পাকিস্তানক আক্ৰমণৰ কলকাতাত প্ৰতিবাদ

সন্ত্ৰাসবাদীৰ বাবে সাধাৰণ নাগৰিকক কৰিব নোৱাৰিব হাৰাশাস্তি৷ পাকিস্তানক সিন্ধু নৈৰ পানী দিবই লাগিব ভাৰতে৷ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰিব ভাৰতে৷ এই দাবী তুলিছে পশ্চিমবংগৰ ছাত্ৰ সংগঠনে৷ ভাৰত চৰকাৰে ১৯৬০ চনৰ সিন্ধু জল বিনিময় চুক্তি বাতিল কৰাটো অনৈতিক বুলি তেওঁলোকে অভিযোগ তুলিছে৷ পাকিস্তানৰ মুছলমান নাগৰিকৰ প্ৰতি সহানুভূতি ব্যক্ত কৰি কলকাতাত মিছিল উলিয়াইছে ছাত্ৰসকলে৷ তেওঁলোকে পাকিস্তানলৈ সিন্ধু নদীৰ জলপ্ৰবাহ বন্ধ নকৰিবলৈ আহ্বান জনাইছে চৰকাৰক৷ প্ৰতিবাদী ছাত্ৰসকলৰ মতে পহলগামৰ ঘটনাৰ সৈতে পাকিস্তানৰ সাধাৰণ জনতাৰ সম্পৰ্ক নাই৷ সেয়ে সন্ত্ৰাসবাদীৰ দুষ্কাৰ্যৰ বাবে তেওঁলোকক কষ্ট দিয়াটো ভুল৷ পাকিস্তানলৈ সিন্ধু নৈৰ জলপ্ৰবাহ বন্ধ কৰাৰ ফলত অনাগত সময়ত সাধাৰণ মুছলমান নাগৰিকে দুৰ্ভোগ ভুগিব লাগিব৷ গতিকে এই কথা মানি লোৱা নহ’ব৷ ভাৰত চৰকাৰে সিন্ধু জল বিনিময় চুক্তি বাহাল ৰাখিবই লাগিব বুলি প্ৰতিবাদীয়ে দাবী তুলিছে৷ কলকাতাত সমদল উলিয়াই তেওঁলোকে জল বিনিময় চুক্তি বাহাল ৰাখিবলৈ আন্দোলনৰো ঘোষণা কৰিছে৷ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক নথকা পাকিস্তানীক কষ্ট দিবলৈ কাৰো অধিকাৰ নাই বুলি দাবী কৰিছে প্ৰতিবাদী ছাত্ৰই৷ বাওঁপন্থী ছাত্ৰসকলৰ মতে দৰিদ্ৰ পাকিস্তানক আক্ৰমণৰ দৰে ভুল সিদ্ধান্ত ভাৰতে পুনৰ গ্ৰহণ কৰিব নালাগে৷ অৰ্থাৎ পাকিস্তানক ৰেহাই দিয়াৰ দাবী তুলিছে বাওঁপন্থী ছাত্ৰই৷
তেওঁলোকে ভাৰতীয় মুছলমানৰ দৰেই পাকিস্তানী নাগৰিকৰ প্ৰতিও সদয় হ’বলৈ চৰকাৰক জনাইছে দাবী৷ কেবাটাও সংগঠনে একত্ৰিত হৈ কৰা প্ৰতিবাদে আজি অচল কৰি পেলাইছে কলকাতা৷ পাকিস্তানলৈ সিন্ধু নৈৰ পানী ভৱিষ্যতে বন্ধ কৰাৰ বিৰোধী সংগঠনে আকৌ আন্দোলন ঘোষণা কৰিছে৷
তেওঁলোকৰ মতে সিন্ধু নৈৰ সোঁত বন্ধ কৰিলে পাকিস্তানী জনতাই দুৰ্ভোগ ভুগিব লাগিব৷ গতিকে এই বিষয়ে চৰকাৰে গ্ৰহণ কৰিব নোৱাৰিব কোনো ব্যৱস্থা৷ অন্যথা জংগী আন্দোলন কৰিব ছাত্ৰ সংগঠনে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial