স্পা নহয়
এইখন বেশ্যালয়হে
স্পা নামধাৰী বেশ্যালয়ৰ সৰহসংখ্যক পতিতা হৈছে কলেজীয়া ছাত্ৰী৷ যি বিলাসী জীৱন যাপনৰ বাবে বেশ্যাবৃত্তিত লিপ্ত হৈছে৷
অৱশ্যে বাহিৰৰ চাইনব’ৰ্ডতহে স্পা শব্দটো লিখা আছে৷ ভিতৰত চলি আছে দেহ ব্যৱসায়৷ অসমৰে স্পাৰ ডাষ্টবিনত শতাধিক ব্যৱহৃত কনড’ম দেখি আচৰিত হৈছে চাফাইকৰ্মীও৷
প্ৰথমে চাওক এই দৃশ্যটো
বিশেষ স্পাখনত মালিচৰ নামত যুৱতীৰ সৈতে কামলীলা কৰি আছিল পুৰুষে৷ মালিচ কৰাৰ সময়তে শৰীৰৰ পৰা বস্ত্ৰ খুলি পেলাইছিল যুৱতীয়ে৷ কিন্তু হঠাতে দুৱাৰ খোল খাই গ’ল৷ তাৰ পিছতে লাগি গ’ল ঘম:ঘণ্ট৷ পুৰুষ গ্ৰাহকক মালিচৰ নামত শৰীৰৰ সুখ দিয়া যুৱতী আছিল কলেজীয়া ছাত্ৰী৷
একেদৰে গুৱাহাটীৰ বিশেষ স্পাৰ ডাষ্টবিনৰ জাবৰ সংগ্ৰহ কৰাটো হৈ পৰিছে সমস্যা৷ কাৰণ ডাষ্টবিনত প্ৰতিদিনেই ওলাইছে ব্যৱহৃত কনড’ম৷ গতিকে চাফাইকৰ্মীও সমস্যাৰ সন্মুখীন হৈছে৷
এজন গ্ৰাহকে জনোৱা মতে গুৱাহাটীৰ স্পাখনত কৰ্মৰত যুৱতীসকল কিন্তু গুৱাহাটীৰ নহয়৷ তেওঁলোকে কলেজত অধ্যয়নৰ সূত্ৰেহে গুৱাহাটীত বাস কৰে৷ সেইসকলে মহানগৰীত কৰে দেহৰ বেহা৷
স্পাৰ মালিকে এজেণ্টৰ জৰিয়তে কলেজীয়া ছাত্ৰীক ব্যৱহাৰ কৰে৷ বিনিময়ত প্ৰতিদিনে ছাত্ৰীসকলে পায় কেবাহাজাৰ টকা৷ সতীত্ব হেৰুৱাই উপাৰ্জন কৰা ধনেৰে বিলাস কৰে অসমীয়া ছাত্ৰীয়ে৷
বাহিৰৰ স্পাত চলি থকা পৰিস্থিতিয়েই এতিয়া গুৱাহাটীতো সৃষ্টি হৈছে৷ ধনৰ লোভত সতীত্ব হেৰুৱাইছে অসমৰ কুমলীয়া ছাত্ৰীয়ে৷
পঢ়িবলৈ আহি গুৱাহাটীত যুৱতীয়ে কৰিছে দেহৰ বেহা
