কাৰো ফোন ৰিচিভ নকৰে অহংকাৰী গৌৰৱে!

গৰ্ব পৰ্বতত বহি আছে গৌৰৱ গগৈ
অহংকাৰে মূৰত ধৰিছে গৌৰৱৰ
গৌৰৱ গগৈয়ে ভুলতো ফোন নধৰে
দলৰ নেতাই সহায় বিচাৰি ফোন কৰি কৰি ভাগৰি যায়, কিন্তু গৌৰৱে ৰিচিভ নকৰে৷ যোৰহাট সমষ্টিত ছমাহৰ ভিতৰতে গৌৰৱৰ প্ৰতি জনতাৰ আকৰ্ষণ নোহোৱা হোৱাৰ এইটোৱেই একমাত্ৰ কাৰণ৷ আগতে বিজয়কৃষ্ণ সন্দিকৈ যেনেদৰে জনবিচ্ছিন্ন আছিল, সেইদৰেই গৌৰৱৰো সাধাৰণ ৰাইজৰ সৈতে সম্পৰ্ক নাই৷
অহংকাৰৰ গজদন্ত মিনাৰত উঠি গৌৰৱ গগৈয়ে ৰাইজক অৱহেলা কৰিছে৷ লখৰাত পাতি লোৱা কংগ্ৰেছৰ কাৰ্যালয়কে অসমৰ ৰাজীৱ ভৱন বুলি ভাবিবলৈ লৈছে গৌৰৱে৷ একমাত্ৰ তেওঁৰ জনসংযোগহীনতাৰ বাবে যোৰহাটত কংগ্ৰেছ হৈ পৰিছে বিধ্বস্ত৷ বিগত লোকসভা নিৰ্বাচনত যোৰহটীয়াৰ বাবে নয়নৰ মণি হৈ পৰা গৌৰৱক কেৱল কংগ্ৰেছ কৰ্মীয়েই জিকোৱা নাছিল৷ তেওঁক ভোট দিয়া লোকসকলৰ ভিতৰত আছিল বিজেপি কৰ্মীও৷
বিজেপি নেতাসকলৰ দম্ভালি নাশ কৰিবলৈ সকলোৱে মিলি গৌৰৱ গগৈক জিকাইছিল৷ বিজেপি নেতৃত্বক থেকেচা মাৰি দিছিল যোৰহটীয়া ভোটাৰে৷ তথাপি যেন ৰাইজৰ আস্থা এতিয়ালৈ গৌৰৱে অটুট ৰাখিব নোৱাৰিলে৷ এজন সাংসদ হিচাপে সমষ্টিবাসীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো গৌৰৱৰ দায়িত্ব৷ কিন্তু কেতিয়াও তেওঁৰ সৈতে কোনেও ফোনত যোগাযোগ কৰিব নোৱাৰে৷ ৰাজহুৱা ফোন নম্বৰটোত ফোন কৰিলে গৌৰৱে কেতিয়াও সঁহাৰি নজনায়৷
সাংসদৰ পৰিৱৰ্তে ৰজাৰ দৰে আচৰণ কৰিবলৈ লোৱা গৌৰৱে কেৱল সংসদত হিন্দী-ইংৰাজীত সলসলীয়া ভাষণ দিয়াৰ দক্ষতাৰ USPৰেই চিৰদিনলৈ জয়ী হোৱাৰ আশা কৰিছিল৷ সেয়ে তেওঁ উপেক্ষা কৰিছিল যোৰহটীয়া ভোটাৰক৷ কিন্তু এইবাৰেই ৰাইজে থেকেচা মাৰি দিলে গৌৰৱক৷ ফোন নধৰা নেতাক নিমাতীঘাটলৈ নি ব্ৰহ্মপুত্ৰত উছৰ্গা কৰিলে ভোটাৰে৷
গৰ্ব পৰ্বতত বহি থকা গৌৰৱে পূৰ্বৰ বিজয়কৃষ্ণ সন্দিকৈৰ দৰেই সামন্তবাদী ৰাজনীতি কৰিবলৈ ধৰিছে৷ কিন্তু ততালিকে তেওঁক ৱাৰ্নিং দি দিছে যোৰহটীয়া ভোটাৰে৷ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক মষিমূৰ কৰি জনতাই গৌৰৱক জনাইছে
লোকসভা নিৰ্বাচনত তেওঁ আছিল মাত্ৰ এটা বিকল্পহে
যোৰহাটৰ বাবে স্থায়ী নেতা নহয়
দেউতাক তৰুণ গগৈয়ে দীৰ্ঘকালে প্ৰতিনিধিত্ব কৰা মৰিয়নিতো গৌৰৱে এইবাৰ একোৱেই কৰিব নোৱাৰিলে৷ কেৱল দিল্লী-দিছপুৰ কৰি থাকোতেই মৰিয়নি গেৰুৱা হৈ গ’ল৷ অৱশ্যে ভুলৰ পৰা গৌৰৱে কি শিকিলে সেয়াহে গুৰুত্বপূৰ্ণ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial