বলীউডৰ প্ৰযোজকে নিৰ্মাণ কৰিব অসমীয়া চিনেমা৷ জেকী ভাগনানীয়ে বিগ বাজেটৰ চিনেমাখন প্ৰযোজনা কৰিব৷ যিখন হ’ব ইতিহাসৰ ভিতৰতে সবাতোকৈ ব্যয়বহুল অসমীয়া চলচ্চিত্ৰ৷ প্ৰায় ৮০ কোটি টকা বাজেটেৰে চিনেমাখন নিৰ্মাণ কৰা হ’ব৷ অভিনেত্ৰী ৰাকুলপ্ৰীত সিঙেও সেইখন চিনেমাত অতিথি শিল্পী হিচাপে ভূমুকি মাৰিব৷
অসমীয়া চিনেমা উদ্যোগৰ উত্থানৰ বাবে মাতৃৰ নিৰ্দেশ অনুসৰি সিদ্ধান্ত লৈছে জেকী ভাগনানীয়ে৷ বলীউজৰ নামজ্বলা প্ৰযোজকজনৰ মাকৰ অসমৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক৷ জেকীৰ মাতৃ পূজা ভাগনানীয়ে যোৰহাটৰ হেমলতা সন্দিকৈ মেম’ৰিয়েল বিদ্যালয়ত অধ্যয়ন কৰিছিল৷
সেয়ে অসমৰ প্ৰতি এতিয়াও পূজা ভাগনানীৰ আছে আন্তৰিকতা৷ যোৰহাটতে শৈশৱ অতিবাহিত কৰা পূজা ভাগনানীয়ে প্ৰতি ছমাহৰ অন্তৰালত কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ সেয়ে ঘনাই অসমলৈ আহে তেওঁৰ পুত্ৰ জেকী৷ শেহতীয়াকৈ নৱপৰিণীতা পত্নী ৰাকুলপ্ৰীত সিঙৰ সৈতেও জেকীয়ে কামাখ্যা দৰ্শন কৰিছিল৷
তেতিয়াই জেকীয়ে দিছিল অসমীয়া চিনেমা নিৰ্মাণৰ প্ৰতিশ্ৰুতি৷ এইবাৰ জেকীয়ে পৰিকল্পনা নিশ্চিত কৰিছে৷ সেইসূত্ৰে অসমৰ কেবাগৰাকী অভিনেতাৰ সৈতে মুম্বাইৰ পৰা জেকীৰ প্ৰডাকশ্যন হাউছে কৰিছে যোগাযোগ৷ অৱশ্যে কেবাগৰাকী অভিনেতীৰ সৈতে এতিয়াও যোগাযোগ স্থাপন হোৱা নাই৷
কিন্তু চিনেমাখনত জেকীৰ অভিনেত্ৰী পত্নী ৰাকুলপ্ৰীতে অতিথি শিল্পী হিচাপে ভূমুকি মৰাটো নিশ্চিত হৈছে৷ ৮০ কোটিটকীয়া চিনেমাখনে অসমীয়া ছবি উদ্যোগক দিব পাৰে নৱ জীৱন৷
৮০ কোটি টকাৰে নিৰ্মাণ কৰিব অসমীয়া চিনেমা
