স্বয়ম্ভু শংকৰী পণ্ডিত ইছমাইলে মহিলাক দিলে বেশ্যা নাম

সেইটো আছিল অপাৰেশ্যন সিন্দূৰ, এইটো হৈছে অপাৰেশ্যন এন্দূৰ
কথাটো হ’ল
ইছমাইল হোছেইনক মছজিদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে
নিজকে শংকৰী সাধক বুলি গণ্য কৰা ইছমাইল হোছেইনে এগৰাকী মহিলাক জাৰজ আৰু পতিতা বুলি গালি পাৰিছিল৷ মতৰ অমিল হ’লেই মহিলাক বেশ্যা আৰু পুৰুষক জাৰজ বুলি গালি পৰাটো স্বয়ম্ভু শংকৰী পণ্ডিত ইছমাইলৰ অভ্যাসেই৷ কিন্তু এইবাৰ বুঢ়াৰ হাতত চেঙেলী পৰিল৷
মুখেশ্বৰ ইছমাইলৰ মুখৰ লগত সকলোৱে যুঁজিব নোৱাৰে৷ কিন্তু ইছমাইলে পতিতা বুলি কোৱা উৰ্মিমালা দত্ত নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে মঙলদৈ থানাত প্ৰমাণসহ এজাহাৰ দাখিল কৰিলে৷ স্বঘোষিত পণ্ডিত ইছমাইলক সেই গোচৰৰ ভিত্তিত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল৷
কিন্তু এই বিষয়টোৱে কেবাটাও দিশৰ অৱতাৰণা কৰিছে৷ বিষয়টো হৈছে কোন শুদ্ধ বা ভুল সেয়া আইন-আদালতে নিৰূপণ কৰিব৷ কিন্তু প্ৰিন্স অৱ ৱেলছৰ দৰে মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানৰ শিক্ষক ইছমাইলে নিজে বিচাৰক হৈ মহিলাগৰাকীক পতিতা আৰু পতিতালয়ৰ কৰ্মচাৰী বুলি কোৱাটো কিমানদূৰ উচিত?
অৱশ্যে ইছমাইলে এইবাৰেই প্ৰথম অসভ্য মন্তব্য কৰা নাই৷ দেউতাকক সাঙুৰী অশ্লীল মন্তব্য কৰাটো ফে’চসবুকত প্ৰফেছৰ ইছমাইলৰ অভ্যাসতে পৰিণত হৈছে৷ অসমীয়া সংস্কৃতিৰ অভিভাৱক হ’বলৈ যোৱা ইছমাইলৰ মুখাৰ আঁৰৰ মুখখনো অশ্লীল কথাই উদঙাই দিছে৷
বিহুৰ পৰা ভাওনালৈ সৰ্বত্ৰ বিশাৰদ হ’বলৈ যোৱা ইছমাইলে সামাজিক মাধ্যমতো সংযম ৰক্ষা উচিত বুলি নাভাবে৷ নিজকে অসমীয়া সংস্কৃতিৰ সৰ্বোৎকৃষ্ট বিশাৰদ হ’বলৈ যোৱা লোকজনে ব্যক্তিবিশেষৰ আশীৰ্বাদত বহুদিন উদ্ধতালি কৰিলে৷ এইবাৰ কিন্তু জালত পৰিল ইছমাইল৷
আনক জাৰজ বুলি কোৱা ইছমাইলৰ ভাষা সদায়েই নিকৃষ্ট৷ আনক জাৰজ বুলি গালি পৰা ইছমাইলে কিছুদিন পূৰ্বে শিক্ষানুষ্ঠানতে প্ৰাণ কাঢ়িছিল এডাল সৰীসৃপৰ৷ সমাজ সচেতন নাগৰিকৰ ভাও জুৰি ফুৰা ইছমাইল এতিয়া বন্দী৷ অৱশ্যে থানাতো চলি আছে ইছমাইলৰ বিশেষজ্ঞ হোৱাৰ নাটক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial