খেলা দেখুৱাই দিলে বিজেপি সভাপতিয়ে

ঢেকীয়াপতিয়া বাঘৰ দৰে আক্ৰমণ কৰিলে দিলীপ শইকীয়াই৷ দুখোজ পিছুৱাই মাৰিলে প্ৰচণ্ড জাঁপ৷ নলবাৰীত উঠা খং মাৰেই নগ’ল দিলীপ শইকীয়াৰ৷ পহিলা ব’হাগতে নলবাৰীত খং উঠিছিল দিলীপ শইকীয়াৰ৷ কাৰ্যালয়ত সোমাবলৈ নিদিয়া মিণ্টু তামুলী নামৰ পালিনেতাজনক বিহু দেখুৱাই দিছিল প্ৰদেশ বিজেপি সভাপতিয়ে৷ মুখ্যমন্ত্ৰীয়েও দিলীপৰ খং দেখি তাপ মাৰিছিল৷ মনে মনে ৰূমৰ পৰা ওলাই গৈছিল ডয়ন্ত মল্লবৰুৱা৷ কিন্তু পিছলৈ ঘটনাক্ৰম জটিল হৈ পৰিল৷ দিলীপ শইকীয়াই খং উঠি যোৱাৰ বাবে ক্ষমাও খুজিলে৷ পিছে সহজ হৈ নাথাকিল ঘটনাক্ৰম৷ নলবাৰীৰ বিজেপি পালিনেতা মিণ্টু তামুলীয়ে দিলীপ শইকীয়াকে চেলেইঞ্জ কৰি দিলে৷ ইমান অপমানৰ পিছতো তেওঁ পদত বাহাল থাকিল৷ কিন্তু শেষত প্ৰতিশোধ ল’লে দিলীপ শইকীয়াই৷ কৈশোৰ কালৰে পৰা ABVP কৰি আজিৰ পৰ্যায়ত উপনীত হোৱা দিলীপ শইকীয়াই অপসাৰণ কৰিলে মিণ্টু তামুলীক৷ জয়ন্ত মল্লবৰুৱাৰ ঘনিষ্ঠ মিণ্টুক দিলীপে খেদি দিলে৷
নলবাৰীৰ বাঁহজানী মণ্ডলত নতু সভাপতি নিযুক্তি দিয়া হ’ল৷ মিণ্টু তামুলীক অপসাৰণ কৰিলে দিলীপ শইকীয়াই৷ তেওঁৰ ঠাইত সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে চপলা মেধিক৷ দীৰ্ঘদিনে দলটোৰ সৈতে জড়িত চপলা মেধিক দিলীপ শইকীয়াই বিশ্বাস কৰিছে৷ গতিকে প্ৰদা

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial