তোক ধ্বংস কৰি দিম
তাৰ পিছৰখিনি আমি আপোনালোকক শুনাব নোৱাৰোঁ
এই নৰাধমৰ মুখেৰেই শুনক এষাৰ জঘন্য কথা
কি কৰিবি তই
পথতে মুকলিকৈ অসমীয়া কিশোৰীক নিৰ্যাতনৰ হুংকাৰ দিলে ট্ৰাক ড্ৰাইভাৰে৷ সকলোৰে সন্মুখতে যুৱতীগৰাকীক শাৰিৰীক নিগ্ৰহ কৰিব বুলি কৈ দিলে উদণ্ড চালকে৷ অসমীয়া যুৱতীক শাৰিৰীক আতিশয্যৰ ভাবুকি দি দম্ভালি মাৰি গুচি গ’ল অসৎ ট্ৰাক ড্ৰাইভাৰ৷
আমি লাভ কৰা খবৰ অনুসৰি বাকছাৰ গাড়ীচালকজনে পথতে অসমীয়া কিশোৰীক জোকাইছিল৷ সেয়ে সেই নৰাধমক উভতি ধৰিছিল দুই যুৱতীয়ে৷ কিন্তু তথাপি দম্ভালি নকমিল পাষণ্ড চালকৰ৷
অসমীয়া যুৱতীক অসমৰ পথতে জনচক্ষুৰ সন্মুখত পাষণ্ডই অপদস্থ কৰিলে৷ বাৰম্বাৰ দিলে শাৰিৰীক নিৰ্যাতন হুংকাৰ৷ নৰাধম ট্ৰাক ড্ৰাইভাৰে খিলঞ্জীয়া যুৱতীক ইমানেই বেয়া ভাষাৰে গালি পাৰিলে যে সেয়া আমি আপোনালোকক শুনাবই নোৱাৰোঁ৷
যুৱতী দুগৰাকীয়ে কৰা অভিযোগ অনুসৰি পাষণ্ড ড্ৰাইভাৰ হৈছে মিঞা৷ লোকজনৰ বিৰুদ্ধে আছে আতিশয্যৰ পুৰণি অভিযোগ৷ কিন্তু আগতে জে’ল খটাৰ পিছতো যে সেই লম্পটৰ লক্ষ্য অসমীয়া যুৱতী সেয়া উগ্ৰতাই দেখুৱাই দিলে৷
তদুপৰি পথত অসমীয়া যুৱতী অসুৰক্ষিত বুলিও প্ৰমাণ কৰিলে সেই ঘটনাই৷ AS-28 AC 1867 নম্বৰৰ মিনি ট্ৰাকখন এতিয়াও লম্পট ড্ৰাইভাৰেই চলাই আছে৷ অসমীয়া যুৱতীক নিগ্ৰহৰ ভাবুকি দিয়াৰ পিছতো বাকছাৰ পথত ঘূৰি ফুৰিছে লম্পট ড্ৰাইভাৰ৷ কিন্তু সুযোগ পালেই যে পাষণ্ড ড্ৰাইভাৰে অসমীয়া যুৱতীক লক্ষ্য কৰি ল’ব সেয়া অৱধাৰিত৷ গতিকে ভয় হৈছে স্থানীয় যুৱতীৰ৷
অসমীয়া যুৱতীক পথতে ভাবুকি
