আমাৰ খুৰাই তামোল নেপেলালে

মিনিষ্টাৰ নিজৰ ঠাইত মিনিষ্টাৰ, কিন্তু আমাৰ পাচলি বেপাৰী খুৰাদেৱো কম নহয়
মিনিষ্টাৰ আহিল বুলিয়ে চূণে-চাধাই পাগত উঠা তামোলখন কিয় পেলাব?
কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান অসমলৈ আহিছিল৷ কাজিৰঙাৰ কাষৰীয়া খটখটীৰ বজাৰতো ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰী৷ তেতিয়া শিৱৰাজ সিং চৌহানক বজাৰৰ এজন অসমীয়া বেপাৰীয়ে নমস্কাৰ জনাই আদৰি নিলে৷ দেখিলেই গম পায়- পাচলি বেপাৰী দদাইদেউ স্মাৰ্ট মানুহ৷
কিন্তু মন্ত্ৰীৰ আগমনৰ সময়ত চূণে-চাধাই তামোল এখন পকতিয়াই আছিল দদাইদেৱে৷ মন্ত্ৰী তেওঁৰ দোকান পালেগৈ৷ তথাপি দদাইদেৱে তামোলখন নেপেলালে৷ মন্ত্ৰীৰ উপস্থিতিত পিককণ সাউতকৈ গিলি থোৱাৰো কথা নাভাবিলে দদাইদেৱে৷
শিৱৰাজ সিঙে তিঁয়হৰ দাম সুধিলে৷ তামোলখন পকতিয়ায়েই দদাইদেৱে ক’লে- তিছ ৰূপীয়া৷ মিনিষ্টাৰে নিজে বাছি সতেজ তিঁয়হ ১ কেজি কিনিলে৷ দদাইদেউক দামো দিলে৷
কিন্তু উপস্থিত লোকৰহে চিন্তা হ’ল- দদাইদেউৰ মুখৰ পৰা তামোলৰ পিক ছিটিকি মন্ত্ৰীৰ চোলাত পৰে বুলি৷
অৱশ্যে দদাইদেউৰ ভুল নহ’ল৷ তামোলৰ পিকৰ ফুল মন্ত্ৰীৰ গাত পৰিবলৈ তেওঁ নিদিলে৷ তথাপি মিনিষ্টাৰক গুৰুত্বই নিদিলে অসমৰ দদাইদেৱে৷ দেখুৱাই দিলে অসমীয়াৰ তামোলপ্ৰেম৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial