পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত আছে অসমৰো অৱদান৷ শত্ৰুদেশক বাৰম্বাৰ আঘাত হনা ব্ৰহ্ম’জ নামৰ ক্ষেপণাস্ত্ৰৰ সৈতে আছে ব্ৰহ্মপুত্ৰৰ সংযোগ৷ ভাৰত আৰু ৰাছিয়াৰ সহযোগিতাত নিৰ্মিত মিছাইলটোৰ নামকৰণ কৰা হৈছিল ব্ৰহ্মপুত্ৰ আৰু মস্কোভা নদীৰ নামেৰে৷
ব্ৰহ্ম’জৰ নামকৰণ কৰিছিল ভূতপূৰ্ব ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে৷ তেওঁ তেতিয়াই ব্ৰহ্মপুত্ৰক দেশৰ একমাত্ৰ নদ অৰ্থাৎ পুৰুষ নদী হিচাপে অভিহিত কৰিছিল৷ সেয়ে শক্তিশালী মিছাই©বিধৰ নামত সংযোজন কৰিছিল ব্ৰহ্মপুত্ৰৰ নাম৷
ভাৰতৰ DRDO আৰু ৰাছিয়াৰ মজিনছষ্ট্ৰ’জেনিয়াৰ যৌথ সহযোগিতাৰে এইবিধ মিছাইল তৈয়াৰ কৰা হৈছিল৷ যাৰ আঘাতত পাকিস্তানৰ হৈছিল সৰ্বনাশ৷ ব্ৰহ্ম’জৰ শক্তি বৰ্তমান স্বীকাৰ কৰিছে কেবাখনো দেশে৷ সেয়ে ১৭ খন দেশে ব্ৰহ্ম’জ ক্ৰয়ৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে৷
কেবাখনো দেশৰ বাবে ব্ৰহ্ম’জ নিৰ্মাণ আৰম্ভ কৰিছে DRDOৰ বিজ্ঞানীয়ে৷ কিন্তু এই মিছাইলটোৰ সৈতে প্ৰত্যক্ষভাৱে সংযোজিত হৈ আছে অসমৰ নাম৷ ব্ৰহ্মপুত্ৰৰ নামেৰে আৰম্ভ হোৱা ব্ৰহ্ম’জ হৈ পৰিছে ভাৰতীয় সেনাৰ পাশুপাত অস্ত্ৰ৷
যাৰ দ্বাৰা শত্ৰুৰ অস্ত্ৰভাণ্ডাৰত আক্ৰমণ কৰিছে ভাৰতীয় সেনাই৷ এই মিছাইলবিধৰ জৰিয়তে সহজে সেনাই নিৰ্ধাৰিত লক্ষ্যত আক্ৰমণ কৰাটো সহজ হৈ পৰিছে৷ গতিকে ব্ৰহ্ম’জৰ বাঢ়িছে চাহিদা৷
ব্ৰহ্মপুত্ৰৰ নামেৰে নিৰ্মিত মিছাইলে ধ্বংস কৰিলে পাকিস্তান
