শিক্ষাৰ্থীয়ে নহয়, বিদ্যালয়ত কাণত ধৰিলে প্ৰধান শিক্ষকে
কাণত ধৰি উঠা-বহা কৰিবলগীয়া হ’ল হেডমাষ্টৰে
অৱশ্যে ৰ’ব, ভুলকৈ নুবুজিব৷ প্ৰধান শিক্ষকজনে কোনো দোষণীয় কাম কৰা নাই৷ কিন্তু তেওঁৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিব পৰা নাই ভাল ৰিজাল্ট৷ সেয়ে জিলা শিক্ষা বিভাগে বিশেষ স্কুলখনৰ ছাত্ৰ-ছাত্ৰীক গেধা বুলি অভিহিত কৰিছে৷ স্কুলখনৰ শিক্ষকসকলক অযোগ্য বুলি ঘোষণা কৰিলে শিক্ষা সচিবে৷
অৱশ্যে বেয়া ফলাফলৰ বাবে সহকৰ্মীক দোষ দিব নিবিচাৰিলে হেড ছাৰে৷ তেওঁ নিজৰ মূৰতে সমস্ত দোষৰ বোজা জাপি ল’লে৷ হেড মাষ্টৰ হিচাপে নিজকে বিফল বুলি স্বীকাৰ কৰিলে শিক্ষকজনে৷
সেয়ে প্ৰাৰ্থনা সভাত নিজকে নিজে শাস্তি বিহিলে শিক্ষকজনে৷ তেওঁ সকলো শিক্ষাৰ্থীৰ সন্মুখতে কাণত ধৰিলে৷ কাণত ধৰি ১০০ বাৰ উঠা-বহা কৰিলে সেইজন হেড মাষ্টৰে৷ ছাত্ৰৰ সন্মুখতে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ আঁঠু কাঢ়িলে৷
বিশেষ বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থী পৰীক্ষাত ফেইল হৈছে৷ সেয়ে বিভাগীয়ভাৱে প্ৰধান শিক্ষৰৰ তিৰস্কাৰ কৰা হৈছিল৷ কিন্তু আনসকল শিক্ষকক তেওঁ দোষাৰোপ নকৰিলে৷
অৱশ্যে এইজন শিক্ষক অসমৰ নহয়৷ তেওঁ হৈছে অন্ধ্ৰপ্ৰদেশৰ চিন্তা ৰমণ৷ ভিজিয়ানগৰম জিলাৰ পেণ্টা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে চিন্তা ৰমণ বহুবছৰ নিয়োজিত হৈ আছে৷ কিন্তু এইবাৰ তেওঁ শিক্ষক হিচাপে হৈছে বিফল৷
তেওঁৰ কাৰ্যকালত বিদ্যালয়খনৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত ফেইল কৰিছে৷ সেয়ে প্ৰধান শিক্ষকে নিজকে নিজে শাস্তি বিহি শুধৰণিৰ শপত লৈছে৷
হেড ছাৰে কিয় আঁঠু কাঢ়িবলগীয়া হ’ল?
