মহম্মদ ঘোৰী হৈ শ্বেহবাজ শ্বৰীফে নিঃশেষ কৰিলে মোদীক

সাতবাৰ যুদ্ধত হৰুৱায়ো পৃথ্বীৰাজ চৌহানে এৰি দিছিল মহম্মদ ঘোৰীক৷ কিন্তু সেই ঘোৰীয়েই শেষ যুদ্ধত পৃথ্বীৰাজ চৌহানক হত্যা কৰিছিল৷
আধুনিক যুগতো একেটা ভুলেই কৰিছিল জৱাহৰলাল নেহৰুৱে৷ স্বাধীনতাৰ পিছত জৱাহৰলালৰ ৰাজনৈতিক পৰিক্ৰমা গৌৰৱময়েই আছিল৷ কিন্তু চীনক বিশ্বাস কৰাৰ বাবে গ্লানিময় গৈ পৰিছিল জৱাহৰলাল নেহৰুৰ জীৱন৷
আমেৰিকাক বিশ্বাস কৰি মোদীয়ে ভুল নে ভাল কৰিলে সেয়া সময়ে নিৰূপণ কৰিব৷ কিন্তু ট্ৰাম্পে দিয়া এক্স বাৰ্তাই কেবাটাও অৰ্থ বহন কৰিলে৷ পাকিস্তান অধিকৃত কাশ্মীৰ দখল কৰিবলৈ ৱাৰ হিষ্টিৰিয়াত আক্ৰান্ত অজস্ৰ নাগৰিকৰ হেঁপাহ তুংগত উঠাৰ সময়ত তেওঁ প্ৰথমে যুদ্ধবিৰামৰ বাবে দুয়োপক্ষকে অভিনন্দন জনালে৷
অপাৰেশ্যন সেন্দূৰৰ অৱসানৰ ঘোষণা কৰাৰ পিছতহে আৰম্ভ হ’ল আচল কুচকাৱাজ৷ তিনিঘণ্টাৰ ভিতৰতে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি দুজন ভাৰতীয় সৈনিকক হত্য়া কৰাৰ পিছতো আমেৰিকাৰ কিন্তু মাত নাই৷ ভাৰতেও উভতি ধৰা নাই পাকিস্তানক৷
সেইফালৰ পৰা চাবলৈ গ’লে যুদ্ধবিৰতিয়ে দেশক উপকৃত কৰা নাই৷ মহম্মদ ঘোৰীৰ দৰে শ্বেহবাজ শ্বৰীফেও নৰেন্দ্ৰ মোদীক নিঃশেষ কৰিবলৈয়েই যে পাং পাতিছে সেয়া স্পষ্ট হৈছে৷ এই যুদ্ধই হয়তো ইতি পেলাব মোদীৰ ৰাজনৈতিক জীৱনৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial