পঞ্চায়ত গঠনৰ কুচকাৱাজৰ সমান্তৰালকৈ চলিছে ৱাৰ্ড সদস্যৰ হৰ্ছ ট্ৰেডিং৷ শিৱসাগৰৰ ম’ৰাবজাৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত দেওৰজা গাঁও পঞ্চায়তত এতিয়া বিজেপি দলৰ হৈ ৱাৰ্ড সদস্যৰ হৰ্ছ ট্ৰেডিঙত নামি পৰিছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক৷
সম্প্ৰতি ভাইৰেল হৈ পৰা এটা ফোনকলৰ পৰা এই হৰ্ছ ট্ৰেডিঙৰ ঘটনা পোহৰলৈ আহিছে৷ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেওৰজা গাঁও পঞ্চায়ত কোনো এটা দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে৷ পঞ্চায়তখনৰ ১০ টা ৱাৰ্ডৰ তিনিটাত বিজেপি সমৰ্থিত, তিনিটাত কংগ্ৰেছ সমৰ্থিত, তিনিটাত ৰাইজৰ দলৰ সমৰ্থিত আৰু এটাত অগপ দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷
ফলত এতিয়া পঞ্চায়ত গঠনৰ বাবে প্ৰতিটো দলকে আন দলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে৷ এনে সময়তে বিজেপি দলৰ পঞ্চায়ত গঠনৰ বাবে জনৈক গোবিন দত্ত নামৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে ৰাইজৰ দলৰ সমৰ্থনত জয়লাভ কৰা এগৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থন বিচাৰি কৰা ফোনকলে ব্যাপক চৰ্চা লাভ কৰিছে৷
ভাইৰেল হৈ পৰা ফোনকলটোত নিজকে সন্দিকৈ গাঁও এল পি স্কুলৰ শিক্ষক আৰু বিজেপিৰ চাৰিং মণ্ডলৰ পূৰ্বৰ কোষাধ্যক্ষ বুলি পৰিচয় দিয়া লোকজনে এগৰাকী ৱাৰ্ড সদস্যক বিজেপি দলত যোগ দিয়াৰ বাবে প্ৰলোভন দিয়াৰ কথা স্পষ্ট হৈছে৷
শিক্ষকজনে নৱনিৰ্বাচিত ৱাৰ্ড সদস্যগৰাকীক ৰাইজৰ দলৰ আৰু দুজন ৱাৰ্ড সদস্যক বিজেপিত যোগ দিবলৈ কবলৈ আহ্বান জনাইছে৷ বিনিময়ত আগন্তুক পাঁচ বছৰত শান্তিৰে কাম কৰিব পাৰিব বুলি প্ৰতিশ্ৰুতি দিছে শিক্ষকজনে৷
আনহাতে শিক্ষকজনে ম’ৰাবজাৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য, বিজেপিৰ ৰেবিকা সন্দিকৈকো ঘনিষ্ঠ বুলি অভিহিত কৰিছে৷
বাহিৰৰ পৰা সমৰ্থন দিলে নহ’ব, বিজেপিত যোগ দিব লাগিব বুলিও শিক্ষকগৰাকীয়ে ৱাৰ্ড সদস্যগৰাকীক নিৰ্দেশ দিছে৷ চৰকাৰী স্কুলৰ শিক্ষকে এইদৰে চলাইছে হৰ্ছ ট্ৰেডিঙৰ ৰাজনীতি৷
চৰকাৰী স্কুলৰ মাষ্টৰে কৰিছে দালালি
