চীনৰ পৰীক্ষাগাৰ হৈ পৰিছে পাকিস্তান৷ মিত্ৰতাৰ ছলেৰে ইছলামাবাদো বেইজিঙে দখল কৰিছে৷ ভাৰতৰ বিৰুদ্ধে জেহাদী কাৰ্যাৱলী দ্ৰুত কৰিবলৈ পাকিস্তানক বাধ্য কৰিছে চীনদেশে৷ সেইবাবেই আঞ্চলিক উত্তেজনা তুংগত উঠিছে৷
পাকিস্তানৰ ছদ্মবেশত যে চীনেহে ভাৰত আক্ৰমণ কৰিছে সেয়া হৈ পৰিছে স্পষ্ট৷ যুদ্ধাস্ত্ৰ নিৰ্মাণ কৰিবলৈ চীনে ব্যয় কৰা ধন উছুল কৰিবলৈ পাকিস্তানক ব্যৱহাৰ কৰিছে৷ সেয়ে ততালিকে দ্বিপাক্ষিক বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে আমেৰিকা৷
কালিপৰ্যন্ত মাৰ্কিন প্ৰশাসনে ভাৰত-পাকিস্তানৰ অভ্যন্তৰীণ কন্দলত আমাৰ কৰিবলগীয়া একোৱেই নাই বুলি অভিহিত কৰিছিল৷ কিন্তু এছিয়াৰ অস্ত্ৰৰ বজাৰ চীনে দখল কৰাৰ শংকাত তাৎক্ষণিকভাৱে মধ্যস্থতা কৰিবলৈ মাৰ্কিন প্ৰশাসন বাধ্য হৈ পৰিল৷
যেতিয়াই চীনে পাকিস্তানক অস্ত্ৰৰে সহায় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়াই ট্ৰাম্পে দ্বিপাক্ষিক বিষয়ত হস্তক্ষেপ কৰিলে৷ একমাত্ৰ সেইটো কাৰণতে আমেৰিকা আকৌ হৈ পৰিল বিশ্বশান্তিৰ মুখপাত্ৰ৷ যেতিয়াৰ পৰা ভাৰত-পাকিস্তানৰ উত্তেজনাই যুদ্ধৰ ৰূপ পৰিগ্ৰহ কৰিলে তেতিয়াই আশ্বৰ্যকৰভাৱে চীনৰ এ ভি আই চি চেংদাউ এভিয়েশ্যনৰ শ্বেয়াৰৰ দাম ৪০ শতাংশপৰ্যন্ত বৃদ্ধি পালে৷
ষ্টক একচেঞ্জত আচৰিতভাৱে বাঢ়িল চীনা ফাইটাৰ জেট নিৰ্মাতা প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ দৰ৷ কিন্তু ফ্ৰান্সৰ ডাছাঁউ এভিয়েশ্যনকে ধৰি সকলো প্ৰতিষ্ঠানৰ শ্বেয়াৰ দাম হ্ৰাস পালে৷ সৰ্বোপৰি এই কেইদিনতে অস্ত্ৰ বিক্ৰী কৰি চীনৰ ৰাষ্ট্ৰায়ত্ত সকলো অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানী লাভৱান হ’ল৷ পাকিস্তানে ব্যৱহাৰ কৰি থকা সকলো যুদ্ধাস্ত্ৰ যে চীনৰ সহযোগিতাতে নিৰ্মাণ কৰা সেই কথাটোৰে উমান পালে ট্ৰাম্পে৷ বজাৰত লোকচান হোৱাৰ আশংকাতে তেওঁ ততালিকে আগবঢ়ালে মধ্যস্থতাৰ প্ৰস্তাৱ৷ গতিকে হ’ল যুদ্ধবিৰতি৷
মিছাইলবোৰ পৰীক্ষা কৰি চালে ৰঙাচীনে
