁ ভবাই নাছিল
কিন্তু এটা পুৰস্কাৰ প্ৰদান অনুষ্ঠানত সুবিধা বুজি লম্পট অনুৰাগীয়ে তমন্নাৰ শৰীৰ স্পৰ্শ কৰিলে৷ আন এজনে আকৌ তমন্নাৰ স্তন স্পৰ্শৰো কৰিলে চেষ্টা৷ তথাপি অত্যাচাৰ সহ্য কৰি থাকিবলগীয়া হ’ল তমন্নাই৷ ভিৰৰ মাজত সোমাই পৰা বগী অভিনেত্ৰী ওলাব নোৱাৰা হৈ পৰিল৷
এই ঘটনাটো মুম্বাইৰ৷ য’ত অভিনেত্ৰী তমন্নাই ধনৰ বিনিময়ত এটা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছিল৷ সেই অনুষ্ঠানত তমন্নাই আজ কী ৰাত শীৰ্ষত গীতত কঁকাল ভাঙিলে৷ তেনেই চুটি পোছাক পিন্ধি অভিনেত্ৰীগৰাকীয়ে কেবাটাও গীতত নৃত্য কৰিলে৷ এঘণ্টা অনুষ্ঠান পৰিৱেশন কৰিলে তমন্নাই৷ শেষত তেওঁ দৰ্শকৰ মাজেৰে নামি আহিল৷ তেতিয়া ঘটিল মহা অথন্তৰ৷
তমন্নাক কাষতে পাই ছেলফি উঠিবলৈ এদল লোকে হেতা-ওপৰা লগালে৷ কেবাজনো পুৰুষে তমন্নাক স্পৰ্শ কৰিবলৈয়ো চেষ্টা কৰিলে৷ ক্ৰমে ভিৰৰ মাজত সোমাই পৰা তমন্না ওলাব নোৱাৰা হ’ল৷ ছেগ বুজি লম্পটে তমন্নাৰ স্তন স্পৰ্শ কৰিলে৷ কাপোৰৰ ওপৰতে তেওঁৰ গোপন অংগত হাত দিলে লম্পটে৷
অনুৰাগীৰ ভিৰৰ মাজত সোমাই তমন্না দুৰ্বল হৈ পৰিল৷ তেওঁৰ হাতত ধৰি একেস্থানতে আবদ্ধ কৰি ৰাখিলে কেবাজনো পুৰুষে৷ এজনে আকৌ তমন্নাৰ গালত স্পৰ্শ কৰিলে৷ আন এজনে তমন্নাৰ পিঠিত মাৰিলে চিকুট৷ বিৰক্ত হ’লেও কিন্তু ওলায়ো যাব নোৱাৰা হ’ল তমন্না৷
বহুসময়ৰ পিছতহে উদ্যোক্তাই ভিৰৰ মাজৰ পৰা তমন্নাক উদ্ধাৰ কৰিলে৷ লম্পটে দেহ স্পৰ্শ কৰাৰ বাবে অতিষ্ঠ হোৱা তমন্নাৰ কাপোৰো খোল খাই পৰিল৷ তেওঁৰ স্কাৰ্টৰ বুটাম খুলি পেলালে ষ্টেজৰ কাষতে বহি থকা পুৰুষে৷ তমন্নাৰ টপটোও খুলিবলৈ চেষ্টা কৰিলে আন এজনে৷
স্কাৰ্টৰ বুটাম খুলি দিলে লম্পটে
