তৰুণ গগৈৰ সতীৰ্থসকলৰ কি খবৰ!

দেউতাকহে গঢ়ি থৈ যোৱা সাম্ৰাজ্যখন বাহাল ৰাখিব নোৱাৰিলে এজনো পুত্ৰই
মন কৰিবচোন, অসমৰ ৰাজনীতিত পূৰ্বে দপদপাই থকা কংগ্ৰেছী মন্ত্ৰীৰ এজনো পুত্ৰ বৰ্তমান সফল হোৱা নাই৷ সফলতা বিচাৰি তেওঁলোকে ডলাৰ বগৰীৰ দৰে দল সলনি কৰিহে ফুৰিছে৷
তৰুণ গগৈৰ আমোলতে প্ৰবল প্ৰতাপী আছিল অকণ বৰা৷ সেই নেতাজনৰ পুত্ৰ বৰ্তমান বিজেপিৰ আলহী নেতা৷ ছমাহ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত সোমাল যদিও একো ৰাজনৈতিক সংস্থাপন তেওঁ পোৱা নাই৷
ডিগবৈ সমষ্টিত ৰামেশ্বৰ ধানোৱাৰ আছিল কাৰ্যত: অপ্ৰতিদ্বন্দ্বী৷ তেওঁ প্ৰচাৰ নকৰাকৈয়ে নিৰ্বাচনত জিকিছিল৷ কিন্তু ধানোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ধানোৱাৰে এতিয়ালৈ এটাও নিৰ্বাচন জিকিবই পৰা নাই৷ আপ অসমত কথমপিহে তেওঁ বৰ্তি আছে৷
শৰৎ বৰকটকীৰ পুত্ৰ অনুজো ৰাজনৈতিকভাৱে অসফল৷ তেৱোঁ বিজেপিৰ গুৰুত্বহীন নেতা৷ শিৱসাগৰৰ অবিসম্বাদী নেতা আছিল প্ৰণৱ গগৈ৷ তেওঁৰ পুত্ৰ মঞ্জিৰ গগৈৰো ৰাজনৈতিক স্থিতি নাই৷
ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত কোনোপধ্যে বিধায়ক হৈ আছে৷ চন্দন সৰকাৰৰ পুতেক প্ৰদীপো এইবাৰহে বিধায়ক হৈছে৷ তৰুণ গগৈৰ কাৰ্যকালত উজনিত প্ৰভাৱশালী আছিল হেমপ্ৰকাশ নাৰায়ণ৷ যি আছিল তেতিয়াৰ উচ্চশিক্ষা দপ্তৰৰ মন্ত্ৰী৷ সেই হেমপ্ৰকাশ নাৰায়ণৰে পুত্ৰ দিব্যপ্ৰকাশে বিজেপিৰ টিকটত জিলা পৰিষদৰ নিৰ্বাচন খেলিবলগীয়া হৈছে৷
আমগুৰিৰ অঞ্জন দত্তৰ কন্যা অংকিতায়ো ইতিমধ্যে ত্যাগ কৰিছে কংগ্ৰেছ৷ তেওঁ দেউতাকৰ দলত কন্দল লগাই বিজেপিত যোগ দিছে৷ অৱশ্যে মৈৰাবাৰীৰ নজৰুল ইছলামৰ পুত্ৰ আছিফ নাজাৰ দেউতাকৰ সমষ্টিৰ পৰাই বিধায়ক হৈ আছে৷
বৰাকৰ গৌতম ৰয় আছিল তৰুণ গগৈৰ বিশ্বাসী লেফটেনেণ্ট৷ কিন্তু গৌতম ৰয়ৰ পুত্ৰ ৰাহুলৰো ৰাজনৈতিক কেৰিয়াৰৰ অকাল পৰিসমাপ্তি ঘটিছে৷
পাহাৰত প্ৰভাৱশালী কংগ্ৰেছী নেতা হিচাপে জনাজাত আছিল গোবিন্দ চন্দ্ৰ লাংথাছা৷ তেওঁৰ ক্ষমতা থকা সময়তে পুত্ৰ পূৰ্ণেন্দু লাংথাছায়ো পাহাৰতে ক্ষমতা ভোগ কৰিলে৷ কিন্তু এতিয়া নাম-নিচান নোহোৱা হৈ পৰিল৷ একেদৰে ডিফুৰ প্ৰায় স্থায়ী সাংসদ আছিল বীৰেনছিং ইংতি৷ তেওঁৰ পুত্ৰ ক্লেংডুনো বোকাজানৰ পৰা এবাৰহে জিকিবলৈ সক্ষম হ’ল৷ বিজয়কৃষ্ণ সন্দিকৈৰ কন্যাকো উপেক্ষা কৰিলে ৰাজীৱ ভৱনে৷
পৃথ্বী মাঝি আৰু নুৰজামাল চৰকাৰৰ পুত্ৰ-কন্যাও ৰাজনীতিৰ অঘ্নিপৰীক্ষাত ফেইল হ’ল৷ দেউতাকৰ সাম্ৰাজ্যখন তেওঁলোকে চলাব নোৱাৰিলে৷ সমষ্টিবাসীয়ে প্ৰত্যাখ্যান কৰিলে প্ৰতাপী কংগ্ৰেছীৰ উত্তৰ পুৰুষক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial