নাচিবলৈ অনুমতি নাপায় চিয়াৰ লিডাৰে

আকৌ আৰম্ভ হ’লেও সেমেকা পৰিৱেশত হ’ব IPL৷ উত্তেজনাময় টি-২০ মেচত আকৌ কঁকাল বাঙি নৃত্য কৰিবলৈ অনুমতি দিয়া নহয় বগী সুন্দৰীক৷
এই পৰিৱেশত মনোৰঞ্জন অবিহনে আই পি এলৰ অৱশিষ্ট মেচ আয়োজনৰ অনুৰোধ জনাইছিল সুনীল গাভাস্কাৰে৷ অৱশেষত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সেই কথা মানি ল’বলৈ সাজু হৈছে৷ শেহতীয়া খবৰ অনুসৰি বাকী থকা আই পি এল মেচবোৰ চিয়াৰ লিডাৰ আৰু ডিজে অবিহনে অনুষ্ঠিত হ’ব৷
ব’ৰ্ডৰ এজন বিষয়াই জনোৱা মতে, বাকী থকা মেচসমূহত চিয়াৰ লিডাৰ থকাৰ সম্ভাৱনা নাই৷ খেলৰ সময়ত সংগীত বজাই দৰ্শকক মনোৰঞ্জন নিদিয়ে ডিজেই৷ অৱশ্যে ফাইনেলত মনোৰঞ্জনৰ ব্যৱস্থা গ্ৰহণ কৰিব বি চি চি আয়ে৷
ব’ৰ্ডৰ লক্ষ্য এতিয়া আইপিএল সমাপ্ত কৰা৷ গতিকে দেশৰ এই পৰিৱেশত অতিৰিক্ত মনোৰঞ্জনেৰে মেচ আয়োজিত কৰিবলৈ বি চি চি আই ইচ্ছুক নহয়৷
গাভাস্কাৰে তেওঁ কৈছিল– বহু পৰিয়ালে ঘনিষ্ঠ আত্মীয়ক হেৰুৱাইছে৷ এনে পৰিস্থিতিত মই আশা কৰিছোঁ যে আই পি এলত কোনো অতিৰিক্ত মনোৰঞ্জনৰ ব্যৱস্থা নাথাকে৷ মাত্ৰ খেল উপভোগ কৰক ক্ৰিকেট অনুৰাগীয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial