পাল মাৰি দলং সাজিলে ঠিকাদাৰে৷ চৰকাৰে কোটি কোটি টকা খৰচ কৰিলে, কিন্তু ডিব্ৰুগড়ত দুখন গাড়ীও সৰকি যাব নোৱাৰা দলং সাজি দিলে ঠিকাদাৰে৷ চহৰত গাড়ীৰ সংখ্যা যিমান বাঢ়িছে, সেই দুয়োখন ফ্লাই অভাৰ ২০ বছৰৰ ভিতৰতে ভালুকৰ সাঙীহৈ হৈ পৰিব সেয়া খাটাং৷
চৰকাৰী ধনেৰে তিনিবছৰ সাজি সাজি ডিব্ৰুগড়ৰ থানা চাৰিআলি আৰু কনভয় ৰোডত দুখনকৈ অভাৰব্ৰীজ কিছুদিন পূৰ্বে মুকলি কৰা হ’ল৷ পণ্ডিতপ্ৰবৰ লীলা গগৈ আৰু আৰু বাগ্মীবৰ নীলমণি ফুকনৰ নামেৰে নামকৰণ কৰা হ’ল দলং দুখন৷ পিছে সেই দুখনৰ আকাৰ দেখিয়েই ৰাইজ আচৰিত হৈছে৷
যিহেতু এখন ফ্লাই অভাৰ কমেও ১০০ বছৰৰ বাবে নিৰ্মাণ কৰা হয়, সেয়ে তাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হয়৷ কিন্তু ডিব্ৰুগড়ৰ ফ্লাই অভাৰত তেনে একো পৰিকল্পনা কৰা নাই৷ সেয়ে ঠেক ফ্লাই অভাৰ সাজি পাল মাৰিছে ঠিকাদাৰে৷
দুয়োখন ফ্লাই অভাৰৰে প্ৰস্থ হৈছে প্ৰায় ৪০ ফুট৷ গাৰ্ডৱাল আৰু ফুটপাথ আহল-বহলকৈ সাজিছে৷ সেয়ে বেছিকৈ সংকুচিত হৈ পৰিছে পথ৷ ফলত দুখন গাড়ী কোনোমতেহে পাৰ হ’ব পৰাকৈ ঠাই বাকী ৰৈছে৷
এই ঠেক দলং দুখনে বেছিদিনলৈ ডিব্ৰুগড়ৰ বৰ্ধিত জনসংখ্যাৰ বোজা বহন কৰিব নোৱাৰে৷ তেনেই ঠেক অভাৰব্ৰীজৰ বাবে কিছুদিন পিছতে নিৰ্দিষ্ট ঠাইত হ’ব ভয়ংকৰ যান-জঁট৷ ভৱিষ্যত পৰিকল্পনা নকৰাকৈ আৰ্হি প্ৰস্তুত কৰাৰ ফলত দ্বিতীয় ৰাজধানীৰ বাবে গলগ্ৰহ হৈ পৰিব এই দুখন ফ্লাই অভাৰ৷
গতিকে প্ৰশ্ন হয়, কিয় লৰা-লৰিকৈ পাল মাৰি দলং দুখন নিৰ্মাণ কৰা হ’ল৷ গুৱাহাটীত আহল-বহল অভাৰব্ৰীজ নিৰ্মাণৰ বিপৰীতে দ্বিতীয় ৰাজধানীক প্ৰতাৰণাই কৰা হৈছে৷ গতিকে ঘনীভূত হৈছে দলং নিৰ্মাণৰ নামত কেলেংকাৰিৰ সন্দেহ
ফ্লাই অভাৰেৰে পাৰ হৈ নাযায় দুখন গাড়ী
