এয়া যুদ্ধ বিৰামহে, যুদ্ধ অৱসান নহয়
ভাৰতে যুদ্ধৰ সমাপ্তি বিচৰা নাছিল
যুদ্ধত কাৰিকৰীভাৱে পৰাজিত পাকিস্তান
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ প্ৰাকক্ষণত পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেশ্যনছ অৰ্থাৎ DGMOই ভাৰতৰ DGMOলৈ ফোন কৰিছিল৷ তেতিয়া তেওঁ অস্ত্ৰবিৰতি ঘোষণা কৰিবলৈ অনুৰোধ জনাইছিল৷
সেই অনুৰোধ অনুসৰিহে ভাৰতীয় সেনাই অস্ত্ৰ সম্বৰণ কৰিছিল৷ এই যুদ্ধবিৰতিৰ বাবে ভাৰতে আহ্বান জনোৱা নাছিল৷ পাকিস্তানে কাবৌ-কোকালি কৰা বাবেহে ভাৰতে অস্ত্ৰ সম্বৰণ কৰিছে৷ সেয়ে বিদেশ বিভাগে জাৰি কৰা বিবৃতিত মধ্যস্থতাকাৰী হিচাপে নাম উল্লেখ কৰা নাই ড’নাল্ড ট্ৰাম্পৰ৷
কালি সন্ধ্যা ৫ বজাত যুদ্ধৱসানৰ পিছত পাকিস্তানী প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে যুদ্ধত পাকিস্তান বিজয়ী হোৱা বুলি দাবী কৰিছে৷ কিন্তু বাস্তৱৰ সৈতে পাকিস্তানৰ দাবীৰ সম্পৰ্ক নাই৷ কিয়নো পাকিস্তানৰ ইচ্ছাৰ বাবেহে ভাৰতে যুদ্ধবিৰতি ঘোষণা কৰিছে৷
এই যুদ্ধত অগ্ৰগতি লাভ কৰি থকাৰ পিছতো মোদীয়ে পাকিস্তানক দিছে ৱাক অভাৰ৷ কিন্তু এই সিদ্ধান্ত কিমানদূৰ শুদ্ধ প্ৰতিপন্ন হয় সেয়া ভৱিষ্যতেহে নিৰূপণ কৰিব৷ মাত্ৰ ৩ ঘণ্টাৰ ভিতৰতে পাকিস্তানে যুদ্ধ বিৰতি ভংগ কৰি আমেৰিকাকো শ’লঠেকত পেলাইছে৷ গতিকে অপাৰেশ্যন সিন্দূৰ 3.0 যে শীঘ্ৰে ঘোষিত নহ’ব তাৰো নিশ্চিতি নাই৷
কিন্তু যুদ্ধখনে উদঙাই দিছে পাকিস্তানৰ দুৰ্বলতা৷ অনাগত সময়ত এই দুৰ্বলতা ভাৰতৰ বাবে শক্তি হিচাপে স্বাভাৱিকতে পৰিগণিত হ’ব৷ তদুপৰি ১২ মে’ত দুয়োপক্ষ আলোচনাত মিলিত হ’ব৷ যদি কূটনৈতিক আলোচনা বিফল হয় তেন্তে আকৌ আৰম্ভ হ’ব যুদ্ধ৷
যুদ্ধবিৰতি ভাৰতে কৰা নাই, পাকিস্তানেহে কৰিছে
