প্ৰিয় সংগীৰ সৈতে বিচ্ছেদক জীৱনৰ সবাতোকৈ ডাঙৰ ঘটনা বুলি গণ্য কৰে ভাৰতীয় মহিলাই পিছে আফ্ৰিকাৰ কথা বেলেগ কৃষ্ণাংগ মানুহৰ মহাদেশখনৰ এখন দেশত বিবাহ বিচ্ছেদ হোৱা মহিলাৰ আছে বিশেষ সন্মান বিচ্ছেদিত নাৰীক দেশখনত অধিক মৰ্যাদা দিয়া হয৷ আফ্ৰিকাৰ মৰু ৰাষ্ট্ৰ মৰিটানিয়াত বিচ্ছেদিত মহিলাক দিয়া হয় দেৱীৰ মৰ্যাদা দেশখনৰ বিবাহিত মহিলাসকলে বিবাহ বিচ্ছেদ কৰিবলৈ কোনো শংকাবোধ নকৰে বৰং আনন্দ অনুভৱ কৰে তেওঁলোকে আচৰিতভাৱে বিবাহ বিচ্ছেদৰ পিছত তেওঁলোকৰ পুনৰ বিবাহৰ যোগ্যতা বাঢ়ি যায় বিবাহ বিচ্ছেদৰ পিছত মৰিটানিয়ানাৰ নাৰীসকলে প্ৰধানতঃ বিভিন্ন ব্যৱসায় আৰম্ভ কৰে বিশেষকৈ মৰিটানিয়াৰত আছে বিখ্যাত Divorced Women Market অৰ্থাৎ বিচ্ছেদিত মহিলাৰ বজাৰ এই বজাৰতে বিচ্ছেদিত মহিলাই ব্যৱসায় আৰম্ভ কৰে বিচ্ছেদিত মহিলাৰ মতে মৰিটানিয়াত এগৰাকী অবিবাহিতা যুৱতীৰ যিমান বিবাহ প্ৰত্যাশী আছে, তাতকৈ বিচ্ছেদিত মহিলাৰ প্ৰণয়প্ৰাৰ্থীৰ সংখ্যা অধিক অৰ্থাৎ বিচ্ছেদৰ পিছত মহিলাসকলৰ বিবাহৰ কদৰ বাঢ়ি যায় জনবিশ্বাস অনুসৰি বিবাহ বিচ্ছেদৰ পিছত মৰিটানিয়াৰ মহিলাসকল বেছি ধুনীয়া আৰু অধিক কৰ্মক্ষম হৈ পৰে সেয়ে মৰিটানিয়াত বিবাহ বিচ্ছেদক বিবাহৰ তুলনাতো অধিক আনন্দময় বুলি গণ্য কৰে মহিলাসকলে