মুছলমান যুৱতীয়ে কিয় ক’ব অপাৰেশ্যন সিন্দূৰৰ কথা?
কৰ্নেল ছ’ফিয়া কুৰেছীক বিজেপিৰ অপমান
অপাৰেশ্যন সিন্দূৰৰ বিষয়ে ঘোষণা কৰিছিল ভাৰতীয় সেনাৰ কৰ্নেল ছ’ফিয়া কুৰেছীয়ে৷ পাকিস্তানত ভাৰতীয় সেনাই চলোৱা ধ্বংসলীলাৰ বিষয়ে জনোৱাৰ দায়িত্ব ছ’ফিয়াক প্ৰদান কৰা হৈছিল৷ কৰ্নেল ছ’ফিয়াৰ জৰিয়তে ধৰ্মনিৰপেক্ষতাৰ বিষয়ে বিশ্বক বাৰ্তা দিছিল ভাৰতীয় সেনাই৷
কিন্তু বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে ছ’ফিয়া কুৰেছীৰ ধৰ্মক লৈ প্ৰশ্ন অৱতাৰণা কৰিছে৷ যি ইছলামিক সন্ত্ৰাসবাদীয়ে হিন্দু মহিলাৰ শিৰৰ সেন্দূৰ মচিছিল সেইটো ধৰ্মৰে ছ’ফিয়াক কিয় সুযোগ দিয়া হ’ল বুলি প্ৰশ্ন কৰিছে বিজয় শ্বাহ নামৰ মন্ত্ৰীজনে৷ তেওঁ প্ৰসংগক্ৰমে ছ’ফিয়াক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰিলে৷
মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী তথা ৮ বাৰৰ সাংসদজনৰ মতে ভাৰতীয় সেনাই ভুল কৰিলে৷ কিয়নো পহলগামত নৰমেধ কৰা মুছলমান সন্ত্ৰাসবাদীৰ দৰে ছ’ফিয়ায়ো ইছলামিক নিয়মেই অনুসৰণ কৰে৷ সেয়ে ছ’ফিয়া কুৰেছীক অপাৰেশ্যন সিন্দূৰৰ বিষয়ে বৰ্ণনা কৰাৰ বাবে দায়িত্ব প্ৰদানৰ বিৰোধিতা কৰিছে মন্ত্ৰী বিজয় শ্বাহে৷
তেওঁ আনকি ভাৰতীয় সেনাৰ অভিযানৰো ভুল ধৰিছে৷ বৰ্তমান সেনা বাহিনীৰ পৰা সকলো মুছলমানক আঁতৰাই পেলাব লাগে বুলি অভিহিত কৰিছে বিজেপি চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে৷
কট্টৰ হিন্দুত্ববাদী বিজয় শ্বাহে এই কথাৰে অপমান কৰিলে ভাৰতীয় সেনা বাহিনীক৷ তেওঁ হিন্দু-মুছলমান বিভাজিত কৰি সেনা বাহিনীক সমালোচনা কৰিলে৷ তথাপি বিজয় শ্বাহৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই ব্যৱস্থা৷ তেওঁ এতিয়ালৈ হৈ আছে মধ্যপ্ৰদেশৰ মন্ত্ৰী৷
সামৰিক বাহিনীক অপমান হিন্দুত্ববাদী মন্ত্ৰীৰ
