কোটিপতি হোৱাৰ মন আছে যদি কৰক এইটো কাম

কোটিপতি হোৱাৰ ইচ্ছা আছে নেকি
যদি আছে তেন্তে এইটো বাতৰি চাওক
কাহিনীটো হৈছে উত্তৰ প্ৰদেশৰ মংগল সৰোজ নামৰ যুৱকজনৰ৷ অশিক্ষিত মংগলৰ নাই চাকৰি৷ কেতিয়াবা দেউতাকৰ সৈতে স্থানীয় প্লাইউড ফেক্টৰীত মংগলে কাম কৰে৷ কিন্তু তেওঁ ক্ৰিকেট ভাল পায়৷ সেয়ে ড্ৰীম ইলেভেন নামৰ এপটোৰ কথা মংগলে জানে৷
দেউতাকৰ সৈতে হাজিৰা কৰা মংগলে অলপতে ৩৯ টকাৰ জুৱা খেলিছিল৷ হাতত পইচা নাছিল৷ সেয়ে ড্ৰীম ইলেভেনত ৩৯ টকা খৰচ কৰি বাজী ধৰিছিল মংগলে৷
IPLৰ পঞ্জাব কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচখনত মংগলে বিনিয়োগ কৰিছিল ৩৯ টকা৷ মেচখনত চেন্নাই হাৰিব বুলি মংগলে ভৱিষ্যদ্বাণী কৰিছিল৷ ড্ৰীম ইলেভেনত কিন্তু বেছিভাগ লোকেই চেন্নাই জিকিবই বুলি অনুমান কৰিছিল৷ পিছে সকলোৰে বিৰোধিতা কৰি পঞ্জাবৰ বাবে ৩৯ টকা বিনিয়োগ কৰিছিল৷ বাজীৰ পৰিমাণ সেইদিনা ৪ কোটি টকালৈ বৃদ্ধি হৈছিল৷
কিন্তু মংগলৰ অনুমান সত্য প্ৰমাণিত হ’ল৷ ড্ৰীম ইলেভেনত ৩৯ টকা বিনিয়োগ কৰি তেওঁ উপাৰ্জন কৰিলে ৪ কোটি টকা৷
এৰাতিৰ ভিতৰতে কোটিপতি হৈ গ’ল উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ মংগল৷ ঘাঁছী ৰাম পুৰ্ৱা গাঁৱৰ যুৱকজনে এনিশাতে ঘটিলে ৪ কোটি টকা৷ কোটিপতি হ’বলৈ তেওঁ খৰচ কৰিলে মাত্ৰ ৩৯ টকা৷ ড্ৰীম ইলেভেনে তেওঁক চাৰি কোটি টকাৰ চেক লগে লগে আদায় দিলে৷
বৰ্তমান চৰকাৰক টেক্স দিয়াৰ পিছতো মংগল কোটিপতি৷ তেওঁৰ ঘৰলৈ সোঁত বৈছে টিভি চেনেলৰ ৰিপ’ৰ্টাৰৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial