আসন্ন সংকটৰ বিষয়ে এতিয়াহে বুজি পাইছে পাকিস্তানে৷ যুদ্ধবিৰতিৰ লগতে ভাৰতে সিন্ধু নৈৰ বিষয়তো পূৰ্বৰ কঠোৰতা ত্যাগ কৰিব বুলি আশাবাদী দেশখনে দিছে আলোচনাৰ প্ৰস্তাৱ৷ সম্প্ৰতি পাকিস্তানে চৰকাৰী পৰ্যায়ত জল বিনিময় চুক্তিৰ বিষয়ে বৈঠকৰ প্ৰস্তাৱ দিছে৷ দেশখনৰ জলসম্পদ সচিব ছঈদ আলি মুস্তাফাই বাতিল হোৱা সন্ধিৰ চৰ্তাৱলীৰ প্ৰসংগত আলোচনাৰ বাবে ব্যক্ত কৰিছে ইচ্ছা৷ কিন্তু বিগত সময়তে ভাৰতে সিন্ধু জল চুক্তিৰ দফা আধুনিকীৰণৰ বাবে পাকিস্তানক প্ৰস্তাৱ দিছিল৷
২০২৩ চনৰ জানুৱাৰীত দিল্লীয়ে এই বিষয়ত বৈঠকৰ বাবে প্ৰকাশ কৰিছিল ইচ্ছা৷ ১৯৬০ চনতে স্বাক্ষৰিত চুক্তিৰ নিয়মাৱলী সাম্প্ৰতিক প্ৰেক্ষাপটত পুৰণি হৈ পৰিছে৷ সেয়ে আধুনিকীকৰণৰ প্ৰয়োজন আছে বুলি ভাৰতে পূৰ্বেই ব্যক্ত কৰিছিল৷ কিন্তু সিন্ধু জল চুক্তিৰ জৰিয়তে তিনিখন নদীৰ জলত অধিকাৰ স্যবস্ত কৰা পাকিস্তানে চিঠিৰ উত্তৰেই দিয়া নাছিল৷
পিছে শেহতীয়াকৈ চৰকাৰে এই চুক্তি খাৰিজ কৰাৰ ফলতহে সম্বিত ফিৰাই পাইছে পাকিস্তানে৷ প্ৰসংগক্ৰমে উল্লেখনীয় যে যিকোনো পুৰণি চুক্তিকে আন্তৰ্দেশীয়ভাৱে আধুনিকীকৰণ কৰা হয়, যাৰ বাবে অটুট থাকে প্ৰাসংগিকতা৷ কিন্তু সিন্ধু জল চুক্তিৰ দিশত ৬৫ বছৰ পুৰণি নিয়মাৱলীয়েই বাহাল হৈ আছিল৷ বৰ্তমান ভাৰতৰ কঠোৰতাৰ বাবে নেগুৰ পেলোৱা পাকিস্তানৰ অনুৰোধ নাকচ কৰিছে এছ জয়শংকৰে৷ বিদেশ মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি পাকিস্তানৰ সংশোধন নোহোৱালৈ সিন্ধু জল চুক্তি বন্ধ হৈয়েই থাকিব৷ এই বিষয়ত ভাৰতে দেশখনৰ সৈতে আলোচনা কৰাটো প্ৰয়োজনীয় বুলি নাভাবে৷
আনহাতে শত্ৰুৰ বন্ধুক শত্ৰু হিচাপে গণ্য কৰিছে ভাৰতে৷ সেয়ে তুৰস্কৰ সৈতে ক্ৰমে হ্ৰাস কৰিছে সম্পৰ্ক৷ পাকিস্তানক অস্ত্ৰ আৰু ড্ৰ’ন যোগান ধৰি সহায় কৰা দেশখনৰে বাণিজ্যিক সম্বন্ধও ছেদ কৰিবলৈ চলোৱা হৈছে প্ৰস্তুতি৷ গতিকে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষতিৰ শংকাত তুৰস্কৰ চেলেবি গ্ৰাউণ্ড হেণ্ডলিং ইণ্ডিয়া লিমিটেড নামৰ সংস্থাটোক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে৷
তাৰ্কি চেলেবি এভিয়েশ্যন হ’ল্ডিঙৰ অধীনত পৰিচালিত প্ৰতিষ্ঠানটোক দেশৰ বন্দৰত নিয়োজিত কৰা হৈছিল৷ বিভিন্ন বিমানকোঠত এইটো সংস্থাৰ কৰ্মচাৰীয়েই গ্ৰাহকক সেৱা আগবঢ়াইছিল৷ কিন্তু পাকিস্তানৰ সৈতে তুৰস্কৰ বৰ্ধিত সম্পৰ্কৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে কঠোৰ সিদ্ধান্ত লৈছে৷ ততালিকে প্ৰত্যাহাৰ কৰা হৈছে প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ হানি হোৱাৰ শংকাত এই সিদ্ধান্ত গ্ৰহণৰ বিষয়ে চৰকাৰে সদৰী কৰিছে৷ একসময়তে জে এন ইউ আৰু ছত্ৰপতি ছাহু জী মহাৰাজ বিশ্ববিদ্যালয়েও তুৰস্কৰ শিক্ষানুষ্ঠানৰ সৈতে থকা বুজাবুজি চুক্তি বাতিল কৰিছে৷ অনুৰূপ সিদ্ধান্ত আজি সদৰী কৰিছে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে৷ সৰ্বোপৰি তুৰস্কৰ পৰা আপেলৰ আমদানিও সীমিত কৰিছে কেন্দ্ৰীয় চৰকাৰে৷
পৰমাণু অস্ত্ৰভাণ্ডাৰ সন্ত্ৰাসবাদীৰ হাতত পৰাৰ আশংকা আছে৷ পাকিস্তানৰ আণৱিক অস্ত্ৰ অসুৰক্ষিত৷ সেয়ে এই সন্দৰ্ভত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাজনাথ সিঙে৷ অপাৰেশ্যন সিন্দূৰৰ শেষাৰ্ধত যে পাকিস্তানে পৰমাণু আক্ৰমণৰো চেষ্টা চলাইছিল সেয়াই প্ৰায় প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে আশংকা ব্যক্ত কৰিছে৷ উত্তেজনাৰ পিছত প্ৰথমবাৰলৈ কাশ্মীৰ ভ্ৰমণ কৰা ৰাজনাথ সিঙে পোনতেই পৰমাণু শক্তিৰ প্ৰসংগহে অৱতাৰণা কৰিছে৷
সেনাৰ শক্তিৰ পৰ্যৱেক্ষণৰ পিছত তেওঁ শ্ৰীনগৰৰ বাদামী বাঘ কেণ্টনমেণ্টত পদাধিকাৰীসকলক সম্বোধন কৰে৷ প্ৰসংগক্ৰমে ৰাজনাথ সিঙে কয় যে পাকিস্তানৰ অৰাজকতা বিশ্বৰ চকুত পৰিছে৷ গতিকে দেশখনত থকা পৰমাণু অস্ত্ৰ যিকোনো সময়তে অপশক্তিৰ হাতত পৰাৰো আশংকা আছে৷ সেয়ে তৎমুহূৰ্ততে আন্ত:ৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থাই বিষয়টোত হস্তক্ষেপ কৰাৰ দৰকাৰ আছে৷ এই প্ৰসংগই কিন্তু থিতাতে পাকিস্তানৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ গতিকে পৰমাণু অস্ত্ৰভাণ্ডাৰ আন্ত:ৰাষ্ট্ৰীয় পক্ষই নিৰীক্ষণ কৰাৰ দৰকাৰ নাই বুলি প্ৰকাশ কৰিছে দেশখনে৷ আজি শ্ৰীনগৰত সৈনিকক সম্বোধন কৰা ৰাজনাথ সিঙে আওৰালে অমিতাভ বচ্চনৰ সংলাপ৷ কালিয়া চিনেমাত অমিতাভে কোৱাৰ দৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’লে- পাকিস্তান য’ত আৰম্ভ হৈছে, তাৰ পৰাই ভিক্ষাৰীৰ লাইন লাগিছে৷
আনহাতে কৰ্নেল ছ’ফিয়া কুৰেছীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰা বিজেপি নেতাক তিৰস্কাৰ কৰিছে ছুপ্ৰিম ক’ৰ্টে৷ মধ্যপ্ৰদেশৰ মন্ত্ৰীজনক অশ্লীল ভাষাৰ বাবে ন্যায়ালয়ে সাৱধান কৰি দিছে৷ উচ্চ ন্যায়ালয়ে গোচৰ তৰিবলৈ মধ্যপ্ৰদেশ আৰক্ষীক দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই মন্ত্ৰী বিজয় শ্বাহ সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হৈছিল৷ কিন্তু তেওঁৰ উদ্দেশ্য সিদ্ধি নহ’ল৷ লগতে তিৰস্কাৰো হজম কৰিবলগীয়া হ’ল মন্ত্ৰীজনে৷ ছুপ্ৰিম ক’ৰ্টে কয় যে দায়িত্বশীল পদত অধিষ্ঠিত লোকসকলে দায়িত্বসহকাৰে কথা কোৱা উচিত৷
ভাৰতীয় সেনাৰ কৰ্নেল ছ’ফিয়া কুৰেছীক সন্ত্ৰাসবাদীৰ সহোদৰা বুলি কোৱা বিজয় শ্বাহৰ আবেদনৰ শুনানী গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ বি আৰ গাৱাই আৰু এজি মাছিয়ে৷ খণ্ডপীঠে শুনানীৰ সময়ত কয় যে সাংবিধানিক পদত অধিষ্ঠিত পদাধিকাৰীৰ বক্তব্য গুৰুত্বৰে গ্ৰহণ কৰা হয়৷ গতিকে তেওঁলোকো কথা কোৱাত সাৱধান হ’ব লাগিব৷ আনহাতে হাইক’ৰ্টৰ গোচৰ তৰাৰ নিৰ্দেশতো তাৎক্ষণিকভাৱে হস্তক্ষেপ নকৰিবলৈ সিদ্ধান্ত লৈছে ছুপ্ৰিম ক’ৰ্টে৷ গতিকে এই বিষয়ত নিৰাশ হ’ল মধ্যপ্ৰদেশৰ মন্ত্ৰীজন৷ লগতে বৰ্তমান বিজয় শ্বাহৰ সৈতে দূৰত্ব বজাই ৰাখিছে বিজেপিয়ে৷ তেওঁৰ মন্তব্য দলীয় ভাষ্য নহয় বুলি বিজেপি নেতৃত্বই অভিহিত কৰিছে৷
উত্তেজনাৰ সময়ত অপাৰেশ্যন কেল্লাৰত প্ৰাণ হেৰুৱাইছে জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে৷ তথ্য অনুসৰি এনকাউণ্টাৰৰ প্ৰাকক্ষণত ভিডিঅ’ কলিঙত জেহাদীক আত্মসমৰ্পণৰো আহ্বান জনাইছিল মাকে৷
বোপাই তুমি উভতি আহা বুলি হতভগীয়া মাতৃয়ে পুত্ৰক মাতিছিল৷ কিন্তু জেহাদৰ শিক্ষাই ব্ৰেইন ৱাছ কৰা পুত্ৰই মাকৰ অনুৰোধ নুশুনিলে৷ গৰ্ভজাত সন্তানৰ গুলীবিদ্ধ মৃতদেহ চাবলৈ অনিচ্ছুক মাতৃয়ে কাতৰ কণ্ঠেৰে আত্মসমৰ্পণ কৰিবলৈ জনালে আহ্বান৷
সৰ্বশেষত এই চেষ্টা বিফল হ’ল৷ সেয়ে গৰজি উঠিল সেনাৰ একে-৪৭ আৰু এছল্ট ৰাইফল৷ সন্মিলিত বাহিনীয়ে কাশ্মীৰৰ ট্ৰালত সকলো দিশৰ পৰা ঘেৰি ধৰাৰ পূৰ্বে জইছ-ই-মহম্মদৰ তিনি সন্ত্ৰাসবাদীক দিছিল আত্মসমৰ্পণৰ সুযোগ৷ সেনাৰ শেনচকুত নজৰবন্দী হৈ থকা জেহাদী আমীৰ নাজিৰ ৱানিয়ে তেতিয়াই মাতৃৰ সৈতে ভিডিঅ’ কলিং কৰিছিল৷ চক্ৰবেহুত আবদ্ধ হৈ থকা পুত্ৰক মাতৃয়ে আত্মসমৰ্পণ কৰিবলৈ জনাইছিল অনুৰোধ৷ তেতিয়া ভনীয়েকেও ককায়েকৰ সৈতে কথা পাতিছিল৷ আমীৰে ভিডিঅ’ কলত সতীৰ্থ আছিফ আহমেদ শ্বেখৰ ভগ্নীৰ সৈতেও বাৰ্তালাপ কৰিছিল৷ সেই সময়তো জেহাদীয়ে হাতত লৈ আছিল একে-৪৭ ৰাইফল৷ কিন্তু আত্মসমৰ্পণৰ বাবে ইচ্ছা নকৰা আমীৰ নাজিৰ ৱানি, আছিফ আহমেদ শ্বেখ আৰু য়ৱাৰ আহমেদ ভাটক গুলীৰে থকা-সৰকা কৰি পেলাবলৈ সেনা বাধ্য হ’ল৷ ট্ৰালৰ গোপন স্থানত বাহৰ পাতি থকা তিনি সন্ত্ৰাসবাদীৰ জীৱন মুহূৰ্ততে হৈ গ’ল শেষ৷
সিন্ধুত ভেটা মাৰি কৈ দিলে ভাৰতে
