মৰা ঘোঁৰাৰ লেকাম সলনি কৰাৰ কথা ওলাইছে
পূৰ্বে তেজী ঘোঁৰা বন্ধা আস্তাবল ৰাজীৱ ভৱনত সম্প্ৰতি পৰি আছে মৰা ঘোঁৰা৷ কিন্তু তাৰ মাজতে দিল্লীলৈ মানুহ পঠিয়াই মৃত ঘোঁৰাৰে লেকাম সলনি কৰাৰ কথা ওলাইছিল৷
আমি ক’বলৈ বিচাৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ কথা৷ ভূপেন বৰাৰ পৰা নেতৃত্ব কাঢ়ি লৈ প্ৰদ্যুৎ বৰদলৈ অথবা গৌৰৱ গগৈক APCCৰ সভাপতি পতা হ’ব বুলি দুদিন উথপথপ লাগিল৷ কিন্তু এটা কথা প্ৰায় নিশ্চিত হৈছে যে ভূপেন বৰাই APCCৰ সভাপতি পদত বাহাল থাকিব৷
কিন্তু সভাপতি সলনি কৰিলে প্ৰদেশ কংগ্ৰেছৰ কি লাভ হ’ব সেয়া প্ৰদ্যুৎ অথবা গৌৰৱেও নাজানে৷ ব্লক কংগ্ৰেছৰ সভাপতি পদ প্ৰদানৰ নামত চান্দা তোলাৰ বাদে APCCৰ সভাপতিয়ে অসমত এতিয়া একো কৰিব পৰা কামো নাই৷
অৱশ্যে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে APCCৰ সভাপতিয়ে টিকটৰ নামত আকৌ বজাৰ মেলিবলৈ সুবিধা লাভ কৰিব৷ যিদৰে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে জনৈক তালুকদাৰৰ সৈতে মিলি এজন শীৰ্ষ নেতাই দুটা সমষ্টি বিজেপিক বিক্ৰী কৰিছিল, সেইদৰে এইবাৰো সুযোগ সৃষ্টি হ’ব৷ গতিকে ভাল হ’ব ইনকাম৷
পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ উটি-ভাহি যোৱাটোৱে সংখ্যালঘু ভোটবেংকৰ বিভাজনো নিশ্চিত কৰিছে৷ গতিকে লাহে লাহে মিঞা এলেকাৰ পৰাও কালেকশ্যন যে কমিব সেয়াও খাটাং৷
সমৰ্থকৰ ফোন ধৰিবলৈয়ো সময় নোপোৱা কংগ্ৰেছ নেতাই বছৰটোৰ ৮ মাহ সময়েই সভাপতি সলনি কৰাৰে চিন্তা কৰি থাকে৷ দল গণভিত্তিহীন হ’লেও ৰাজীৱ ভৱনটো দখল কৰি থকাটোৱেই তেওঁলোকৰ বাবে হৈ পৰিছে মুখ্য বিষয়৷
গতিকে মৰা ঘোঁৰাৰ লেকাম সলনি কৰিবলৈ আকৌ চলিছে যো-জা৷ লাভৰ লোভোৰা, বসুদেৱ জপৰা হ’লেও ৰাজীৱ ভৱনত সৰুসুৰাকৈ বলিছে গৰম বতাহ৷
মৰা ঘোঁৰা কংগ্ৰেছৰ লেকাম সলনি নহয়
