ভেঁকুৰ উঠিল আচাৰ বনাবলৈ কটা ভোট জলকীয়াত

ৰজস্বলা মহিলাৰো ইমান ঠেঁহ নালাগে অ’
যিমান অসমৰ বতৰৰ ঠেঁহ লাগে
মুড ছুইং কেৱল ঋতুমতী মহিলাৰে নহয়, অসমৰ বতৰৰো হয়৷ সেয়ে আগমুহূতৰ্লৈ টিকাফটা ৰ’দৰ পিছতে হৈছে বৰষুণ৷ ৰাইজে লেপ-কম্বল বাকচত ভৰাই ফেনবোৰ চাফা কৰিছিলহে৷ আচাৰ বনাবলৈ কাটিও থৈছিল ভোট জলকীয়া৷
তেনেতে ৰজস্বলা মহিলাৰ দৰে অসমৰ বতৰৰ মুড ছুইং হ’ল৷ হঠাতে আকাশ হৈ পৰিল গোমা৷ ৰজস্বলা প্ৰেয়সীয়ে আচম্বিতে খোৱাৰ চখ বদলাই প্ৰেমিকক হাৰাশাস্তি কৰে৷ সেইদৰে অসমৰ বতৰেও জুৰুলা কৰিলে ৰাইজক৷ পেৰাত সুমুওৱা কম্বল এদিনৰ বাবে হ’লেও উলিয়াবলৈ কৰিলে বাধ্য৷
আচাৰ বনাবলৈ কাটি থোৱা ৬০০ টকীয়া কেজিৰ বিহ জলকীয়াও গেলি গ’ল৷ ৰ’দ নাপাই নেমুৰ আচাৰত ভেঁকুৰ উঠিল৷ ঋতুমতী গাভৰুৰ অভিমান ভাঙিবলৈ প্ৰেমিক আছে, কিন্তু বতৰৰনো আছে কোন? সেয়ে লাগিলে ঠেঁহ নাভাঙে৷
তাৰেই পৰিণাম ভোগ কৰিলে গুৱাহাটীয়াই৷ মুড ছুইং হোৱা বতৰে কলহৰ কাণে ঢলাৰ ফলত গুৱাহাটী উটি গ’ল৷ ডিব্ৰুগড়তো পানী হ’লেই৷ বানৰ আৰম্ভণি কৰি বতৰৰ মুড ছুইঙে নগুৰ-নাকতি কৰিলে ৰাইজক৷
ৰজস্বলা বতৰৰ মুড ছুইঙৰ কথা ধৰিবই নোৱাৰিলে কোনেও৷ অভিমান ভাঙিবলৈয়ো বতৰে কাকো নিদিলে সুযোগ৷ ঋতুমতী প্ৰেয়সীৰ দৰে খং বৰষি থিতাতে উটুৱাই দিলে গুৱাহাটী৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial