বিৰাটকো যাবলৈ নিদিয়ে ব’ৰ্ডে

অৱসৰ ল’লেও A+ গ্ৰেডত বাহাল থাকিব বিৰাট কোহলি আৰু ৰোহিত শৰ্মা৷ বি চি চি আইৰ বাৰ্ষিক কেন্দ্ৰীয় চুক্তিৰ পৰা তেওঁলোক বাহিৰ নহয়৷
বি চি চি আইৰ নিয়ম অনুসৰি এদিনীয়া, টেষ্ট আৰু টি-২০ তিনিওটা ফৰৰ্মেট খেলিলেহে খেলুৱৈ অন্তৰ্ভুক্ত হয় A+ গ্ৰেডত৷ ইতিমধ্যে নিয়ম ভংগ কৰি টি-২০ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো বি চি চি আয়ে A+ প্ৰদান কৰিছে বিৰাট-ৰোহিতক৷
এইখিনিলৈকে সকলো ঠিকেই আছিল৷ কিন্তু শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কেন্দ্ৰীয় বাৰ্ষিক চুক্তি সন্দৰ্ভত বি চি চি আইৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপিত হ’ল৷
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই প্ৰকাশ কৰা মতে টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো কোহলি আৰু ৰোহিতৰ A+ চুক্তি অব্যাহত থাকিব৷ কাৰণ বিৰাট আৰু ৰোহিত এতিয়াও ভাৰতীয় ক্ৰিকেটৰ অংশ৷
গতিকে A+ গ্ৰেডত লাভ কৰা সকলো সা-সুবিধা লাভ কৰিব৷ তেওঁলোকক ব’ৰ্ডে বঞ্চিত নকৰে৷ কাৰণ এই সময়ছোৱা হৈছে দুয়োৰে খেলুৱৈ জীৱনৰ অন্তিম কাল৷
শেহতীয়াকৈ এসপ্তাহৰ ভিতৰতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় লৈছে৷ একেদৰে টি-২০ বিশ্বকাপত জয়লাভ কৰি দুয়োজনে ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷
আনহাতে, ২১ এপ্ৰিলত কেন্দ্ৰীয় চুক্তি ঘোষণা কৰিছিল বিচিচিআয়ে৷ কোহলি আৰু ৰোহিতৰ বাহিৰে যশপ্ৰীত বুমৰাই আৰু ৰবীন্দ্ৰ জাদেজাই লাভ কৰিছিল A+ গ্ৰেড৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial