নখে ৰং সলালেই যাওক হস্পিতেল

আপোনাৰ নখবোৰ হঠাতে হালধীয়া পৰি গৈছে নেকি?
তেন্তে ভাল কথা হোৱা নাই৷ যদি নখৰ ৰং হালধীয়া হৈছে তেন্তে সোনকালে চিকিৎসকৰ ওচৰলৈ যাওক৷ কাৰণ হালধীয়া নখ হৈছে অধিক কলেষ্ট’ৰেলৰ লক্ষণ৷ শৰীৰত কলেষ্ট’ৰেলৰ পৰিমাণ বৃদ্ধিৰ ফলত ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি হয়৷ যিকোনো সময়তে হৃদৰোগৰ ভয়ো কলেষ্ট’ৰেলে বঢ়াই তোলে৷
অৱশ্যে নখ বগা পৰি যোৱাটোও ভাল লক্ষণ নহয়৷ যদি আপোনাৰ হাত-ভৰিৰ নখ হঠাৎ বগা হৈ গৈছে তেন্তে সেয়া হৈছে হৃৎপিণ্ডৰ দুৰ্বলতা আৰু লিভাৰৰ ৰোগৰ লক্ষণ৷ বগা নখে ৰক্তহীনতাৰো সংকেত দিয়ে৷ পুষ্টিহীনতাত ভুগিলেও বগা হৈ পৰে নখ৷
কেতিয়াবা হঠাতে নখ নীলা হৈ যায়৷ সেয়াও ভালৰ বাবে হোৱা বুলি নাভাবিব৷ নীলা নখ হৈছে হাঁওফাওঁৰ ৰোগৰ লক্ষণ৷ গতিকে নখ সামান্য নীলা হ’লেই হস্পিতেললৈ দৌৰ মাৰিব৷ এই ৰঙে হৃদৰোগৰো সংকেত দিয়ে৷
কেতিয়াবা অকাৰণতে হাতৰ নখ ডাঠ হৈ পৰে৷ কটাৰ সময়ত সেই সমস্যাৰ উমান পোৱা যায়৷ নখ ডাঠ হৈ পৰাটো হৈছে ডায়েবেটিছৰ লক্ষণ৷ যদি হাতৰ নখ ডাঠ হৈছে তেন্তে আপোনাৰ হৃৎপিণ্ডও দুৰ্বল হৈ পৰিব পাৰে৷ কেতিয়াবা হাঁওফাওঁৰ সংক্ৰমণ হ’লেও নখ ডাঠ হৈ পৰে৷
নখ ফাটি যোৱাটোও ৰোগৰে লক্ষণ৷ শৰীৰত ভিটামিন-বি আৰু জিংকৰ অভাৱ হ’লে এই সমস্যা হয়৷
ক’লা নখ হৈছে কেন্সাৰৰ লক্ষণ৷ গতিকে নখত ক’লা দাগ দেখিলেই সময় নষ্ট নকৰিব৷ ততালিকে চিকিৎসকৰ ওচৰলৈ গ’লে আপুনি উপকৃত হ’ব৷
যদি নখত বগা দাগ দেখে তেন্তে আপোনাৰ জণ্ডিচ হোৱাটো প্ৰায় খাটাং৷ একেদৰে লিভাৰৰো সমস্যা হ’ব পাৰে৷ গতিকে নখত দেখা দিয়া ৰোগৰ ইংগিতক অৱহেলা নকৰিব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial