খৰচ কৰিবলগীয়া নহ’ল বিহু কমিটীয়ে

ধাৰ বিচাৰিলে নিদিয়ে, তথাপি পইচা আছে বিহু কমিটীৰ সম্পাদকৰ হাতত৷ চৰকাৰে বাতিল কৰি দিয়াৰ আগলৈ বিহুমেলা পাতিবলৈ গোটাই আছিল ধন-বিত৷ কিন্তু সেইবোৰ খৰচ কৰিবলগীয়া নহ’ল৷ গতিকে বাচি গ’ল বিহু কমিটীৰ পইচা৷ গায়ককো এডভান্সৰ বাদে এটকাও দিবলগীয়া নহ’ল৷ কিছু ধন অৱশ্যে মণ্ডপৰ বাবে খৰচ হ’ল৷
সেয়ে বৰ্তমান ধনী হৈ আছে অসমৰ বিহু কমিটীৰ সভাপতি-সম্পাদক৷ বিশাল আয়োজনেৰে পতা বিহু সন্মিলনবোৰ আগতীয়াকৈ অনুষ্ঠিত হৈছে৷ কিন্তু গ্ৰামাঞ্চলত এতিয়াও চলিয়েই আছিল বিহু৷ তদুপৰি কেবাখনো বিহু কমিটীয়ে ব’হাগতে সন্মিলন পতাৰ আভুৱা ভাৰি চৰকাৰৰ পৰা ডেৰলাখ টকাও আদায় কৰিছিল৷ লগতে গাঁৱত তুলিছিল চান্দা৷
সম্প্ৰতি চৰকাৰী নিৰ্দেশমতে বিহু বাতিল হৈ যোৱাৰ ফলত তেওঁলোকক একো ক’বও নোৱাৰা হৈছে ৰাইজে৷ যিহেতু চৰকাৰেই পাতিবলৈ দিয়া নাই সেয়ে গায়ক-গায়িকাৰো ৰঙাচকুৰ সন্মুখীন হোৱা নাই বিহু কমিটীৰ বিষয়ববীয়া৷
গতিকে পকেট গধুৰ হৈ আছে সভাপতি-সম্পাদকৰ৷ মণ্ডপৰ বাবে আদায় দিয়া এডভান্সৰ বাদে বাকী ধন খৰচ নকৰাকৈয়ে ফাণ্ডতে ৰৈ গৈছে৷ অনুদান দিয়াসকলেও ওভতাই বিচাৰিব পৰা নাই ধন৷
অৱশ্যে মধ্যমশ্ৰেণীৰ শিল্পীসকল বিপদত পৰিছে৷ কাৰণ এতিয়া তেওঁলোকৰ বাবে চলি আছিল দুপইচা উপাৰ্জন কৰাৰ বতৰ৷ কিন্তু চৰকাৰে বিহুমেলা বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকৰ উপাৰ্জনো বন্ধ হৈ গ’ল৷ সেয়ে অখ্যাত গায়ক-গায়িকাৰহে হৈছে বিপদ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial