ব্ৰহ্ম’জে খুন্দা মৰা স্থানৰ পৰা উঠাই নিলে সেনাৰ কাৰ্যালয়

মুখেৰে ওফাইদাং মাৰিছে৷ একেসময়তে ভাৰতৰ ভয়ত পলাইছে পাকিস্তানী সেনা৷ ব্ৰহ্ম’জ মিছাইলে ধ্বংস কৰা সেনাৰ হেড কোৱাৰ্টাৰ ইছলামাবাদলৈ স্থানান্তৰিত কৰিবলৈ সিদ্ধান্ত লৈছে পাকিস্তানৰ সেনাধ্যক্ষ আছিম মুনীৰে৷ ৰাৱালপিণ্ডিৰ পৰা ভাৰতৰ ভয়ত পাকিস্তানী সেনাই পলাই পত্ৰং দিছে৷
অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতৰ ব্ৰহ্ম’জ মিছাইলে ৰাৱালপিণ্ডিস্থিত সেনাৰ মুখ্য কাৰ্যালয়ত খুন্দা মাৰিছিল৷ নূৰ খান চহৰত থকা বায়ুসেনাৰ ঘাটী ধ্বংস কৰি দিছিল ভাৰতৰ ড্ৰ’ন বোমাই৷ ফলত পাকিস্তানৰ কেবাখনো ফাইটাৰ জেট তাতে ভস্ম হৈ গৈছিল৷ সেই ক্ষতিৰ পৰিমাণ কেবাশ কোটি টকা বুলি পাকিস্তানৰ সংবাদ মাধ্যমে স্বীকাৰ কৰিছে৷
এবাৰ আক্ৰমণৰ পিছত আকৌ ভাৰতে একেঠাইতে মিছাইল নিক্ষেপ কৰে বুলি ভয়ত বিতত হৈ পৰিছে পাকিস্তান৷ সেয়ে ৰাৱালপিণ্ডিৰ চাকালাৰ পৰা সেনাৰ মুখ্য কাৰ্যালয় উঠাই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ দেশখনৰ সেনাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ চহৰ ৰাৱালপিণ্ডিৰ পৰা হেড কোৱাৰ্টাৰ আন ঠাইলে স্থানান্তৰ কৰিবলৈ চৰকাৰে অনুমতি দিছে৷
পাকিস্তানী সেনাৰ গোপন কাৰ্যাৱলীৰ বিষয়ে ভাৰতে উমান পোৱাৰ সন্দেহ কৰিছে দেশখনে৷ সেয়ে ততালিকে ৰাৱালপিণ্ডিৰ পৰা সেনা বাহিনীৰ হেড কোৱাৰ্টাৰ স্থানান্তৰ কৰিবলৈ ওলাইছে সামৰিক বাহিনীয়ে৷ জেনেৰেল আছিম মুনীৰৰ নিৰ্দেশক্ৰমে গোপন স্থানলৈ নিয়া হৈছে সকলো ফাইল৷ কিন্তু খবৰ মতে ইছলামাবাদলৈ নিয়া হৈছে সেনা শিবিৰৰ তথ্য৷
পূৰ্বে ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়তো ভাৰতীয় সেনাই ৰাৱালপিণ্ডিত থকা সামৰিক বাহিনীৰ কাৰ্যালয়ত কিন্তু আক্ৰমণ কৰা নাছিল৷ এইবাৰ পিছে হেড কোৱাৰ্টাৰৰ কাষৰে নূৰ খান ছাউনীত খুন্দা মাৰিলে ব্ৰহ্ম’জে৷ যিটো পাকিস্তানৰ বাবে হৈ পৰিল বিপজ্জনক৷
পাকিস্তানত ৰাজধানী ইছলামাবাদৰ তুলনাতো সেনা শিবিৰৰ বাবে ৰাৱালপিণ্ডিৰ গুৰুত্ব অধিক বুলি বিবেচনা কৰা হয়৷ একমাত্ৰ ভাৰতৰ ভয়তে চহৰখনৰ পৰা সেনাই হেড কোৱাৰ্টাৰ উঠাই গোপন স্থানলৈ নিয়াটোৱে পাকিস্তানী সেনাৰ ক্ষতিৰ সংকেত দিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial