IPL বৰ্তমানলৈ অনুষ্ঠিত হৈছে ৫৫ খনকৈ মেচ৷ ইতিমধ্যে প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হৈছে তিনিটা দল৷ শীৰ্ষ চাৰিটা স্থানৰ বাবে যুঁজ অব্যাহত ৰাখিছে ৭টা দলে৷ চেন্নাই ছুপাৰ কিংছ, ৰাজস্থান ৰয়েল্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ প্লে’অফত প্ৰৱেশৰ দৌৰৰ পৰা বাহিৰ হৈছে৷
এতিয়ালৈ কোনো দলেই প্লে’অফত নিজৰ স্থান নিশ্চিত কৰিব পৰা নাই৷ অৱশ্যে প্লে’অফক বাদ দি চলিত আই পি এলত বাকী আছে মাত্ৰ ১৫ খন মেচ৷ তথাপি নিশ্চিত নহয় পইণ্ট টেবল৷ লীগ পৰ্যায়ৰ শীৰ্ষত থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১১ খন খেল খেলি ১৬ পইণ্ট লাভ কৰিছে৷
সমান মেচ খেলি দ্বিতীয় আৰু তৃতীয় স্থানত আছে পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ান্ছ৷ গুজৰাট টাইটান্ছেও পাইছে ১৪ পইণ্ট৷
তেনেস্থলত চাৰিওটা দলৰ প্লে’অফলৈ যোৱাৰ সম্ভাৱনা অধিক৷ ইয়াৰ মাজতে আকৌ দিল্লী কেপিটেল্ছ, কলকাতা নাইট্ ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও প্লে’অফত প্ৰৱেশৰ বাবে অব্যাহত ৰাখিছে যুঁজ৷ এই তিনিটা দলৰ ভিতৰত দিল্লীৰ অৱস্থা সুস্থিৰ৷
১১ খন মেচত ১৩ পইণ্ট লাভ কৰিছে দলটোৱে৷ দলটোৰ তিনিখন মেচ বাকী আছে৷ ফলত দিল্লীয়ে ১৯ পইণ্ট লাভ কৰাৰ সুযোগ আছে৷ কলকাতাই সৰ্বাধিক ১৭ পইণ্ট লাভ কৰিব পাৰে৷
১৬ পইণ্টতকৈ অধিক লাভ কৰাটো লক্ষ্ণৌৰ বাবে সম্ভৱ নহয়৷ ইতিমধ্যে শীৰ্ষ চাৰিটা দলৰ ভিতৰত বেংগালুৰুৱে ১৬ পইণ্ট লাভ কৰিছে৷ আজি গুজৰাট বা মুম্বাইৰ হ’ব ১৬ পইণ্ট৷ যদিহে এখন মেচত জয়ী হয় তেন্তে ১৭ পইণ্টত উপনীত হ’ব পঞ্জাবে৷
এই দলসমূহে ১৬ পইণ্ট অতিক্ৰম কৰিলে লক্ষ্ণৌৰ প্লে’অফৰ পথ ৰুদ্ধ হৈ পৰিব৷ দিল্লী আৰু কলকাতাই সকলো মেচত জয়লাভ কৰি আন দলৰ ফলাফললৈও অপেক্ষা কৰিব লাগিব৷ গতিকে এতিয়ালৈ অনিশ্চিত হৈ আছে প্লে’অফৰ দৃশ্যপট৷
আৰু খেলিবলৈ নাপাব নেকি ৰিয়ানে
